--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মা লক্ষ্মীৰ(Maa Lakshmi) কৃপাত মানুহৰ জীৱনলৈ অপৰিসীম ধন-সম্পত্তি আৰু সুখৰ আগমন ঘটে। দেৱী লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ আৰু সদায় সেই আশীৰ্বাদ ৰাখিবলৈ হ’লে কিছুমান ভুলৰ পৰা আঁতৰি থাকিব লাগে। বাস্তুশাস্ত্ৰত কিছুমান নিয়মৰ কথা উল্লেখ আছে, যিবোৰ নিয়ম ভংগ কৰিলে  জীৱনৰ পৰা সুখ-সমৃদ্ধি আঁতৰি যায় আৰু মানুহজন দৰিদ্ৰ হৈ পৰে। কষ্ট কৰি টকা উপাৰ্জন কৰাৰ পিছতো হাতত টকা নাথাকে। এনে কিয় হয় জানো আহক।

টকা গণনা কৰোতে এইবোৰ ভুল নকৰিব

১)টকা গণি থাকোতে কৰা কিছুমান ভুলে মা লক্ষ্মীক ৰুষ্ট কৰিব পাৰে। এনে কৰিলে জীৱনৰ পৰা ধন-সম্পত্তি আঁতৰি যায়। ব্যক্তিজনে ধন হেৰুৱা, অতিৰিক্ত খৰচ, উপাৰ্জনত বাধাৰ সন্মুখীন হ’বলগীয়া হয়। বহুতে টকা গণনা কৰি থাকোঁতে থু ব্যৱহাৰ কৰে। এনে কৰিলে মাতা লক্ষ্মীক অপমান কৰা হয়। লগতে নোটত থকা বীজাণুৱে স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰিবও পাৰে। গতিকে নোট গণি থাকোঁতে কেতিয়াও থু ব্যৱহাৰ কৰিব নালাগে, নহ’লে গোটেই জীৱন দাৰিদ্ৰ অৱস্থাৰ সন্মুখীন হ’ব লাগিব। চাপ খাই লাগি ধৰা নোটবোৰ গণনা কৰি থাকোঁতে এটা বাটিত পানী লৈ হাতৰ আঙুলিত অলপ পানী লগাই নোটবোৰ গণনা কৰিব লাগে। থুৰ ব্যৱহাৰ কেতিয়াও কৰিব নালাগে।

২)টকাৰ নোটত কেতিয়াও একো লিখিব নালাগে বা ক্ষতি কৰিব নালাগে। এনে কৰা মানে ধনক অপমান কৰা। লগতে ই ভাৰত চৰকাৰৰ নিয়মৰো বিৰোধী।

৩)নোটত কেতিয়াও খাদ্য সামগ্ৰী নাৰাখিব। নতুবা নোট-মুদ্ৰাবোৰ ইফালে সিফালে পৰি থাকিবলৈ নিদিব। টকাক সদায় সন্মানেৰে ব্যৱহাৰ কৰক।

৪)পাৰ্চত কেতিয়াও টকাৰ লগত কোনো ধৰণৰ পুৰণি বিল বা কাগজ আদি নাৰাখিব। এনে কৰিলে আয় বন্ধ হৈ যায়।

৫)ৰাতি শুই থকাৰ সময়ত মূৰত পাৰ্চ লৈ শুব নালাগে। সদায় আলমাৰী বা অন্য কোনো সুৰক্ষিত স্থানত টকা ৰাখক। 

৬)পাৰ্চত থকা নোটবোৰ কেতিয়াও কোচ খোৱাই বা সোত-মোচ কৰি ৰাখিব নালাগে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ