--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নতুন চৰকাৰ গঠনৰ বাবে এতিয়াৰ চৰকাৰে পদত্যাগ কৰা, এন ডি এই দলপতি নিৰ্বাচন কৰা আৰু ৰাজ্যিক বিজেপিৰ সভাপতিয়ে ৰাজ্যপালক চৰকাৰ গঠনৰ প্ৰস্তাৱ দিবৰ বাবে যাৱতীয় প্রক্রিয়া আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰিছিল।

ডিজিটেল ডেস্ক: বিপুল ব্যৱধানত জয়ী হোৱাৰ পাছত বিজেপি নেতৃত্বাধীন এন ডি এই অহা ৮ মে’ত পুনৰ চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে। নির্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে জয়ী হোৱাৰ পাছত এতিয়া চৰকাৰ গঠনৰ আইনী আৰু ৰাজনৈতিক প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ হৈছে।

বাজপেয়ী ভৱনত সংবাদমেল সম্বোধন কৰা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নতুন চৰকাৰ গঠনৰ বাবে এতিয়াৰ চৰকাৰে পদত্যাগ কৰা, এন ডি এই দলপতি নিৰ্বাচন কৰা আৰু ৰাজ্যিক বিজেপিৰ সভাপতিয়ে ৰাজ্যপালক চৰকাৰ গঠনৰ প্ৰস্তাৱ দিবৰ বাবে যাৱতীয় প্রক্রিয়া আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰিছিল। 

কিন্তু প্রাপ্ত তথ্য অনুসৰি কালি বিয়লি মুখ্যমন্ত্রী ড° শৰ্মাই বাসগৃহত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াৰ সৈতে এক আলোচনাত মিলিত হয়। ৰাজ্যিক সভাপতি আৰু মহাধিবক্তাৰ সৈতে হোৱা এই বৈঠকত চৰকাৰ গঠনৰ যাৱতীয় আইনী দিশ আৰু শপতগ্ৰহণৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা বুলি জানিব পৰা গৈছে। 

এই বৈঠকতে নতুন চৰকাৰ গঠন কৰাৰ বাবে পদক্ষেপ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি অহা ৮ মে'ত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ নতুন চৰকাৰে শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

উৎস: দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ