--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ৰে’লৱেৰ আগতীয়া টিকট বুকিং ব্যৱস্থাত এক বৃহৎ পৰিৱৰ্তন কৰা হৈছে। এতিয়া ৬০ দিন আগতীয়াকৈ আৰম্ভ হ’ব ৰে’লত আসনৰ আগতীয়াকৈ ৰিজাৰ্ভেচন। ইয়াৰ পূৰ্বে যাত্ৰীসকলে ভ্ৰমণ পৰিকল্পনাৰ ১২০ দিন আগতেই টিকট বুকিং আৰম্ভ কৰিছিল। ৰেলৱেৰ এই নিয়ম কেতিয়া কাৰ্যকৰী হ’ব আৰু যিসকল যাত্ৰীৰ টিকট ইতিমধ্যে বুকিং কৰা হৈছে তেওঁলোকৰ কি হ’ব জানো আহক ৷ ইয়াৰ বাহিৰেও এটা প্ৰশ্ন উত্থাপন হৈছে যে যিবোৰ ৰে’লত সকলো আসন ১২০ দিন আগতীয়াকৈ বুকিং কৰা হৈছে, সেইবোৰ ৰে’লত পুনৰ আসন উপলব্ধ হ’বনে?


Railways Changes Rules For Advance Ticket Booking, Reduces It From 120 Days  To… - Rightsofemployees.com


ৰে’ল মন্ত্ৰালয়ে বৃহস্পতিবাৰে অৰ্থাৎ ১৭ অক্টোবৰ ২০২৪ তাৰিখে ৰে’লৱে বুকিং ব্যৱস্থাত পৰিৱৰ্তন কৰিবলৈ এক অধিসূচনা জাৰি কৰে। আগতীয়াকৈ ৰিজাৰ্ভচন কৰাৰ সময়সীমা সলনি কৰা হৈছে বুলি উল্লেখ এই অধিসূচনাত। এতিয়াৰ পৰা মাত্ৰ ৬০ দিন আগতেই ৰিজাৰ্ভেচন আৰম্ভ হ’ব, যিটো আগতে ১২০ দিন আগতে আৰম্ভ হৈছিল। ৰে’ল মন্ত্ৰালয়ে এই সিদ্ধান্ত লোৱাৰ কাৰণ দাঙি ধৰিছে।


ৰে’ল মন্ত্ৰালয়ৰ অধিসূচনা অনুসৰি আগতীয়াকৈ টিকট বুকিং ব্যৱস্থাৰ নতুন পৰিৱৰ্তন ২০২৪ চনৰ ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব। অৰ্থাৎ ১২০ দিন আগতীয়াকৈ ৰিজাৰ্ভেচন কৰাৰ ব্যৱস্থা ৩১ অক্টোবৰলৈকে চলি থাকিব। একে সময়তে ২০২৪ চনৰ ১ নৱেম্বৰৰ ৬০ দিনৰ পূৰ্বে এই ৰিজাৰ্ভেচন ব্যৱস্থা কাৰ্যকৰী কৰা হ’ব। অৰ্থাৎ ৩১ অক্টোবৰত ২০২৫ চনৰ ২৫ ফেব্ৰুৱাৰীলৈকে টিকট বুকিং কৰিব পাৰিব। একে সময়তে ২০২৪ চনৰ ১ নৱেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈকেহে আগতীয়াকৈ ৰিজাৰ্ভেচন কৰিব পাৰিব।

Indian Railways revises advance ticket booking period: Check new rules -  BusinessToday

ভাৰতত সাধাৰণ জনতাই যিকোনো ঠাইলৈ যোৱাৰ পৰিকল্পনা কৰাৰ লগতে আগতীয়াকৈ যাতায়ত ব্যৱস্থাৰ বিষয়ে চিন্তা কৰে । এনে পৰিস্থিতিত আগতীয়াকৈ টিকট বুকিং কৰা লোকৰ সংখ্যাও বহু । প্ৰশ্ন উত্থাপন হয় যে ৰে’ল মন্ত্ৰালয়ৰ এই নতুন সিদ্ধান্তই সেই যাত্ৰীসকলৰ ওপৰত কিবা প্ৰভাৱ পেলাব নেকি? আপোনালোকক জনাওঁ যে ৰে’ল মন্ত্ৰালয়েও ইয়াৰ অধিসূচনাত এই বিষয়ে তথ্য দিছে। ১ নৱেম্বৰৰ পূৰ্বে বুকিং কৰা টিকটত এই নতুন সিদ্ধান্তৰ কোনো প্ৰভাৱ নপৰে বুলি মন্ত্ৰালয়ে স্পষ্টভাৱে উল্লেখ কৰিছে ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল