--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় বজাৰত বৰ্তমান সময়ত বিভিন্ন মডেলৰ গাড়ী উপলব্ধ। পকেটত যিমানেই টকা থাকিব সিমানেই বিলাসী গাড়ী কিনা ক্ষমতা থাকে মানুহৰ। এটা সময়ত এনে এখন গাড়ীৰ চাহিদা দেশৰ ভিতৰতে সৰ্বাধিক আছিল য’ত সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰী, নেতা, অভিনেতা, আই এ এছ, আই পি এছ, ডাক্তৰলৈকে সকলো ভিআইপিয়ে ঘূৰি ফুৰিছিল। হয়, এই গাড়ীখনৰ নাম এম্বেছাদৰ(Ambassador)। এসময়ত এম্বেছাদৰ গাড়ী দেশৰ অন্যতম জনপ্ৰিয় গাড়ী হিচাপে পৰিগণিত হৈছিল। এম্বেছাদৰ গাড়ী থকা মানে সম্ভ্ৰান্ত পৰিয়াল বুলি ধৰা হৈছিল। অৱশ্যে এতিয়া এই গাড়ীৰ বিক্ৰী বন্ধ হৈ গৈছে।

 
এম্বেছাদৰ গাড়ী নিৰ্মাণ কৰা বিখ্যাত কোম্পানী হিন্দুস্তান মটৰ্ছে ইলেক্ট্ৰিক বাহন ছেগমেণ্টত প্ৰৱেশ কৰি পুনৰবাৰ কামবেক কৰাৰ পৰিকল্পনা কৰিছে। আচলতে এই আইকনিক গাড়ীখনে ইলেক্ট্ৰিক অৱতাৰৰ সৈতে কামবেক কৰিবলৈ ওলাইছে। ভাৰতীয় অটোমোবাইল উদ্যোগত দ্ৰুত পৰিৱৰ্তন ঘটিছে। বৈদ্যুতিক বাহনৰ প্ৰতি জনসাধাৰণৰ আগ্ৰহ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। বৈদ্যুতিক বাহনৰ প্ৰচাৰৰ বাবে প্ৰয়োজনীয় চাৰ্জিং আন্তঃগাঁথনি শক্তিশালী কৰি তুলিছে চৰকাৰে। পৰিৱৰ্তিত পৰিৱেশত অটো নিৰ্মাতাসকলে নিজৰ বৈদ্যুতিক বাহনৰ নতুন মডেল প্ৰৱৰ্তন কৰিছে।



হিন্দুস্তান মটৰ্ছে ইভি উদ্যোগত ইউৰোপৰ এটা অটোমোবাইল কোম্পানীৰ সৈতে হাত মিলাই নিজৰ ব্যৱসায় পুনৰুজ্জীৱিত কৰিবলৈ বিচাৰিছে। অৱশ্যে কোম্পানীটোৰ সন্দৰ্ভত এতিয়ালৈকে বিশেষ তথ্য প্ৰকাশ হোৱা নাই। কিন্তু খবৰ অনুসৰি হিন্দুস্তান মটৰ্ছে ইউৰোপীয় ইভি নিৰ্মাতা কোম্পানীটোৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। বৰ্তমান দুয়োজন উৎপাদকে ইকুইটি গাঁথনিৰ বিষয়ে আলোচনা কৰি আছে। 



বৰ্তমানৰ প্ৰস্তাৱিত কাঠামোত হিন্দুস্তান মটৰ্ছৰ হাতত থাকিব ৫১ শতাংশ আৰু ইউৰোপীয় ব্ৰেণ্ডৰ হাতত থাকিব বাকী ৪৯ শতাংশ।কেৱল বৈদ্যুতিক গাড়ীয়েই নহয়, বৈদ্যুতিক দুচকীয়া বাহনো নিৰ্মাণ কৰা হ’ব এই যৌথ উদ্যোগৰ জৰিয়তে। আচলতে কোম্পানীটোৰ পৰা প্ৰথমটো প্ৰডাক্ট হ’ব এখন ইলেক্ট্ৰিক স্কুটাৰ। ইলেক্ট্ৰিক স্কুটাৰ বা বাইকখনে ক্ৰেতাসকলৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছে। ইলেক্ট্ৰিক দুচকীয়া বাহনৰ বজাৰখন সৰ্বকালৰ সৰ্বোচ্চ স্তৰত আছে আৰু ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। পশ্চিমবংগৰ হিন্দুস্তান মটৰ্ছৰ উত্তৰপাৰা প্লাণ্টত প্ৰথমে নিৰ্মাণ কৰা হ’ব বৈদ্যুতিক বাহনসমূহ। ২০১৪ চনলৈকে কাৰ্যক্ষম আছিল এই উদ্যোগটো। কোম্পানীটোৱে ব্যৱহাৰ কৰিব ২৯৫ একৰ উত্তৰপাৰা এলেকা। এই যৌথ উদ্যোগত প্ৰায় ৬০০ কোটি টকা বিনিয়োগ কৰা হ’ব। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ