--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডত সোমবাৰৰ পৰা বলৱৎ হ'ল উমৈহতীয়া দেৱানী সংহিতা (ইউ চি চি)। ইউ চি চি বলবৎ কৰা উত্তৰাখণ্ড দেশৰ প্ৰথমখন ৰাজ্য। ৰাজ্যখনৰ মুখ্যমন্ত্রী পুষ্কৰ সি ধামীয়ে তেওঁৰ বাসভৱনত চৰকাৰী প'ৰ্টেলৰ আৰম্ভণি কৰি এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে ৰাজ্যখনত ইউ চি চি বলৱৎ কৰাৰ তাৰিখ আগতেই নিৰ্ধাৰণ কৰা হৈছিল৷ ধামীয়ে ইউ চি চিৰ প'ৰ্টেল মুকলি কৰি দিয়া ভাষণত কয়, ‘আজিৰ দিনটো কেৱল উত্তৰাখণ্ডৰ বাবেই নহয় সমগ্ৰ দেশৰ বাবে ঐতিহাসিক। ইয়াৰ খচৰা প্ৰস্তুত কৰা দলটোৱে যথেষ্ট কষ্ট কৰিছিল। আমি তিনি বছৰৰ আগতে জনসাধাৰণক দিয়া প্রতিশ্রুতি পালন কৰিলোঁ। ইউ চি চি কোনো ধৰ্মৰ বিৰুদ্ধে নহয়, বৰং ইয়াৰ জৰিয়তে এতিয়াৰ পৰা ৰাজ্যখনত সকলো ধৰ্মৰ মহিলাই এক সমান অধিকাৰ লাভ কৰিব। ইউ চি চিৰ জৰিয়তে মহিলাসকল শক্তিশালী হ'ব। হালাল প্রথা, বহু বিবাহ, বাল্য বিবাহ বন্ধ হ'ব।' 

ধামীয়ে উমৈহতীয়া দেৱানী সংহিতা উত্তৰাখণ্ড-২০২৫ প্ৰযোজ্য কৰা সিদ্ধান্ত ঘোষণা কৰাৰ লগে লগে ইয়াৰ নিয়মাৱলী আৰু প'ৰ্টেলটো জনসাধাৰণৰ নামত উৎসৰ্গা কৰে। তেওঁ কয়, ‘এই আইনৰ জৰিয়তে সমাজত সমৰূপতা স্থাপন হ'ব আৰু সকলো নাগৰিকৰ বাবে সমান অধিকাৰ তথা দায়িত্ব থাকিব। উমৈহতীয়া নাগৰিক সংহিতাৰ অন্তৰ্গত জাতি, ধৰ্ম, লিংগ আদিৰ ভিত্তিত ভেদাভেদ সৃষ্টি কৰা ব্যক্তিগত নাগৰিকৰ সকলো বিষয়ৰ সৈতে জড়িত সংশ্লিষ্ট সকলো আইনৰ সমৰূপতা অনাৰ চেষ্টা কৰা হৈছে।' উল্লেখযোগ্য যে বিজেপিয়ে ২০২২ চনত উত্তৰাখণ্ডৰ বিধানসভাৰ নিৰ্বাচনত ইউ চি চি কার্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল। ধামীয়ে দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ পাছত প্রথমখন কেবিনেট বৈঠকত ইউ চি চিৰ প্ৰস্তাৱত অনুমোদন জনায় আৰু বিশেষজ্ঞ কমিটী গঠনত সন্মতি জনাইছিল। উত্তৰাখণ্ড ইউ চি চিয়ে বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, লিভ-ইন ৰিলেশ্যনশ্বিপ আৰু ইয়াৰ সৈতে জড়িত আন বিষয়সমূহ নিয়ন্ত্ৰণ কৰিব। ইউ চি চিত সকলো ধৰ্মৰ পুৰুষ আৰু মহিলাৰ বাবে বিবাহৰ সমান সময়, বিবাহ বিচ্ছেদৰ ভিত্তি আৰু প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ লগতে বহুবিবাহ তথা হালালত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। 

উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা প্রকাশ দেশাইৰ অধ্যক্ষতাত ২০২২ চনৰ ২৭ মে'ত বিশেষজ্ঞ কমিটী গঠন কৰা হৈছিল। এই আইনৰ অধীনত পুত্ৰ আৰু কন্যাই পৈতৃক সম্পত্তিত সমান অধিকাৰ লাভ কৰিব। যদি কোনো এজন ব্যক্তিৰ মৃত্যু হয় তেতিয়া তেওঁৰ সম্পত্তি পত্নী/স্বামী আৰু সন্তানৰ মাজত সমানে ভগাই দিয়াৰ অধিকাৰ দিছে ইউ চি চিয়ে। স্বামী আৰু পত্নীৰ মাজত বিবাহ বিচ্ছেদ ভিত্তি ইয়াত নিৰ্ধাৰণ কৰি দিয়া হৈছে। সেই অনুসৰি বিবাহ বিচ্ছেদৰ কাৰণ স্বামী আৰু স্ত্ৰীৰ বাবে একেধৰণৰ হ'ব লাগিব। কেৱল এটা পক্ষই দৰ্শোৱা কাৰণত বিবাহ বিচ্ছেদ হ'ব নোৱাৰিব। আনহাতে, এতিয়াৰ পৰা ৰাজ্যখনত লিভ-ইন ৰিলেশ্যনৰ কাৰণে পঞ্জীয়ন কৰাৰ প্ৰয়োজন হ'ব। যদি তেনেদৰে থকা অৱস্থাত সন্তান জন্ম হয় তেতিয়া সেই সন্তানৰ দায়িত্ব তেওঁলোকেই ল'ব লাগিব । অপৰাধ আইনত চুৰি, ডকাইতি, মাৰ-পিট, হত্যাৰ দৰে অপৰাধৰ বাবে একে ধৰণৰ আইনী ব্যৱস্থা আছে। 

ইফালে মুছলিম লীগৰ যুটীয়া সচিব মৌলানা কৌছৰ হায়াত খানে ইউ চি চিৰ বিৰোধিতা কৰিছে। তেওঁ কয় যে ইউ চি চিয়ে প্রত্যক্ষভাৱে মুছলমানসকলৰ ধৰ্মীয় বিষয়ত হস্তক্ষেপ কৰিছে আৰু হিন্দুৰ আইন জাপি দিয়াৰ চেষ্টা কৰা হৈছে। ই ইছলাম-বিৰোধী।' তেওঁ লগতে কয় যে ভাৰতৰ ৩০-৩৫ কোটি মুছলমানে ইউ চি চিৰ বিৰোধিতা কৰিছে, কিন্তু মুছলমান সমাজৰ কথা শুনা নাই ৷ অল ইণ্ডিয়া মুছলীম জামাতৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা ছাহাবুদ্দিন ৰিজভী বলেভীয়ে কয় যে ইউ চি চিয়ে শ্বৰিয়ৎ আইন উলংঘা কৰিছে। উত্তৰাখণ্ডৰ মুছলমানসকল ইয়াক মানি চলিবলৈ বাধ্য নহয়। তেওঁ কয় যে এই আইন শ্বৰিয়ত নীতি-নিয়মসমূহৰ বিৰোধী নহ'লে সকলো মুছলমানে ইয়াক মানি ল’ব, কিন্তু শ্বৰিয়তৰ বিৰোধী হ'লে ইয়াক মানি চলিবলৈ বাধ্য কৰাব নোৱাৰে ।
অচিৰেই সমগ্ৰ দেশৰ লগতে ইউ চি চি আৰু অসমতো প্রযোজ্য হ'ব। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে এতিয়া উত্তৰাখণ্ডত ইউ চি চি কাৰ্যকৰী হৈছে। ইয়াৰ পাছত সমগ্ৰ দেশত হ'ব। সেই তেতিয়াই সমগ্ৰ দেশৰ লগতে অসমতো ইউ চি চি প্রযোজ্য হ'ব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ