--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় অলিম্পিক সংস্থাৰ এথলীটছ কমিছনৰ অধ্যক্ষ তথা বক্সিং কিংবদন্তি এম চি মেৰীকমে নিজৰ পদ ত্যাগ কৰাৰ বাতৰি অস্বীকাৰ কৰিছে। তেওঁৰ কথাৰ ভুল ব্যাখ্যা কৰা হৈছে বুলিহে জানিবলৈ দিয়ে তাৰকা বক্সাৰগৰাকীয়ে। পদত্যাগৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতে মেৰীয়ে কয় যে তেওঁ ইস্তফা দিয়া নাই আৰু ২০২৬ চন পর্যন্ত দায়িত্ব পালন কৰি যাব।

এক হোৱাটছআপ যোগে পদত্যাগৰ কথা জনাইছিল মেৰীয়ে। তেওঁৰ কথাৰ ভুল ব্যাখ্যা দিয়া বুলি জানিবলৈ দিয়ে প্রাক্তন বস্কাৰগৰাকীয়ে। সদ্য সমাপ্ত ৰাষ্ট্ৰীয় গে'মছৰ সামৰণী অনুষ্ঠানৰ বাবে হাল্ডৱানীলৈ যোৱা ৪২ বছৰীয়া মণিপুৰী বক্সাৰগৰাকীয়ে নিম্ন মানৰ হোটেলত থকাৰ ব্যৱস্থা কৰাৰ কাৰণে নিজৰ অসন্তুষ্টি ব্যক্ত কৰিছিল।

২০১২ চনৰ অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ী মেৰিকমে তেওঁৰ অসন্তুষ্টিক পদত্যাগলৈ সলনি কৰিব বুলি ব্যক্ত কৰিছিল। এনে ধৰণৰ ব্যৱহাৰ পুনৰ কৰিলে পদত্যাগৰ কথা বিবেচনা কৰিম বুলি এথলীট কমিছনৰ আন সদস্যসকলক অৱগত কৰিছিল। তেওঁ এথলীটছ কমিছনৰ অধ্যক্ষ পদৰ পৰা পদত্যাগৰ কৰা নাই বুলি স্পষ্টীকৰণ দিছে। ভাৰতীয় অলিম্পিক সংস্থা মোৰ পৰিয়ালৰ দৰে। কিবা কথাত অসন্তুষ্ট হ'লে ইয়াৰ বিৰুদ্ধে কোৱাৰ অধিকাৰ আছে। তাৰ মানে এয়া নহয় যে মই পদত্যাগ কৰিম বুলি উল্লেখ কৰে মেৰীকমে৷

(দৈনিক জনমভূমিৰ প্ৰতিবেদন)

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ