--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এই কথা কম-বেছি পৰিমাণে সকলোৱে জানে যে টেঙা দৈ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী। চিকিৎসাবিজ্ঞানৰ মতে, প্ৰতিদিনে এবাটি টেঙা দৈ খালে বহুতো শাৰীৰিক সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। দুপৰীয়াৰ আহাৰ খোৱাৰ পাছত টেঙা দৈ খালে শৰীৰৰ বহুতো লাভালাভ হয়। এদিনত ৩০০-৫০০ গ্ৰাম দৈ খোৱাটো শৰীৰৰ বাবে উপকাৰী বুলি বিভিন্ন গৱেষণাত প্ৰকাশ পাইছে৷

আনহাতে, যদি আপুনি প্ৰয়োজনতকৈ অধিক দৈ খায়, ইয়াৰ ফলত শৰীৰত অত্যাধিক কেলচিয়াম উৎপন্ন হ’ব পাৰে। যিয়ে আপোনাৰ স্বাস্থ্যৰ জটিলতা বৃদ্ধি কৰিব পাৰে। মনত ৰাখিব, মিঠা দৈতকৈ টেঙা দৈ খোৱাটোহে অধিক উপকাৰী।

বহুলোকে তেওঁলোকৰ ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ চৰ্বী পৰিহাৰ কৰে। আৰু টেঙা দৈত বহুত কম পৰিমাণৰহে চৰ্বী থাকে। সেইকাৰণে টেঙা দৈয়ে ওজন হ্ৰাস কৰাত সহায় কৰে। টেঙা দৈ তেজৰ কলেষ্ট’ৰল হ্ৰাস কৰাতো বিশেষভাৱে সহায়ক বুলি প্ৰমাণিত হৈছে। সেয়েহে নিয়মিত টেঙা দৈ খোৱাৰ অভ্যাসে ষ্ট্ৰোক আৰু হৃদযন্ত্ৰৰ সমস্যাৰ আশংকা হ্ৰাস কৰে।

টেঙা দৈৰ লেক্টিকে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাত সহায় কৰে। যদি আপুনি ইয়াক নিয়মীয়াকৈ খাব পাৰে, মলাশয়ৰ কৰ্কট ৰোগৰ আশংকা হ্ৰাস হয়। দৈয়ে হজমশক্তিক উন্নত কৰে। দৈ খালে মানসিক চাপ আৰু উদ্বেগ হ্ৰাস হয়।

বহুলোকক বদহজমৰ সমস্যাত ভোগা দেখা যায়। টেঙা দৈয়ে এই সমস্যাটো দূৰ কৰাত সহায় কৰিব পাৰে। টেঙা দৈৰ ‘কিণ্বিত এনজাইমে’ খাদ্য হজম কৰাত সহায় কৰে আৰু বদহজম প্ৰতিহত কৰে। নিয়মীয়াকৈ এবাটি দৈ খাই ওজন হ্ৰাস কৰাৰ ২২ শতাংশ সম্ভাৱনা আছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ