--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হনুমান চালিছা বিতৰ্ক এতিয়াও শাম কটা নাই মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ পৰা। এইবাৰ পুনৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ সৈতে সন্মুখ-সমৰত লিপ্ত হৈছে অমৰাৱতীৰ নিৰ্দলীয় সাংসদ নৱনীত ৰাণা। উদ্ধৱ থাকৰেৰ ঘৰৰ সন্মুখত হনুমান চালিছা পঢ়িম বুলি হুংকাৰ দি বিধায়ক পতি ৰবি ৰাণাৰ সৈতে গ্ৰেপ্তাৰ হোৱা নৱনীত ৰাণাই চৰকাৰৰ প্ৰতি তেওঁৰ বিষোদগাৰ বন্ধ কৰা নাই। মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই তেওঁক প্ৰত্যাহ্বান জনাইছিল যে, তেওঁ কাশ্মীৰলৈ হৈ হনুমান চালিছা পঢ়কগৈ। এই প্ৰত্যাহ্বান স্বীকাৰ কৰিছে নৱনীত ৰাণাই।

মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান স্বীকাৰ কৰাৰ কথা প্ৰকাশ কৰি নৱনীত ৰাণাই কয়, ‘কাশ্মীৰ ভাৰতৰ এটা অংশ আৰু যদি মুখ্যমন্ত্ৰী উদ্ধৱ থাকেই ভাবিছে যে তাত হনুমান চলিছা পাঠ কৰাটো কঠিন, তেন্তে মই নিশ্চিয়কৈ তালৈ গৈ হনুমান চলিছা পাঠ কৰিম

সংবাদ মাধ্যমৰ জৰিয়তে ৰাণাই মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে তীব্ৰ কৰা দেখা যায়। তেওঁ কয় যে, মুখ্যমন্ত্ৰীয়ে কালি ঔৰংগাবাদত সমবেত লোকসকলক সম্বোধন কৰিছিল। ঔৰংগাবাদত তেওঁ দিয়া ভাষণত ঔৰংগাবাদৰ লোকসকলৰ সমস্যাৰ বিষয়ে কথা পাতিব লাগিছিল, কিন্তু তাৰ সলনি  তেওঁ মোক কাশ্মীৰলৈ গৈ হনুমান চলিচা পাঠ কৰিবলৈ প্ৰত্যাহ্বানহে জনামুখ্যমন্ত্ৰীয়ে সভাখনতৰংগাবাদৰ সমস্যাৰ বিষয়ে কথা পতা নাছিল বুলিও তেওঁ অভিযোগ কৰে

ৰাণাই লগতে কয় যে, উদ্ধৱ থাকৰেই মন্তব্য কৰিছে যে মন্দিৰলৈ যোৱাৰ প্ৰয়োজন নাই... হনুমান চালিছা পঢ়াৰ প্ৰয়োজন নাই... যদি এই একোৰেই প্ৰয়োজন নাই তেন্তে আপুনি কেনেকৈ ক'ব যে আপুনি হিন্দুত্ব প্ৰতিনিধিত্ব কৰে? নৱনীতে কৈছিল যে ঔৰংগাবাদৰ লোকসকল পানীৰ সমস্যাৰ সৈতে যুঁজি আছে, মুখ্যমন্ত্ৰীয়ে কালিৰ কাৰ্যসূচীত এই বিষয়ে উল্লেখ কৰা নাছিল।

কাশ্মীৰত হৈ থকা ‘টাৰ্গেটেড কিলিং’ আৰু কাশ্মীৰী পণ্ডিতসকলৰ দুৰ্দশাৰ বিষয়ে মন্তব্য কৰি নৱনীত ৰাণাই কয় যে, দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ দেশৰ জনসাধাৰণৰ সৈতে আছে। এই চৰকাৰে দেশৰ নিৰাপত্তাৰ বাবে প্ৰতিটো পদক্ষেপ ল'ব আৰু দেশৰ জনসাধাৰণ এই বিষয় সন্দৰ্ভত ভৰসা আছে আৰু জনগণ চৰকাৰৰ সৈতে থিয় দিব।

উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে আকৌ এবাৰ বিজেপিক তীব্ৰ সমালোচনা কৰা দেখা যায়। নুপুৰ শৰ্মা মন্তব্যৰ প্ৰসংগক লৈ উদ্ধৱ থাকৰে অভিযোগ কৰে যে বিজেপিয়ে কৰা ভুলৰ বাবে  সমগ্ৰ দেশে কিয় ক্ষমা বিচাৰিব লাগে? উদ্ধৱ থাকৰে বিজেপিক কটাক্ষ কৰি কয় যে, আমি ইমান ফোঁপোলা হিন্দু সমৰ্থক নহয় যে আমি আপোনালোকৰ পৰা হিন্দুত্বৰ পাঠ শিকিব লাগিব। তেওঁ বিজেপিকো প্ৰত্যাহ্বান জনাই কয় যে, যদি আপোনালোকৰ সাহস আছে, তেন্তে কাশ্মীৰলৈ যাওক আৰু হনুমান চলিছা পাঠ কৰক।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ