--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় বজাৰত বৰ্তমান সময়ত বিভিন্ন মডেলৰ গাড়ী উপলব্ধ। পকেটত যিমানেই টকা থাকিব সিমানেই বিলাসী গাড়ী কিনা ক্ষমতা থাকে মানুহৰ। এটা সময়ত এনে এখন গাড়ীৰ চাহিদা দেশৰ ভিতৰতে সৰ্বাধিক আছিল য’ত সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰী, নেতা, অভিনেতা, আই এ এছ, আই পি এছ, ডাক্তৰলৈকে সকলো ভিআইপিয়ে ঘূৰি ফুৰিছিল। হয়, এই গাড়ীখনৰ নাম এম্বেছাদৰ(Ambassador)। এসময়ত এম্বেছাদৰ গাড়ী দেশৰ অন্যতম জনপ্ৰিয় গাড়ী হিচাপে পৰিগণিত হৈছিল। এম্বেছাদৰ গাড়ী থকা মানে সম্ভ্ৰান্ত পৰিয়াল বুলি ধৰা হৈছিল। অৱশ্যে এতিয়া এই গাড়ীৰ বিক্ৰী বন্ধ হৈ গৈছে।

 
এম্বেছাদৰ গাড়ী নিৰ্মাণ কৰা বিখ্যাত কোম্পানী হিন্দুস্তান মটৰ্ছে ইলেক্ট্ৰিক বাহন ছেগমেণ্টত প্ৰৱেশ কৰি পুনৰবাৰ কামবেক কৰাৰ পৰিকল্পনা কৰিছে। আচলতে এই আইকনিক গাড়ীখনে ইলেক্ট্ৰিক অৱতাৰৰ সৈতে কামবেক কৰিবলৈ ওলাইছে। ভাৰতীয় অটোমোবাইল উদ্যোগত দ্ৰুত পৰিৱৰ্তন ঘটিছে। বৈদ্যুতিক বাহনৰ প্ৰতি জনসাধাৰণৰ আগ্ৰহ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। বৈদ্যুতিক বাহনৰ প্ৰচাৰৰ বাবে প্ৰয়োজনীয় চাৰ্জিং আন্তঃগাঁথনি শক্তিশালী কৰি তুলিছে চৰকাৰে। পৰিৱৰ্তিত পৰিৱেশত অটো নিৰ্মাতাসকলে নিজৰ বৈদ্যুতিক বাহনৰ নতুন মডেল প্ৰৱৰ্তন কৰিছে।



হিন্দুস্তান মটৰ্ছে ইভি উদ্যোগত ইউৰোপৰ এটা অটোমোবাইল কোম্পানীৰ সৈতে হাত মিলাই নিজৰ ব্যৱসায় পুনৰুজ্জীৱিত কৰিবলৈ বিচাৰিছে। অৱশ্যে কোম্পানীটোৰ সন্দৰ্ভত এতিয়ালৈকে বিশেষ তথ্য প্ৰকাশ হোৱা নাই। কিন্তু খবৰ অনুসৰি হিন্দুস্তান মটৰ্ছে ইউৰোপীয় ইভি নিৰ্মাতা কোম্পানীটোৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। বৰ্তমান দুয়োজন উৎপাদকে ইকুইটি গাঁথনিৰ বিষয়ে আলোচনা কৰি আছে। 



বৰ্তমানৰ প্ৰস্তাৱিত কাঠামোত হিন্দুস্তান মটৰ্ছৰ হাতত থাকিব ৫১ শতাংশ আৰু ইউৰোপীয় ব্ৰেণ্ডৰ হাতত থাকিব বাকী ৪৯ শতাংশ।কেৱল বৈদ্যুতিক গাড়ীয়েই নহয়, বৈদ্যুতিক দুচকীয়া বাহনো নিৰ্মাণ কৰা হ’ব এই যৌথ উদ্যোগৰ জৰিয়তে। আচলতে কোম্পানীটোৰ পৰা প্ৰথমটো প্ৰডাক্ট হ’ব এখন ইলেক্ট্ৰিক স্কুটাৰ। ইলেক্ট্ৰিক স্কুটাৰ বা বাইকখনে ক্ৰেতাসকলৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছে। ইলেক্ট্ৰিক দুচকীয়া বাহনৰ বজাৰখন সৰ্বকালৰ সৰ্বোচ্চ স্তৰত আছে আৰু ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। পশ্চিমবংগৰ হিন্দুস্তান মটৰ্ছৰ উত্তৰপাৰা প্লাণ্টত প্ৰথমে নিৰ্মাণ কৰা হ’ব বৈদ্যুতিক বাহনসমূহ। ২০১৪ চনলৈকে কাৰ্যক্ষম আছিল এই উদ্যোগটো। কোম্পানীটোৱে ব্যৱহাৰ কৰিব ২৯৫ একৰ উত্তৰপাৰা এলেকা। এই যৌথ উদ্যোগত প্ৰায় ৬০০ কোটি টকা বিনিয়োগ কৰা হ’ব। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰৰ বাবে মহৌষধ হালধি! আচাৰ্য বালকৃষ্ণই জনালে কেনেদৰে কৰিব লাগে ব্যৱহাৰ
১০ মাহত ৮৯৯ কৃষকৰ আত্মহত্যা মহাৰাষ্ট্ৰত, ৮ জিলাত বৃষ্টিপাত-বানৰ বাবে শস্য নষ্ট
দেশত প্রতি আঠ মিনিটত এটিকে শিশু নিখোঁজ, ৯ ডিচেম্বৰৰ ভিতৰত আৱশ্যকীয় কাৰ্যপন্থা ল'বলৈ কেন্দ্রক নির্দেশ উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত জঘন্য ঘটনা; দুই যুৱকৰ কামনাৰ বলি নাবালিকা
এম জি এনৰেগাৰ ডাটাবেছৰ পৰা প্ৰায় ২৭ লাখ শ্রমিকৰ নাম কৰ্তন
মণিপুৰৰ কাংপকপীত ২৫একৰ ভূমিৰ আফিং খেতি ধ্বংস, আছাম ৰাইফলছৰ অভিযান
হাজো আৰক্ষী আৰু দদৰা আৰক্ষীৰ বৃহৎ সফলতা; আৰক্ষীয়ে খেদি খেদি ধৰিলে মহানগৰীৰ পৰা লাখ লাখ টকাৰ বেটাৰী কঢ়িওৱা হাইজেক হোৱা ট্ৰাক
ৰূপহীহাটৰ জুৰীয়াত ভূমিকেন্দ্ৰিক সংঘাতত আহত তিনিজন
দিল্লী বিস্ফোৰণৰ আঁৰত পাকিস্তানী ঔৰংজেৱ
বিহাৰ নিৰ্বাচনৰ ফলাফলৰ বিষয়ে জানো আহক
ক্ষুদ্র চাহ খেতিয়কক কেঁচা পাতৰ ন্যায্য মূল্য দিবলৈ দাবী
২০২৬ত বিজেপিৰ লক্ষ্য পশ্চিম বংগ
কনিষ্ঠতম বিধায়িকাৰ স্বীকৃতি পালে মৈথিলী ঠাকুৰে, লোকসংগীতৰ শিল্পীৰ পৰা ৰাজনীতিক হোৱাৰ যাত্ৰা
বালাজান আৰক্ষীৰ সফলতা; বৃহৎপৰিমাণৰ গাঁজাসহ আটক সৰবৰাহকাৰী কুতুবউদ্দিন আলী