--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নতুন চৰকাৰ গঠনৰ বাবে এতিয়াৰ চৰকাৰে পদত্যাগ কৰা, এন ডি এই দলপতি নিৰ্বাচন কৰা আৰু ৰাজ্যিক বিজেপিৰ সভাপতিয়ে ৰাজ্যপালক চৰকাৰ গঠনৰ প্ৰস্তাৱ দিবৰ বাবে যাৱতীয় প্রক্রিয়া আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰিছিল।

ডিজিটেল ডেস্ক: বিপুল ব্যৱধানত জয়ী হোৱাৰ পাছত বিজেপি নেতৃত্বাধীন এন ডি এই অহা ৮ মে’ত পুনৰ চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে। নির্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে জয়ী হোৱাৰ পাছত এতিয়া চৰকাৰ গঠনৰ আইনী আৰু ৰাজনৈতিক প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ হৈছে।


বাজপেয়ী ভৱনত সংবাদমেল সম্বোধন কৰা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নতুন চৰকাৰ গঠনৰ বাবে এতিয়াৰ চৰকাৰে পদত্যাগ কৰা, এন ডি এই দলপতি নিৰ্বাচন কৰা আৰু ৰাজ্যিক বিজেপিৰ সভাপতিয়ে ৰাজ্যপালক চৰকাৰ গঠনৰ প্ৰস্তাৱ দিবৰ বাবে যাৱতীয় প্রক্রিয়া আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰিছিল। 


কিন্তু প্রাপ্ত তথ্য অনুসৰি কালি বিয়লি মুখ্যমন্ত্রী ড° শৰ্মাই বাসগৃহত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াৰ সৈতে এক আলোচনাত মিলিত হয়। ৰাজ্যিক সভাপতি আৰু মহাধিবক্তাৰ সৈতে হোৱা এই বৈঠকত চৰকাৰ গঠনৰ যাৱতীয় আইনী দিশ আৰু শপতগ্ৰহণৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা বুলি জানিব পৰা গৈছে। 


এই বৈঠকতে নতুন চৰকাৰ গঠন কৰাৰ বাবে পদক্ষেপ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি অহা ৮ মে'ত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ নতুন চৰকাৰে শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান