--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজিৰ দিনটোৰ ৰাশিফলত কি আছে জানিবলৈ চাওক : সোমবাৰ, ৭মাৰ্চ, ২০২২ মেষ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত পাৰিবাৰিক জীৱন সুখৰ হ’ব। চাকৰিয়ালৰ শুভ। নতুন বাহন ক্ৰয় কৰিব পাৰে। ব্যৱসায়ৰ পৰা উপাৰ্জন বৃদ্ধি হ’ব। স্বাস্থ্যৰ যত্ন লওক। খং অত্যাধিক হ’ব। ধৰ্মীয় সংগীতৰ প্ৰতি প্ৰৱণতা থাকিব। শৈক্ষিক কামত অসুবিধা হ’ব পাৰে। বৃষ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত আত্মবিশ্বাস বৃদ্ধি পাব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে এটা ধৰ্মীয় স্থানলৈ যাব পাৰে। শৈক্ষিক কামত সফলতা লাভ কৰিব। সামাজিক স্থানত আজি সন্মান বৃদ্ধি। আপুনি আজি বন্ধুবৰ্গৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হব। ঘৰলৈ বন্ধুৰ আগমণ ঘটিব পাৰে। কথা কওতে শালীনতা বৰ্তাই ৰাখক। অতিৰিক্ত ব্যয় বৃদ্ধি পাব, যাৰ বাবে আজি আপোনাৰ জমা ধন হ্ৰাস পাব পাৰে। মিথুন ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত মাতৃৰ স্বাস্থ্য উন্নত হ’ব। ব্যৱসায়ত আজি আকাংক্ষিত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। পৰিশ্ৰম বৃদ্ধি পাব। স্বাস্থ্যৰ যতন লওক আৰু বাহিৰত আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকক। আৱেগ নিয়ন্ত্ৰণ কৰি চলক। চাকৰিয়ালসকলে আজি বিদেশ ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে। ভাতৃ-ভগ্নীৰ পৰা সহায় লাভ কৰিব। কৰ্কট ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত আশা আৰু হতাশাৰ অনুভূতি মনত থাকিব পাৰে। ব্যৱসায়িক পৰিস্থিতিৰ ওপৰত নজৰ ৰাখক। নতুন ব্যৱসায় আৰম্ভ কৰা সকলে আজি কিছু অসুবিধাৰ সন্মুখীন হব পাৰে। পাৰিবাৰিক সমস্যাই কিছু চিন্তিত কৰিব পাৰে। বন্ধুৰ সহায়ত উপাৰ্জনৰ নতুন উৎসৰ সন্ধান পাব। সিংহ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত আত্মবিশ্বাস থাকিব, কিন্তু ধৈৰ্য্য হ্ৰাস হ’ব পাৰে। শান্ত হৈ থাকক। আকস্মিকভাৱে গ্ৰহণ কৰা সিদ্ধান্ত ভুল প্ৰমাণিত হ'ব পাৰে। মনত আশা আৰু হতাশাৰ মিশ্ৰিত অনুভূতি থাকিব। পাৰিবাৰিক সমস্যাবোৰে চিন্তিত কৰিব পাৰে। পাবলগীয়া ধন আজি লাভ কৰিব পাৰে। কন্যা ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত স্বাস্থ্যৰ যত্ন লওক। অতিৰিক্ত ব্যয় বৃদ্ধি পাব। ব্যৱসায়ত অসুবিধা হ’ব পাৰে। আপুনি এজন বন্ধুৰ সমৰ্থন পাব। কলা আৰু সংগীতৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব। আত্মবিশ্বাস বৃদ্ধি হ’ব। ব্যয়ৰ প্ৰতিশ্ৰুতি পৰিহাৰ কৰিবলৈ চেষ্টা কৰক। তুলা ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত মন সুখী হ’ব। চাকৰিত পদোন্নতিৰ পথ প্ৰশস্ত হ’ব। বদলিৰ যোগ আছে। উপাৰ্জন বৃদ্ধি হ’ব। শৈক্ষিক কামত সফলতা লাভ কৰিব। ভ্ৰমণ ব্যয় বৃদ্ধি হ’ব পাৰে। আত্মবিশ্বাস হ্ৰাস হ’ব। দূৰ ভ্ৰমণৰ যোগ আছে। এই যাত্ৰা লাভজনকো হ’ব। বৃশ্চিক ৰাশি - এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত চাকৰিত কিছু অসুবিধা হ’ব পাৰে৷ কিন্তু বিষয়াসকলৰ সহযোগিতা থাকিব। পৰিশ্ৰম অধিক হ’ব। অত্যাধিক খং পৰিহাৰ কৰক। ধৈৰ্য্যৰ অভাৱ। ধনু ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত মানসিক শান্তি থাকিব। চাকৰিত পদোন্নতিৰ সুযোগ থাকিব পাৰে। উপাৰ্জন বৃদ্ধি হ’ব। অৱস্থানৰ পৰিৱৰ্তনো হ’ব পাৰে। শিশুৰ স্বাস্থ্যজনিত বিকাৰ হ’ব পাৰে। বাহনৰ নামত ব্যয় বৃদ্ধি হ’ব পাৰে। ভাল খবৰ লাভ কৰিব পাৰে। মকৰ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত মন সুখী হ’ব। পাৰিবাৰিক জীৱন সুখী হ’ব। গৃহ সজ্জাৰ নামত ধন ব্যয় হব পাৰে। পিতৃ-মাতৃৰ সমৰ্থন লাভ কৰিব। নেতিবাচক চিন্তা পৰিহাৰ কৰক। শৈক্ষিক কামত ব্যাঘাত হ’ব পাৰে। ধৰ্মৰ প্ৰতি শ্ৰদ্ধা থাকিব। দূৰ ভ্ৰমণ পৰিহাৰ কৰক। কুম্ভ ৰাশি - এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত মনটো বৌদ্ধিক কামত নিয়োজিত থাকিব। শৈক্ষিক কামত সফলতা লাভ কৰিব। ব্যৱসায়িক পৰিস্থিতিতো আশাজনক ফলাফল লাভ কৰিব। উপাৰ্জন বৃদ্ধি হ’ব। আপুনি ব্যৱসায়িক কাৰণত যাত্ৰা কৰিবলগা হ'ব পাৰে। মীন ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত মনটো অস্থিৰ হৈ থাকিব। পৰিয়ালৰ স্বাস্থ্যৰ যত্ন লওক। মানসিক উদ্বেগ আজি বৃদ্ধি পাব। ব্যয় অধিক হ’ব। আপুনি ভাই-ভনীৰ সমৰ্থন পাব পাৰে। ক’ৰবাত ধন লাভ কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষা আৰু সাক্ষাৎকাৰ আদিত সন্তোষজনক ফলাফল লাভ কৰিব। ধৈৰ্য্যৰ অভাৱ হ’ব। ব্যৱসায়ত অসুবিধা হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ