--°C
Loading...
Listen to Article
2 min read
80%

শ্বেয়াৰ বজাৰত হোৰা-হোৰে নামিল নিফটি-ছেনচেক্স

ডিজিটেল ডেস্ক: সপ্তাহৰ প্ৰথম দিনটোতেই শ্বেয়াৰ বজাৰৰ বৃহৎ পতন দেখিবলৈ পোৱা গ’ল। শুকুৰবাৰে ১৬,২৪৫.৩৫ পইণ্টত বন্ধ হোৱা নিফটি-৫০ আজি পুৱা ১৫,৮৬৭.৯৫ পইণ্টৰ পৰা আৰম্ভ হৈছিল। একেদৰে ছেনচেক্সৰো একেই পতন। ৫৪,৩৩৩.৮১ পইণ্টত বন্ধ হোৱা ছেনচেক্স আজি ৫৩,১৭২.৫১ পইণ্টৰ পৰা আৰম্ভ হৈছিল। শুকুৰবাৰে বন্ধ হোৱা বজাৰৰ পাছত ১,১৬১.৩ পইণ্টৰ ব্যৱধানত ছেনচেক্স আৰু ৩৭৭.৪ পইণ্টৰ ব্যৱধানত নিফটি আৰম্ভ হৈছিল। এনে এক বৃহৎ গেপ্-ডাউন বজাৰক লৈ বিনিয়োগকাৰীসকল নিৰুৎসাহ হোৱা দেখা গৈছিল। আন দিনৰ দৰে গেপ ডাউনক লৈ বিনিয়োগকাৰীৰ মাজত সাধাৰণ প্ৰতিক্ৰিয়া নাছিল। সপ্তাহটোৰ আৰম্ভণিতে বৃহৎ স্খলনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নিৱেশকাৰীসকলৰ মাজত। ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ আৰম্ভণিৰ দিন ধৰি ভাৰতীয় শ্বেয়াৰ বজাৰতো মন্দাৱস্থাই বিৰাজ কৰিছে। ক্ৰমান্বয়ে শ্বেয়াৰ বজাৰত স্খলন আৰম্ভ হৈছে। পূৰ্বে গেপ ডাউনৰ সময়ত বিনিয়োগকাৰীৰ মাজত উত্সাহৰ সৃষ্টি হৈছিল আৰু বিনিয়োগৰ বাবে হেতা-উপৰা লগাইছিল। কিন্তু যুদ্ধৰ পৰিস্থিতিয়ে সেই উৎসাহ নাইকিয়া কৰি পেলাইছে। কিয়নো বজাৰত এতিয়াও অনিশ্চতা অব্যাহত। আজি TOP-30 চেঞ্চেক্সত, ২৫টা শ্বেয়াৰৰ মূল্য হ্ৰাস পাইছে আৰু পাঁচটা ষ্টক লাভৰ সৈতে বন্ধ হৈছে। ভাৰতী এয়াৰটেল, HCL, টাটা ষ্টীল, ইনফোচিছ আৰু ITCৰ শ্বেয়াৰে লাভ বুটলিছে। ইণ্ডাছইণ্ড বেংক, মাৰুতি আৰু এক্সিছ বেঙ্কৰ শ্বেয়াৰ মূল্য আটাইতকৈ বেছি হ্ৰাস পাইছে। আজিৰ পতনৰ পাছত, BSE তালিকাভুক্ত কোম্পানীবোৰৰ বজাৰ মূলধন ২৪১.৩৫ লাখ কোটি টকাত বন্ধ হৈছে। যোৱা সপ্তাহত, শ্বেয়াৰ বজাৰৰ বজাৰ মূলধন ২৪৬.৭৯ লাখ কোটি টকাত বন্ধ হৈছিল। আজিৰ পতনৰ পাছত বিনিয়োগকাৰীসকলে ৫.৪৪ লাখ কোটি টকাৰ লোকচান ভুগিব লগা হৈছে। আজি মুঠ ৩৫৯৪ টা শ্বেয়াৰৰ লেনদেন হৈছিল। ২,৫৯৩ টা শ্বেয়াৰ মূল্য হ্ৰাস পাই বন্ধ হৈছে আৰু ৮৬৫ টা শ্বেয়াৰ লাভৰ সৈতে বন্ধ হৈছে। বিশ্লেষণৰ তথ্য অনুসৰি নিফটি বেংক, অটো, ফাইনেন্সিয়েল চাৰ্ভিচেছ, প্ৰাইভেট বেংক আৰু পিএছইউ বেংক সূচকে আজিৰ পতনত যথেষ্ট অৰিহণা যোগাইছে। এই সকলো সূচক ৪.৫ শতাংশতকৈও অধিক হ্ৰাস পাইছে। চেঞ্চেক্স আৰু নিফটি অক্টোবৰৰ সৰ্বকালৰ উচ্চতাৰ পৰা ১৫ শতাংশ হ্ৰাস পাইছে। খাৰুৱা তেলৰ বৃদ্ধি, মুদ্ৰাস্ফীতিৰ বৰ্ধিত সম্ভাৱনাৰ মাজত আজি টকাৰ মূল্য অভিলেখকাৰী ভাৱে নিম্নস্তৰত বন্ধ হৈছে। টকাৰ মূল্য ৮৪ পইচা হ্ৰাস হৈ ডলাৰৰ বিপৰীতে সৰ্বনিম্ন ৭৭.০১ হয়। বিনিয়োগকাৰীসকলে সুৰক্ষিত বিনিয়োগৰ ফালে গতি কৰিছে, যাৰ ফলত ডলাৰ শক্তিশালী হৈছে আৰু টকা দুৰ্বল হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণিপুৰৰ কাংপকপীত ২৫একৰ ভূমিৰ আফিং খেতি ধ্বংস, আছাম ৰাইফলছৰ অভিযান
জুবিন গাৰ্গৰ স্মৃতিত 'জুবিন' কালেকশ্যন মুকলি
দিল্লীৰ বিস্ফোৰণত সাঙোৰ খাইছে এগৰাকী মণিপুৰী যুৱতীৰ নাম
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?
দিল্লী ৰক্তাক্ত কৰা ৫ ডাক্তৰৰ গেং
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু , এমাহৰ ভিতৰতে চাৰিটাকৈ বন্যহস্তীৰ মৃত্যু ওদালগুৰিত
ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ সফল অভিযান, লক্ষীপুৰত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন
ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী অঞ্চলত ভাৰতীয় জালনোটসহ এজন যুৱক আটক
১২ দিনত উপার্জন ২০ কোটি টকা, সফলতাৰ শিখৰত 'ৰৈ ৰৈ বিনালে'
জম্মু-কাশ্মীৰৰ ১৫০০ স্থানত তালাচী, পাঁচ শতাধিক লোকক আটক
দুৰ্নীতিগ্ৰস্থ ACS নূপুৰ বৰাৰ নতুন বিপদ ; পুনৰ গ্ৰেপ্তাৰ হ'ব পাৰে ACS বিষয়া গৰাকী