--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় অলিম্পিক সংস্থাৰ এথলীটছ কমিছনৰ অধ্যক্ষ তথা বক্সিং কিংবদন্তি এম চি মেৰীকমে নিজৰ পদ ত্যাগ কৰাৰ বাতৰি অস্বীকাৰ কৰিছে। তেওঁৰ কথাৰ ভুল ব্যাখ্যা কৰা হৈছে বুলিহে জানিবলৈ দিয়ে তাৰকা বক্সাৰগৰাকীয়ে। পদত্যাগৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতে মেৰীয়ে কয় যে তেওঁ ইস্তফা দিয়া নাই আৰু ২০২৬ চন পর্যন্ত দায়িত্ব পালন কৰি যাব।

এক হোৱাটছআপ যোগে পদত্যাগৰ কথা জনাইছিল মেৰীয়ে। তেওঁৰ কথাৰ ভুল ব্যাখ্যা দিয়া বুলি জানিবলৈ দিয়ে প্রাক্তন বস্কাৰগৰাকীয়ে। সদ্য সমাপ্ত ৰাষ্ট্ৰীয় গে'মছৰ সামৰণী অনুষ্ঠানৰ বাবে হাল্ডৱানীলৈ যোৱা ৪২ বছৰীয়া মণিপুৰী বক্সাৰগৰাকীয়ে নিম্ন মানৰ হোটেলত থকাৰ ব্যৱস্থা কৰাৰ কাৰণে নিজৰ অসন্তুষ্টি ব্যক্ত কৰিছিল।

২০১২ চনৰ অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ী মেৰিকমে তেওঁৰ অসন্তুষ্টিক পদত্যাগলৈ সলনি কৰিব বুলি ব্যক্ত কৰিছিল। এনে ধৰণৰ ব্যৱহাৰ পুনৰ কৰিলে পদত্যাগৰ কথা বিবেচনা কৰিম বুলি এথলীট কমিছনৰ আন সদস্যসকলক অৱগত কৰিছিল। তেওঁ এথলীটছ কমিছনৰ অধ্যক্ষ পদৰ পৰা পদত্যাগৰ কৰা নাই বুলি স্পষ্টীকৰণ দিছে। ভাৰতীয় অলিম্পিক সংস্থা মোৰ পৰিয়ালৰ দৰে। কিবা কথাত অসন্তুষ্ট হ'লে ইয়াৰ বিৰুদ্ধে কোৱাৰ অধিকাৰ আছে। তাৰ মানে এয়া নহয় যে মই পদত্যাগ কৰিম বুলি উল্লেখ কৰে মেৰীকমে৷

(দৈনিক জনমভূমিৰ প্ৰতিবেদন)

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post