--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দুখনকৈ ঘৰুৱা মেচ গুৱাহাটীত খেলিবলৈ অহা ৰাজস্থান ৰয়েলছে অসম তথা উত্তৰ পূৱৰ অনুৰাগীক এইবাৰ আন এক নতুন উপহাৰ দিবলৈ সাজু হৈছে৷ আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন দলটোৱে ক্ৰিকেটপ্ৰেমীক এইবাৰ ষ্টেডিয়ামত তেওঁলোকে অনুশীলন উপভোগ কৰাৰ সুযোগ প্ৰদান কৰিব৷

অহা ২১ ফেব্ৰুৱাৰীত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত নিশা সাত বজাৰ পৰা এঘাৰ বজালৈ হ’বলগা ৰাজস্থান ৰয়েলছৰ অনুশীলন গেলেৰীত বহি উপভোগ কৰিব পাৰিব ক্ৰিকেটপ্ৰেমীয়ে৷ উল্লেখ্য যে প্ৰথমবাৰৰ বাবে অসমৰ লোকে এইদৰে এ চি এ ষ্টেডিয়ামত কোনো দলৰ অনুশীলন গেলেৰীত বহি উপভোগ কৰাৰ সুযোগ লাভ কৰিছে৷ ইয়াৰ বাবে কোনো টিকটৰো প্ৰয়োজন নহয় বুলি সদৰী কৰিছে৷

ইফালে, আজিৰে পৰাই ৰাজস্থান ৰয়েলছে এ চি এ ষ্টেডিয়ামত নিজৰ অনুশীলন আৰম্ভ কৰিছে৷ আজি পূৱা দহ বজাৰ পৰা তিনি বজালৈ তথা নিশা সাত বজাৰ পৰা এঘাৰ বজালৈ দলটোৰ খেলুৱৈসকলে অনুশীলন কৰে৷ প্ৰথমদিনাৰ অনুশীলনত অংশ লয় অসম সন্তান ৰিয়ান পৰাগ, নীতিশ ৰানা, ধ্ৰুৱ জুৰেল, বৈভৱ সূৰ্যবংশী, অশোক শৰ্মা, আকাশ মাধৱাল, সন্দিপ শৰ্মাই৷ দলৰ অনুশীলনত উপস্থিত থাকে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু স্পীন বলিং প্ৰশিক্ষক ছৈৰাজ বহুতুলে৷ অহা ২২ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব এই বিশেষ শিবিৰ৷

স্মৰ্তব্য যে এইবাৰ ৰাজস্থান ৰয়েলছে গুৱাহাটীত মেচ খেলাই নহয় অনুশীলন শিবিৰো দলটোৰ দ্বিতীয়খন ঘৰ বৰ্ষাপাৰাৰ এ চি এ ক্ৰিকেট ষ্টেডিয়ামতে কৰাৰ সিদ্ধান্ত লৈছে৷ ইফালে, ৰাজস্থান ৰয়েলছে আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ঘৰুৱা মেচৰ আৰম্ভনিও গুৱাহাটীৰ পৰাই কৰিব৷ আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে অহা ২৬ মাৰ্চত গুৱাহাটীত প্ৰথমখন ঘৰুৱা মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হোৱাৰ বিপৰীতে ৩০ মাৰ্চত ছিজনৰ দ্বিতীয়খন ঘৰুৱা মেচ দলটোৱে এ চি এ ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব৷ 

অৱশ্যে আৰ আৰ দলে ইয়াৰপূৰ্বে হায়দৰাবাদত ছানৰাইজাৰ্ছৰ বিৰুদ্ধে অহা ২৩ মাৰ্চত প্ৰথমখন মেচ খেলি নতুন ছিজনত অভিযান আৰম্ভ কৰিব৷ গুৱাহাটীত অনুশীলন কৰিয়ে ছিজনৰ নতুন অভিযানৰ বাবে যাব দলটো৷ উল্লেখ্য যে ক্ৰমাগত তৃতীয়বাৰৰ বাবে গুৱাহাটীক গৃহ চহৰ হিচাপে লৈছে ৰাজস্থান ৰয়েলছে৷ অসম তথা উত্তৰ পূৱৰ জনসাধাৰণৰ মৰম বিচাৰি পুনৰ গুৱাহাটীলৈ আহিছে ৰাজস্থান ৰয়েলছ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ