--°C
Loading...
Listen to Article
2 min read
80%

শ্বেয়াৰ বজাৰত হোৰা-হোৰে নামিল নিফটি-ছেনচেক্স

ডিজিটেল ডেস্ক: সপ্তাহৰ প্ৰথম দিনটোতেই শ্বেয়াৰ বজাৰৰ বৃহৎ পতন দেখিবলৈ পোৱা গ’ল। শুকুৰবাৰে ১৬,২৪৫.৩৫ পইণ্টত বন্ধ হোৱা নিফটি-৫০ আজি পুৱা ১৫,৮৬৭.৯৫ পইণ্টৰ পৰা আৰম্ভ হৈছিল। একেদৰে ছেনচেক্সৰো একেই পতন। ৫৪,৩৩৩.৮১ পইণ্টত বন্ধ হোৱা ছেনচেক্স আজি ৫৩,১৭২.৫১ পইণ্টৰ পৰা আৰম্ভ হৈছিল। শুকুৰবাৰে বন্ধ হোৱা বজাৰৰ পাছত ১,১৬১.৩ পইণ্টৰ ব্যৱধানত ছেনচেক্স আৰু ৩৭৭.৪ পইণ্টৰ ব্যৱধানত নিফটি আৰম্ভ হৈছিল। এনে এক বৃহৎ গেপ্-ডাউন বজাৰক লৈ বিনিয়োগকাৰীসকল নিৰুৎসাহ হোৱা দেখা গৈছিল। আন দিনৰ দৰে গেপ ডাউনক লৈ বিনিয়োগকাৰীৰ মাজত সাধাৰণ প্ৰতিক্ৰিয়া নাছিল। সপ্তাহটোৰ আৰম্ভণিতে বৃহৎ স্খলনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নিৱেশকাৰীসকলৰ মাজত। ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ আৰম্ভণিৰ দিন ধৰি ভাৰতীয় শ্বেয়াৰ বজাৰতো মন্দাৱস্থাই বিৰাজ কৰিছে। ক্ৰমান্বয়ে শ্বেয়াৰ বজাৰত স্খলন আৰম্ভ হৈছে। পূৰ্বে গেপ ডাউনৰ সময়ত বিনিয়োগকাৰীৰ মাজত উত্সাহৰ সৃষ্টি হৈছিল আৰু বিনিয়োগৰ বাবে হেতা-উপৰা লগাইছিল। কিন্তু যুদ্ধৰ পৰিস্থিতিয়ে সেই উৎসাহ নাইকিয়া কৰি পেলাইছে। কিয়নো বজাৰত এতিয়াও অনিশ্চতা অব্যাহত। আজি TOP-30 চেঞ্চেক্সত, ২৫টা শ্বেয়াৰৰ মূল্য হ্ৰাস পাইছে আৰু পাঁচটা ষ্টক লাভৰ সৈতে বন্ধ হৈছে। ভাৰতী এয়াৰটেল, HCL, টাটা ষ্টীল, ইনফোচিছ আৰু ITCৰ শ্বেয়াৰে লাভ বুটলিছে। ইণ্ডাছইণ্ড বেংক, মাৰুতি আৰু এক্সিছ বেঙ্কৰ শ্বেয়াৰ মূল্য আটাইতকৈ বেছি হ্ৰাস পাইছে। আজিৰ পতনৰ পাছত, BSE তালিকাভুক্ত কোম্পানীবোৰৰ বজাৰ মূলধন ২৪১.৩৫ লাখ কোটি টকাত বন্ধ হৈছে। যোৱা সপ্তাহত, শ্বেয়াৰ বজাৰৰ বজাৰ মূলধন ২৪৬.৭৯ লাখ কোটি টকাত বন্ধ হৈছিল। আজিৰ পতনৰ পাছত বিনিয়োগকাৰীসকলে ৫.৪৪ লাখ কোটি টকাৰ লোকচান ভুগিব লগা হৈছে। আজি মুঠ ৩৫৯৪ টা শ্বেয়াৰৰ লেনদেন হৈছিল। ২,৫৯৩ টা শ্বেয়াৰ মূল্য হ্ৰাস পাই বন্ধ হৈছে আৰু ৮৬৫ টা শ্বেয়াৰ লাভৰ সৈতে বন্ধ হৈছে। বিশ্লেষণৰ তথ্য অনুসৰি নিফটি বেংক, অটো, ফাইনেন্সিয়েল চাৰ্ভিচেছ, প্ৰাইভেট বেংক আৰু পিএছইউ বেংক সূচকে আজিৰ পতনত যথেষ্ট অৰিহণা যোগাইছে। এই সকলো সূচক ৪.৫ শতাংশতকৈও অধিক হ্ৰাস পাইছে। চেঞ্চেক্স আৰু নিফটি অক্টোবৰৰ সৰ্বকালৰ উচ্চতাৰ পৰা ১৫ শতাংশ হ্ৰাস পাইছে। খাৰুৱা তেলৰ বৃদ্ধি, মুদ্ৰাস্ফীতিৰ বৰ্ধিত সম্ভাৱনাৰ মাজত আজি টকাৰ মূল্য অভিলেখকাৰী ভাৱে নিম্নস্তৰত বন্ধ হৈছে। টকাৰ মূল্য ৮৪ পইচা হ্ৰাস হৈ ডলাৰৰ বিপৰীতে সৰ্বনিম্ন ৭৭.০১ হয়। বিনিয়োগকাৰীসকলে সুৰক্ষিত বিনিয়োগৰ ফালে গতি কৰিছে, যাৰ ফলত ডলাৰ শক্তিশালী হৈছে আৰু টকা দুৰ্বল হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ