--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্ণাটকৰ আদিয়ানাদকা গাঁৱৰ এগৰাকী আদৰ্শ কৃষক আমাই মহালিংগ নাইকলৈ ‘পদ্মশ্ৰী’ সন্মান আগবঢ়োৱা হৈছে৷ কৃষকগৰাকীয়ে এটা অনুৰ্বৰ হেলনীয়া পাহাৰক উৰ্বৰা কৃষিভূমিলৈ ৰূপান্তৰ কৰাৰ বাবে তেওঁলৈ ২০২২ বৰ্ষৰ ‘পদ্মশ্ৰী’ বঁটা আগবঢ়োৱা হৈছে৷ ক্ষুদ্ৰ-জলসিঞ্চন প্ৰণালী ব্যৱহাৰ কৰি নাইকে এক অনুৰ্বৰ ক্ষেত্ৰক তামোলৰ পাম, নাৰিকল গছ, কাজু গছ, কলপুলি আৰু জালুকৰ খেতিৰে এখন অনন্য কৃষিভূমিলৈ ৰূপান্তৰ কৰিছিল। পদ্মশ্ৰীপ্ৰাপক কৃষকগৰাকীয়ে কয়, মই ২২ বছৰ বয়সত এজন ঘৰৰ মালিকৰ ঘৰত কাম কৰি আছিলোঁ। তেওঁলোকৰ এজনে মোক এটা থিয় পাহাৰত অনুৰ্বৰ মাটিৰ টুকুৰা এটা দিছিল। য’ত পানীৰ কোনো উৎস নাছিল। মোৰ ওচৰত জলসিঞ্চন বা বোৰৱেল খননৰ বাবে খৰচ কৰিবলৈ টকা নাছিল। সেয়েহে মই ভূগৰ্ভস্থ পানী আহৰণ কৰিবলৈ কঠিন শিলত এটা সুৰংগ খনন কৰা আৰম্ভ কৰিছিলোঁ৷ নাইকে এককভাৱে তেওঁৰ খেতিপথাৰলৈ পানী বোৱাই নিবলৈ ৬টা সুৰংগ খনন কৰিছিল। তেওঁ ইয়াৰ চাৰিওফালে থকা পাহাৰবোৰত অকলে ৩০০টা খাদ নিৰ্মাণ কৰিছিল। ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানত নাইকে তেওঁৰ শ্ৰম, ত্যাগ আৰু সাধনাৰ কাহিনী বৰ্ণনা কৰি কৈছিল যে, তেওঁ প্ৰথম পাঁচটা প্ৰচেষ্টাত বিফল হৈছিল৷ মানুহে তেওঁক পাগল বুলি কৈছিল আৰু তেওঁ চাৰি বছৰ চেষ্টা কৰাৰ পাছত তেওঁৰ আন কোনো কাম নোহোৱা হৈছিল। কিন্তু, এই বিফলতাই নাইকক নিৰুৎসাহিত কৰিব নোৱাৰিলে আৰু ষষ্ঠটো সুৰংগ প্ৰায় ৩০ ফুট গভীৰতাত খনন কৰাৰ পাছত, তেওঁ তেওঁৰ খেতিপথাৰৰ বাবে পানীৰ উৎস বিচাৰি পালে৷ মহালিংগ নাইকে এতিয়া জলসিঞ্চনৰ উদ্দেশ্যে একেটা পানীৰ উৎসকে ব্যৱহাৰ কৰে। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে এটা টুইটযোগে নাইকক প্ৰশংসা কৰিছিল। তেওঁ নাইকক এগৰাকী ‘পানীযোদ্ধা’ হিচাপে অভিহিত কৰিছে৷ শ্বেখাৱতে তেওঁৰ টুইটত কয়, তেওঁ প্ৰমাণ কৰিছে যে য’ত ইচ্ছা আছে, তাত উপায় আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ