ডিজিটেল ডেস্ক: অনিশ্চয়তাৰ দিশলৈ গতি কৰা মধ্যপ্রাচ্যৰ যুদ্ধই অসমৰ চাহ উদ্যোগৰ ওপৰতো নেতিবাচক প্রভাৱ পেলাইছে। সমান্তৰালভাৱে সচৰাচৰ এপ্রিল মাহৰপৰা আৰম্ভ হোৱা চাহ উৎপাদনৰ নতুন 'ছিজন'টোত জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনৰ বাবে ইতিমধ্যে সংকটত জৰ্জৰিত হৈ থকা অসমৰ চাহ উদ্যোগে আন এক চৰম প্ৰত্যাহ্বানৰ দিশলৈ গতি কৰিছে।
উল্লেখযোগ্য যে চলিত বৰ্ষৰ যোৱা ফেব্ৰুৱাৰী মাহৰপৰা আৰম্ভ হোৱা আমেৰিকা যুক্তৰাজ্য আৰু ইজৰাইলৰ নেতৃত্বৰ মধ্যপ্রাচ্যৰ যুদ্ধই ইতিমধ্যে চাৰি মাহত ভৰি দিয়াৰ পাছতো যুদ্ধৰ পৰিসমাপ্তিৰ উপায় উদ্ভাৱন নোহোৱাৰ ফলত মধ্যপ্রাচ্যৰ দেশসমূহৰ ইন্ধনৰ ওপৰত নিৰ্ভৰশীল ভাৰতৰ দৰে দুৰ্বল অৰ্থনীতিৰ দেশসমূহত সম্প্রতি গভীৰ সংকটে দেখা দিছে। তেনেদৰে ইৰানৰ মাজেৰে মধ্যপ্রাচ্যৰ দেশসমূহলৈ প্ৰেৰণ কৰা অসমৰ অৰ্থডক্স চাহকে ধৰি বিভিন্ন প্ৰকাৰৰ গুণগত উন্নত মানৰ চাহৰ বজাৰখনো মধ্যপ্রাচ্যৰ যুদ্ধৰ ফলত বিগত চাৰিমাহ ধৰি অচল হৈ পৰিছে। এনে অৱস্থাত অসমৰ চাহ খেতিয়কসকল তথা সামগ্রিকভাৱে ৰাজ্যৰ চাহ উদ্যোগটোৱেই অভাৱনীয়ভাৱে ক্ষতিৰ সন্মুখীন হোৱাত চাহৰপৰা আহৰণ কৰা বৈদেশিক মুদ্ৰাৰ পৰাও আমাৰ দেশ বঞ্চিত হ'ব লগা হৈছে।
সাম্প্রতিক সময়ত অসমৰ চাহ উদ্যোগটোৱে এনেবোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ অহাৰ সময়তে চাহৰ বাবে ক্ৰমাৎ অনুপযোগী হৈ পৰা অসমৰ জলবায়ু তথা বতৰৰ অস্বাভাৱিক অৱস্থাৰ সন্দৰ্ভত ৰাজ্যখনৰ সবাটোকৈ পুৰণি চাহ খেতিয়কসকলৰ সংগঠন অসম চাহ খেতিয়ক সংস্থা চমুকৈ এ টি পি এৰ অধ্যক্ষ সমুদ্র প্রসাদ বৰুৱাই কয় যে ভিন্ন সমস্যাৰে আৱৰি থকা ৰাজ্যখনৰ সৰ্ববৃহৎ কৃষি অর্থনীতিৰ বৰঙনি জড়িত হৈ থকা চাহ উদ্যোগটোৰ বাবে এইবছৰটো যথেষ্ট জটিল সময় হ'ব। কিয়নো মার্চ মাহপর্যন্ত বিগত পাঁচ-ছয় মাহ একপ্রকাৰ খৰাং বতৰতেই পাৰ হৈ যোৱাৰ পাছত এপ্রিল মাহত বৰষুণ আহিল যদিও এই বৰষুণৰ বতৰে চাহৰ বাবে ভয়ানক গতিত ভিন্ন বেমাৰহে কঢ়িয়াই আনিছে। কিয়নো এপ্ৰিলৰ শেষ ভাগৰপৰা আৰু মে' মাহৰ ভিতৰত সচৰাচৰ পাতলীয়া বৰষুণ হয় আৰু দিনত এই সময়ছোৱাত ৰ'দৰ উত্তাপ থকাত বতৰৰ যি উষ্ণতা সেই উষ্ণতাই নতুন ছিজনৰ চাহক যথেষ্ট সহায় কৰে। কিন্তু এইবাৰ এনে বতৰৰ সম্পূৰ্ণ বিপৰীত অৱস্থা উদ্ভৱ হোৱাত চাহৰ ছিজন আৰম্ভ হোৱা প্ৰথমটো খোজতেই চাহ গছত দ্রুত গতিত বেমাৰে ধৰিছে আৰু এই সময়ত চাহৰ ৰোগ প্ৰতিৰোধৰ বাবে দিনত চাহ গছত ঔষধ প্রয়োগ কৰিলেও নিশাৰ প্ৰবল বৰষুণত ঔষধ উটি যোৱাত বেমাৰ নিয়ন্ত্ৰণত ঔষধে কাম নকৰাত চাহ খেতিয়কসকল গভীৰ সমস্যাৰ সন্মুখীন হৈছে বুলিও বৰুৱাই প্ৰসংগক্রমে উল্লেখ কৰে।
আনহাতে, উজনি অসমত এতিয়াও নিশাৰ ভাগত বতৰ যথেষ্ট সেমেকা হৈ থকাত এই সময়ছোৱাত নতুন গুণগত মানসম্পন্ন চাহ গছৰ পাত যি গতিত গঠন হ'ব লাগে সেয়া নাই হোৱা বুলিও তেওঁ উল্লেখ কৰে। ইফালে, দিনক দিনে উৎপাদনী ব্যয় বৃদ্ধি, ইন্ধনৰ মূল্য বৃদ্ধি, গোলকীয় জলবায়ুৰ প্ৰভাৱ, মজুৰি বৃদ্ধি, চাহৰ বাবে প্রয়োজনীয় ঔষধৰ মূল্য বৃদ্ধি আদিয়ে চাহ উদ্যোগক জুৰুলা কৰাৰ সময়তো চাহৰ খুচুৰা বিক্ৰীৰ মূল্য বৃদ্ধি নোহোৱাত ক্ষুদ্র চাহ খেতিয়কেই হওক কিম্বা মজলীয়া বা বৃহৎ বাগিচাৰ চাহ খেতিয়কেই হওক সকলোৱেই এক প্রকাৰ হতাশাত ভুগিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। এই প্রসংগতে বিশিষ্ট চাহ উদ্যোগীজনে শেহতীয়াকৈ দেশত ইন্ধনকে ধৰি সকলো সামগ্ৰীৰে চৰকাৰে দাম বৃদ্ধি কৰাৰ লগতে গাখীৰৰ দাম বৃদ্ধি কৰাটোহে আমাৰ বাবে বোধগম্য নহ'ল বুলি মন্তব্য কৰি এতিয়া গাখীৰৰ মূল্য বৃদ্ধিৰ প্ৰভাৱেও প্রত্যক্ষ আৰু পৰোক্ষভাৱে চাহৰ ব্যৱহাৰত বাধ্যবাধকতা আনি দিব আৰু ইয়াৰ নেতিবাচক প্ৰভাৱ চাহত পৰিব।
ৰাজ্যখনৰ চাহ উদ্যোগৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰসংগতে বৰুৱাই জানিবলৈ দিয়ে যে মধ্যপ্রাচ্যৰ যুদ্ধৰ ফলত ইৰানৰ মাজেৰে মধ্যপ্রাচ্যৰ ভিন্ন দেশলে পঠোৱা ৪০ শতাংশ অর্থডক্স চাহৰ বজাৰখন আজি বেয়া ধৰণে ক্ষতিগ্রস্ত হৈছে। অর্থডক্স চাহ প্রসংগতে চাহ উদ্যোগীজনে লগতে কয় যে ৰাজ্য চৰকাৰেও অৰ্থডক্স চাহ উৎপাদনৰ বাবে উদ্দ্গনিমূলক ব্যৱস্থা হাতত লৈছিল যদিও উৎপাদনী ব্যয় বৃদ্ধি, বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন, পৰিবহণ ব্যয় বৃদ্ধি আদিয়েই অসমৰ গৰিষ্ঠসংখ্যক পৰিয়াল জড়িত হৈ থকা উদ্যোগৰ বাবে গভীৰ সংকটহে নামি আহিছে।
উৎস: দৈনিক জনমভূমি