--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হনুমান চালিছা বিতৰ্ক এতিয়াও শাম কটা নাই মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ পৰা। এইবাৰ পুনৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ সৈতে সন্মুখ-সমৰত লিপ্ত হৈছে অমৰাৱতীৰ নিৰ্দলীয় সাংসদ নৱনীত ৰাণা। উদ্ধৱ থাকৰেৰ ঘৰৰ সন্মুখত হনুমান চালিছা পঢ়িম বুলি হুংকাৰ দি বিধায়ক পতি ৰবি ৰাণাৰ সৈতে গ্ৰেপ্তাৰ হোৱা নৱনীত ৰাণাই চৰকাৰৰ প্ৰতি তেওঁৰ বিষোদগাৰ বন্ধ কৰা নাই। মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই তেওঁক প্ৰত্যাহ্বান জনাইছিল যে, তেওঁ কাশ্মীৰলৈ হৈ হনুমান চালিছা পঢ়কগৈ। এই প্ৰত্যাহ্বান স্বীকাৰ কৰিছে নৱনীত ৰাণাই।

মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান স্বীকাৰ কৰাৰ কথা প্ৰকাশ কৰি নৱনীত ৰাণাই কয়, ‘কাশ্মীৰ ভাৰতৰ এটা অংশ আৰু যদি মুখ্যমন্ত্ৰী উদ্ধৱ থাকেই ভাবিছে যে তাত হনুমান চলিছা পাঠ কৰাটো কঠিন, তেন্তে মই নিশ্চিয়কৈ তালৈ গৈ হনুমান চলিছা পাঠ কৰিম।’

সংবাদ মাধ্যমৰ জৰিয়তে ৰাণাই মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক তীব্ৰ কৰা দেখা যায়। তেওঁ কয় যে, মুখ্যমন্ত্ৰীয়ে কালি ঔৰংগাবাদত সমবেত লোকসকলক সম্বোধন কৰিছিল। ঔৰংগাবাদত তেওঁ দিয়া ভাষণত ঔৰংগাবাদৰ লোকসকলৰ সমস্যাৰ বিষয়ে কথা পাতিব লাগিছিল, কিন্তু তাৰ সলনি  তেওঁ মোক কাশ্মীৰলৈ গৈ হনুমান চলিচা পাঠ কৰিবলৈ প্ৰত্যাহ্বানহে জনায়। মুখ্যমন্ত্ৰীয়ে সভাখনত ঔৰংগাবাদৰ সমস্যাৰ বিষয়ে কথা পতা নাছিল বুলিও তেওঁ অভিযোগ কৰে।

ৰাণাই লগতে কয় যে, উদ্ধৱ থাকৰেই মন্তব্য কৰিছে যে মন্দিৰলৈ যোৱাৰ প্ৰয়োজন নাই... হনুমান চালিছা পঢ়াৰ প্ৰয়োজন নাই... যদি এই একোৰেই প্ৰয়োজন নাই তেন্তে আপুনি কেনেকৈ ক'ব যে আপুনি ‘হিন্দুত্ব’ক প্ৰতিনিধিত্ব কৰে? নৱনীতে কৈছিল যে ঔৰংগাবাদৰ লোকসকল পানীৰ সমস্যাৰ সৈতে যুঁজি আছে, মুখ্যমন্ত্ৰীয়ে কালিৰ কাৰ্যসূচীত এই বিষয়ে উল্লেখ কৰা নাছিল।

কাশ্মীৰত হৈ থকা ‘টাৰ্গেটেড কিলিং’ আৰু কাশ্মীৰী পণ্ডিতসকলৰ দুৰ্দশাৰ বিষয়ে মন্তব্য কৰি নৱনীত ৰাণাই কয় যে, দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ দেশৰ জনসাধাৰণৰ সৈতে আছে। এই চৰকাৰে দেশৰ নিৰাপত্তাৰ বাবে প্ৰতিটো পদক্ষেপ ল'ব আৰু দেশৰ জনসাধাৰণৰ এই বিষয় সন্দৰ্ভত ভৰসা আছে আৰু জনগণ চৰকাৰৰ সৈতে থিয় দিব।

উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেই আকৌ এবাৰ বিজেপিক তীব্ৰ সমালোচনা কৰা দেখা যায়। নুপুৰ শৰ্মা মন্তব্যৰ প্ৰসংগক লৈ উদ্ধৱ থাকৰেই অভিযোগ কৰে যে বিজেপিয়ে কৰা ভুলৰ বাবে  সমগ্ৰ দেশে কিয় ক্ষমা বিচাৰিব লাগে? উদ্ধৱ থাকৰেই বিজেপিক কটাক্ষ কৰি কয় যে, আমি ইমান ফোঁপোলা হিন্দু সমৰ্থক নহয় যে আমি আপোনালোকৰ পৰা হিন্দুত্বৰ পাঠ শিকিব লাগিব। তেওঁ বিজেপিকো প্ৰত্যাহ্বান জনাই কয় যে, যদি আপোনালোকৰ সাহস আছে, তেন্তে কাশ্মীৰলৈ যাওক আৰু হনুমান চলিছা পাঠ কৰক।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ