--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৫ বৰ্ষৰ অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ বাবে আনুৰাগীয়ে অতি উৎকণ্ঠাৰে ৰৈ আছে৷ দলসমূহো সাজু হৈ উঠিছে চেম্পিয়নছ ট্ৰফীৰ বাবে৷ আৱশ্যে এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সূচী৷

খবৰ অনুসৰি ২০২৫ চনৰ ১৯ ​​ফেব্ৰুৱাৰীৰ পৰা চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব আৰু ফাইনেল মেচ ৯ মাৰ্চত অনুষ্ঠিত হ’ব। ১৯ দিনৰ মেচ ৮টা দলৰ মাজত অনুষ্ঠিত হ’ব, দলসমূহক দুটা গ্ৰুপত ভাগ কৰা হৈছে। প্ৰতিটো গ্ৰুপত ৪টাকৈ দল থাকিব। চেম্পিয়নছ ট্ৰফীক লৈ কেন্দ্ৰ কৰি সৃষ্টি হোৱা বাদ-বিবাদৰ অন্ত পেলাই পাকিস্তান ক্ৰিকেট ব’ৰ্ডে বিচিচিআইয়ে আগবঢ়োৱা হাইব্ৰিড মডেলৰ প্ৰস্তাৱ স্বীকাৰ কৰাৰ লগতে নিৰপেক্ষে স্থান সন্দৰ্ভটো সহমত প্ৰকাশ কৰিছে।বিচিচিআইয়ে আগবঢ়োৱা পৰামৰ্শ অনুসৰি  চেম্পিয়নছ ট্ৰফীৰ ভাৰতীয় দলৰ খেলসমূহ ডুবাইত অনুষ্ঠিত হ’ব। 

উল্লেখযোগ্য যে ভাৰত আৰু পাকিস্তানক প্ৰতিযোগিতাখনৰ একেটা গ্ৰুপতে স্থান দিয়া হৈছে, অৰ্থাৎ গ্ৰুপ পৰ্যায়ৰ বাহিৰেও নকআউট পৰ্যায়তো তেওঁলোকৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’ব পাৰে। ড্ৰাফট সূচী অনুসৰি চেম্পিয়নছ ট্ৰফীত, ভাৰত আৰু পাকিস্তানৰ বাহিৰেও গ্ৰুপ এত নিউজিলেণ্ড আৰু বাংলাদেশক অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে গ্ৰুপ বিত অন্তৰ্ভুক্ত আছে অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তান। ক্ৰিকেট বিশ্বই ভৰাত-পাকিস্তানৰ মেচ উপভোগ কৰিবলৈ উৎকণ্ঠাৰে বাট চাই আছে৷ ড্ৰাফট সূচী অনুসৰি এই মেচখন ২৩ ফেব্ৰুৱাৰীত ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ মুখামুখি হ’ব।

ইফালে ১৯ ফেব্ৰুৱাৰীত কৰাচীত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত নিউজিলেণ্ড আৰু পাকিস্তানৰ মুখামুখি হ’ব। অহা ২০ ফেব্ৰুৱাৰীত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। দ্বিতীয়খন মেচত ২৩ ফেব্ৰুৱাৰীত পাকিস্তানৰ বিৰুদ্ধে খেলিব। গ্ৰুপ পৰ্যায়ত ভাৰতৰ তৃতীয় আৰু অন্তিমখন খেল ২ মাৰ্চত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব আনহাতে দ্বিতীয় গ্ৰুপৰ আটাইকেইখন খেল লাহোৰ, কৰাচী আৰু ৰাৱালপিণ্ডিত অনুষ্ঠিত হ’ব৷

চেম্পিয়নছ ট্ৰফীত ভাৰতে ছেমি ফাইনেল আৰু ফাইনেলত প্ৰৱেশ কৰিলে এই দুয়োখন নকআউট মেচ ডুবাইত অনুষ্ঠিত হ’ব। ভাৰতে ফাইনেলত প্ৰৱেশ নকৰিলে চূড়ান্ত খেল লাহোৰত অনুষ্ঠিত হ’ব বুলি  ড্ৰাফট সূচীত প্ৰকাশ পাইছে৷ চূড়ান্ত সূচীত ইয়াৰ সাল-সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ আৰু অতি শীঘ্ৰেই চেম্পিয়নছ ট্ৰফী ২০২৫ৰ চূড়ান্ত সূচীও প্ৰকাশ পাব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ