--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশ এৰি ভাৰতত আশ্ৰয় লৈছিল হাছিনাই।যোৱা ৫ আগষ্টতে বাংলাদেশ এৰিছিল হাছিনাই।‌এতিয়া বিপদ বাঢ়িছে হাছিনাৰ।‌কিয়নো‌ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাকে ধৰি ৪৫ জন লোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে। তদন্তকাৰী সংস্থাটোৱে হাছিনাকে ধৰি আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি ১৮ নৱেম্বৰৰ ভিতৰত ন্যায়াধিকৰণত হাজিৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।


কোটা সংস্কাৰ আন্দোলনৰ সময়ত ‘গণহত্যা আৰু মানৱতাৰ বিৰোধী অপৰাধ’ৰ অভিযোগত দাখিল কৰা গোচৰ দুটাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে এই ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰে এটা কোটা সংস্কাৰ আন্দোলনত নিহত হোৱা ছাত্ৰ মহম্মদ মেহদীৰ পিতৃ মহম্মদ ছানাউল্লাই দাখিল কৰিছিল। আনজন হৈছে নিহত নেতা আৰিফ আহমেদ চিয়ামৰ পিতৃ মহম্মদ বুলবুল কবীৰ। কেৱল হাছিনাই নহয়, তেওঁৰ চৰকাৰ, দল আৱামী লীগ আৰু ইয়াৰ বিভিন্ন শাখাৰ মন্ত্ৰী আৰু কেইবাজনো চৰকাৰী বিষয়াৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছিল। শ্বেখ হাছিনাৰ বিৰুদ্ধে বিভিন্ন মহলে ‘গণহত্যাৰ’ অভিযোগ উত্থাপন হৈছে। 


৫ আগষ্টত জনসাধাৰণৰ প্ৰতিবাদৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি হাছিনাই ঢাকা এৰি ভাৰতলৈ আহে।বৰ্তমান শ্বেখ হাছিনা ভাৰতত আশ্ৰয় লৈ আছে আৰু এতিয়া বাংলাদেশ চৰকাৰে ভাৰতৰ পৰা আৱামী লীগৰ নেতাগৰাকীক প্ৰত্যাৰ্পণৰ দাবী কৰিব পাৰে। এতিয়া প্ৰশ্ন হয় যে ভাৰত কি কৰিব এতিয়া? 


ভাৰত আৰু বাংলাদেশৰ মাজত প্ৰত্যাৰ্পণ চুক্তি অনুসৰি সীমান্তৰ উগ্ৰবাদ, সন্ত্ৰাসবাদ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা অপৰাধীক যিকোনো এখন দেশৰ অনুৰোধত উভতাই পঠিওৱা হ’ব। কিন্তু যদি অপৰাধটো ৰাজনৈতিক প্ৰকৃতিৰ হয় তেন্তে প্ৰত্যাৰ্পণ নাকচ কৰিব পাৰি। ইয়াৰ উপৰিও সামৰিক অপৰাধৰ সৈতে জড়িত গোচৰতো প্ৰত্যাৰ্পণ নাকচ কৰিব পাৰি। সেয়ে পৰবৰ্তী সময়তহে ভাৰতৰ স্থিতি স্পষ্ট হ'ব। 

প্ৰসংগক্ৰমে উল্লেখনীয় বিষয় এই যে ২০১০ চনত হাছিনাৰ কাৰ্যকালত ১৯৭১ চনৰ মুক্তিযুদ্ধত মানৱতাৰ বিৰুদ্ধে অপৰাধৰ গোচৰৰ বিচাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ গঠন কৰা হৈছিল। এই ন্যায়াধিকৰণে ইতিমধ্যে ১৯৭১ চনত মানৱতাৰ বিৰুদ্ধে অপৰাধৰ গোচৰত বহু লোকৰ বিচাৰ চলাইছে। ফাঁচীকে ধৰি বিভিন্ন কাৰাদণ্ডৰ কাৰাদণ্ডৰ ব্যৱস্থা কৰা হৈছে। হাছিনাৰ কাৰ্যকালত মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগত অভিযুক্ত আন কেইবাজনো লোকৰ বিচাৰো ন্যায়াধিকৰণত চলি আছিল। এইবাৰ গ্ৰেপ্তাৰৰ পৰোৱানাৰ সন্মুখীন হ’ল নিজেই হাছিনা।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement