--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইয়াৰ লগে লগে ১৯৮০ চনত গঠন হোৱা বিজেপিয়ে দেশৰ আধাতকৈ অধিক জনসংখ্যাক শাসন কৰা তথা ৪৬ বছৰৰ ভিতৰত বিজেপি তথা এন ডি এই দেশৰ ৭০% তকৈ অধিক জনসংখ্যাক শাসন কৰাটো নিশ্চিত হৈছে।

ডিজিটেল ডেস্ক: পাঁচখন ৰাজ্যত হোৱা বিধানসভাৰ নিৰ্বাচনত আজি তিনিখনত ক্ষমতাৰ পৰিৱৰ্তন হয়। বিজেপি তথা এন ডি এই অসমৰ উপৰি পশ্চিম বংগ আৰু পুডুচেৰীত ক্ষমতা দখল কৰাৰ বিপৰীতে কংগ্ৰেছে কেৰালাত দহ বছৰৰ পাছত ক্ষমতা দখল কৰে। আনহাতে, তামিলনাডুত ডি এম কেৰ শাসনৰ অন্ত পৰাটো নিশ্চিত হৈ পৰে।


কিন্তু পাঁচখন ৰাজ্যৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল পশ্চিম বংগৰ নির্বাচন। ৰাজ্যখনত বিজেপিয়ে এক ধুমুহাৰ সৃষ্টি কৰি দুই শতাধিক আসনত জয়লাভ কৰে। ইয়াৰ লগে লগে ১৯৮০ চনত গঠন হোৱা বিজেপিয়ে দেশৰ আধাতকৈ অধিক জনসংখ্যাক শাসন কৰা তথা ৪৬ বছৰৰ ভিতৰত বিজেপি তথা এন ডি এই দেশৰ ৭০% তকৈ অধিক জনসংখ্যাক শাসন কৰাটো নিশ্চিত হৈছে। 


ইয়াৰ লগতে উত্তৰ প্ৰদেশ, বিহাৰ, মধ্য প্রদেশ, ৰাজস্থান, গুজৰাটৰ পাছত এতিয়া পশ্চিম বংগৰ দৰে ডাঙৰ ৰাজ্য এতিয়া বিজেপিৰ শাসনৰ অধীনলৈ গ'ল। আজি পশ্চিম বংগত জয়লাভ কৰাৰ পাছত দেশৰ ৩১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত ২২খনত বিজেপি তথা এন ডি এই ক্ষমতা দখল কৰে। মন কৰিবলগীয়া যে বিজেপিয়ে মিজোৰামক বাদ দি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত এতিয়া বিজেপি তথা এন ডি এৰ চৰকাৰ আছে। দেশৰ ৰাজধানী দিল্লীৰ উপৰি উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থান, মহাৰাষ্ট্ৰ, মধ্য প্রদেশ, উত্তৰাখণ্ড, পশ্চিম বংগ, ছট্টিশগড়, হাৰিয়ানা, ওড়িশা, গুজৰাট, অসম, গোৱা, অন্ধ্র প্রদেশ, অৰুণাচল প্রদেশ, ত্ৰিপুৰা, নগালেণ্ড, মণিপুৰ, ছিকিম, মেঘালয় আৰু মণিপুৰত বিজেপি তথা এন ডি এৰ চৰকাৰ আছে। 


আনহাতে, বিৰোধী ইণ্ডিয়া মর্চা এতিয়া ক্ষমতাত আছে মাত্র ছখন ৰাজ্যতহে। এসময়ত সমগ্র দেশত ক্ষমতাত থকা দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল কংগ্রেছ হিমাচল প্রদেশ, তেলেংগানা, কর্ণাটক আৰু কেৰালাত ক্ষমতাত আছে। জম্মু আৰু কাশ্মীৰত নেশ্যনেল কনফাৰেন্স, ঝাৰখণ্ডত জে এম এমৰ নেতৃত্বৰ চৰকাৰ আছে। আনহাতে, পঞ্জাবত আম আদমি পার্টি শাসনত আছে। 


আনহাতে, ইণ্ডিয়া মর্চাই নির্বাচনত এখন ৰাজ্য হেৰুৱালে। তামিলনাডুত ডি এম কে মৰ্চাৰ পৰাজয়ৰ পাছত বিজয়ৰ নেতৃত্বৰ টি ভি কেই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে যদিও চৰকাৰ গঠনৰ বাবে আন দলৰ সহায়ৰ প্ৰয়োজন হ'ব। ইফালে, পাঁচখন ৰাজ্যত হোৱা বিধানসভাৰ নিৰ্বাচনৰ ফলে ৰাজ্য সভাৰ আসনৰ সমীকৰণো সলনি কৰিব। ৰাজ্য সভাত বিজেপিৰ আসনৰ সংখ্যা অধিক বৃদ্ধি পাব।


উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান