--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শনিবাৰৰ দিনটোৰ আছে বিশেষ মহত্ব। এই দিনটোত বহুতে মানি চলে। বিশ্বাস মতে শনিবাৰে কৰিব নালাগে কিছুমান কাম, যি কামৰ দ্বাৰা শনিদেৱ অসন্তুষ্ট হয়। 

১/ শনিবাৰে লোৰ কোনো বস্তু ক্ৰয় কৰিব নালাগে। ৰজা বিক্ৰমাদিত্যই শনি দেৱতাক এখন লোৰ আসন দিছিল৷ যাৰ বাবে শনিদেৱতা ক্ৰূধিত হৈ ৰজা বিক্ৰমাদিত্যক বক্ৰদৃষ্টিৰে চাইছিল। তেতিয়াৰপৰাই শনিবাৰে লো ক্ৰয় কৰাটো অশুভ বুলি মনা যায়। কিন্তু শনিবাৰে লোৰ বস্তু দান কৰিলে শনিদেৱ প্ৰসন্ন হয় আৰু শুভ ফল পায়। 
২/ শনিবাৰে ছাল বা ছালেৰে তৈয়াৰী বস্তু যেনে, জোতা, বেল্ট, পাৰ্চ আদি ক্ৰয় কৰিব নাপায়। যদি ক্ৰয় কৰে আপোনাৰ সফলতাত বাধা আহিব পাৰে।
৩/ শনিবাৰে যিকোনো তেল ঘৰলৈ আনিব নাপায়। শনিবাৰে ঘৰলৈ তেল আনিলে ঘৰলৈ দুখ কষ্ট বা বেমাৰ-আজাৰ আহিব পাৰে।
৪/ শনিবাৰে কয়লা অনাটো বৰ্জিত মনা হয়। কোনো প্ৰকাৰৰ ইন্ধন ঘৰলৈ আনিব নালাগে। এনে কৰিলে আপোনাৰ ঘৰখনত অশান্তি হয়। 
৫/ শনিবাৰে ঝাড়ু ক্ৰয় কৰিব নালাগে। এইবাৰে অনা ঝাড়ুৱে ঘৰ ধ্বংস কৰে। 
৬/ শনিবাৰে ক’লা তিল ক্ৰয় কৰাটো বৰ্জিত মনা হয়। শনিবাৰে ক’লা তিলৰ আগমনে শনিদেৱৰ আগমনৰ সমান হয়।
৭/ শনিবাৰে নিমখ ক্ৰয় কৰিব নালাগে, শনিবাৰে অনা নিমখ ঘৰলৈ বেমাৰ-আজাৰ আনে।
৮/ শনিবাৰে চিয়াঁহী আনিব নাপায়। যদি আনে এয়ে কলংক হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত