--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মা লক্ষ্মীৰ(Maa Lakshmi) কৃপাত মানুহৰ জীৱনলৈ অপৰিসীম ধন-সম্পত্তি আৰু সুখৰ আগমন ঘটে। দেৱী লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ আৰু সদায় সেই আশীৰ্বাদ ৰাখিবলৈ হ’লে কিছুমান ভুলৰ পৰা আঁতৰি থাকিব লাগে। বাস্তুশাস্ত্ৰত কিছুমান নিয়মৰ কথা উল্লেখ আছে, যিবোৰ নিয়ম ভংগ কৰিলে  জীৱনৰ পৰা সুখ-সমৃদ্ধি আঁতৰি যায় আৰু মানুহজন দৰিদ্ৰ হৈ পৰে। কষ্ট কৰি টকা উপাৰ্জন কৰাৰ পিছতো হাতত টকা নাথাকে। এনে কিয় হয় জানো আহক।

টকা গণনা কৰোতে এইবোৰ ভুল নকৰিব

১)টকা গণি থাকোতে কৰা কিছুমান ভুলে মা লক্ষ্মীক ৰুষ্ট কৰিব পাৰে। এনে কৰিলে জীৱনৰ পৰা ধন-সম্পত্তি আঁতৰি যায়। ব্যক্তিজনে ধন হেৰুৱা, অতিৰিক্ত খৰচ, উপাৰ্জনত বাধাৰ সন্মুখীন হ’বলগীয়া হয়। বহুতে টকা গণনা কৰি থাকোঁতে থু ব্যৱহাৰ কৰে। এনে কৰিলে মাতা লক্ষ্মীক অপমান কৰা হয়। লগতে নোটত থকা বীজাণুৱে স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰিবও পাৰে। গতিকে নোট গণি থাকোঁতে কেতিয়াও থু ব্যৱহাৰ কৰিব নালাগে, নহ’লে গোটেই জীৱন দাৰিদ্ৰ অৱস্থাৰ সন্মুখীন হ’ব লাগিব। চাপ খাই লাগি ধৰা নোটবোৰ গণনা কৰি থাকোঁতে এটা বাটিত পানী লৈ হাতৰ আঙুলিত অলপ পানী লগাই নোটবোৰ গণনা কৰিব লাগে। থুৰ ব্যৱহাৰ কেতিয়াও কৰিব নালাগে।

২)টকাৰ নোটত কেতিয়াও একো লিখিব নালাগে বা ক্ষতি কৰিব নালাগে। এনে কৰা মানে ধনক অপমান কৰা। লগতে ই ভাৰত চৰকাৰৰ নিয়মৰো বিৰোধী।

৩)নোটত কেতিয়াও খাদ্য সামগ্ৰী নাৰাখিব। নতুবা নোট-মুদ্ৰাবোৰ ইফালে সিফালে পৰি থাকিবলৈ নিদিব। টকাক সদায় সন্মানেৰে ব্যৱহাৰ কৰক।

৪)পাৰ্চত কেতিয়াও টকাৰ লগত কোনো ধৰণৰ পুৰণি বিল বা কাগজ আদি নাৰাখিব। এনে কৰিলে আয় বন্ধ হৈ যায়।

৫)ৰাতি শুই থকাৰ সময়ত মূৰত পাৰ্চ লৈ শুব নালাগে। সদায় আলমাৰী বা অন্য কোনো সুৰক্ষিত স্থানত টকা ৰাখক। 

৬)পাৰ্চত থকা নোটবোৰ কেতিয়াও কোচ খোৱাই বা সোত-মোচ কৰি ৰাখিব নালাগে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত