--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিউয়ৰ্কৰ আদালতত দাখিল কৰা আৱেদনত গোচৰীয়া পক্ষই কয় যে তেওঁলোক এই অভিযোগৰ সত্যতা প্রমাণ কৰিব পৰা অৱস্থাত নাই আৰু সেয়েহে চূড়ান্তভাৱে আদানিৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰা হৈছে।

ডিজিটেল ডেস্ক : আমেৰিকাৰ ন্যায় বিভাগে ভাৰতৰ উদ্যোগপতি গৌতম আদানিৰ বিৰুদ্ধে সকলো অপৰাধমূলক অভিযোগ স্থায়ীভাৱে প্রত্যাহাৰ কৰে। ইয়াৰ লগে লগে নিউয়র্কত চলি থকা ছিকিউৰিটি আৰু প্ৰৱঞ্চনাৰ অভিযোগত তৰা গোচৰ স্থায়ীভাৱে বন্ধ হয়।


নিউয়ৰ্কৰ আদালতত দাখিল কৰা আৱেদনত গোচৰীয়া পক্ষই কয় যে তেওঁলোক এই অভিযোগৰ সত্যতা প্রমাণ কৰিব পৰা অৱস্থাত নাই আৰু সেয়েহে চূড়ান্তভাৱে আদানিৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰা হৈছে। ইয়াৰ পাছত আদালতে আদানি আৰু তেওঁৰ ভতিজাকৰ বিৰুদ্ধে দাখিল কৰা অভিযোগসমূহ স্থায়ীভাৱে খাৰিজ কৰে। 


আদানিৰ বিৰুদ্ধে এই গোচৰটো ২০২৪ চনৰ শেষৰফালে ৰুজু কৰা হৈছিল। ইয়াত এই বুলি অভিযোগ কৰা হৈছিল যে আদানি গ্রুপে ভাৰতত সৌৰশক্তিৰ প্ৰকল্পৰ লগত জড়িত ঠিকা লাভৰ বাবে তথাকথিত ২৬.৫ কোটি ডলাৰৰ উৎকোচ দিয়াৰ চক্রান্ত কৰিছিল আৰু আমেৰিকাৰ বিনিয়োগকাৰীৰ পৰা তথ্য লুকুৱাইছিল। অৱশ্যে আদানি গ্রুপে এই অভিযোগ অগ্রাহ্য কৰি আহিছিল। উল্লেখযোগ্য যে বিগত কেইটামান দিনত আদানি গ্ৰুপৰ সৈতে জড়িত কেইবাটাও গোচৰৰ নিষ্পত্তি কৰাহয়। আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিশ্যনে বিনিয়োগকাৰীয়ে দিয়া তথ্যৰ সৈতে জড়িত দেৱানী অভিযোগৰ ক্ষেত্ৰত বুজাপৰা কৰা হয়। ইয়াৰ অধীনত গৌতম আদানিয়ে ৬০ লাখ ডলাৰ আৰু সাগৰ আদানিয়ে ১.২ কোটি ডলাৰ আমেৰিকাক দিয়াৰ প্রতিশ্রুতি দিয়ে। ইফালে আদানি এণ্টাৰপ্ৰাইজেছে ইৰানৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা উলংঘা কৰাৰ অভিযোগৰো আমেৰিকাৰ চৰকাৰৰ সৈতে বুজাপৰা কৰে। 


আমেৰিকাৰ চৰকাৰে প্ৰকাশ কৰা মতে, আদানি গ্ৰুপৰ কোম্পানীটোৱে ইৰানৰ বিৰুদ্ধে আৰোপ কৰা নিষেধাজ্ঞা উলংঘাৰ অভিযোগ নিষ্পত্তি কৰাৰ বাবে ২৭.৫ কোটি ডলাৰৰ ক্ষতিপূৰণ দিয়াত সন্মতি জনায়। আমেৰিকাৰ বিত্ত বিভাগৰ অভিযোগ মতে, আদানি এণ্টাৰপ্ৰাইজেছে ডুবাইস্থিত এজন ব্যৱসায়ীৰ পৰা এল পি জি ক্রয় কৰিছিল। এই এল পি জি ওমান আৰু ইৰাকৰ পৰা যোগান ধৰা বুলি ক'লেও আমেৰিকাৰ বিত্ত বিভাগৰ মতে ইয়াৰ মূল উৎস আছিল ইৰান। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
ডিব্ৰুগড়ত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! শহুৰেকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত বোৱাৰী
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান