--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৫ বৰ্ষৰ অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ বাবে আনুৰাগীয়ে অতি উৎকণ্ঠাৰে ৰৈ আছে৷ দলসমূহো সাজু হৈ উঠিছে চেম্পিয়নছ ট্ৰফীৰ বাবে৷ আৱশ্যে এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সূচী৷

খবৰ অনুসৰি ২০২৫ চনৰ ১৯ ​​ফেব্ৰুৱাৰীৰ পৰা চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব আৰু ফাইনেল মেচ ৯ মাৰ্চত অনুষ্ঠিত হ’ব। ১৯ দিনৰ মেচ ৮টা দলৰ মাজত অনুষ্ঠিত হ’ব, দলসমূহক দুটা গ্ৰুপত ভাগ কৰা হৈছে। প্ৰতিটো গ্ৰুপত ৪টাকৈ দল থাকিব। চেম্পিয়নছ ট্ৰফীক লৈ কেন্দ্ৰ কৰি সৃষ্টি হোৱা বাদ-বিবাদৰ অন্ত পেলাই পাকিস্তান ক্ৰিকেট ব’ৰ্ডে বিচিচিআইয়ে আগবঢ়োৱা হাইব্ৰিড মডেলৰ প্ৰস্তাৱ স্বীকাৰ কৰাৰ লগতে নিৰপেক্ষে স্থান সন্দৰ্ভটো সহমত প্ৰকাশ কৰিছে।বিচিচিআইয়ে আগবঢ়োৱা পৰামৰ্শ অনুসৰি  চেম্পিয়নছ ট্ৰফীৰ ভাৰতীয় দলৰ খেলসমূহ ডুবাইত অনুষ্ঠিত হ’ব। 

উল্লেখযোগ্য যে ভাৰত আৰু পাকিস্তানক প্ৰতিযোগিতাখনৰ একেটা গ্ৰুপতে স্থান দিয়া হৈছে, অৰ্থাৎ গ্ৰুপ পৰ্যায়ৰ বাহিৰেও নকআউট পৰ্যায়তো তেওঁলোকৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’ব পাৰে। ড্ৰাফট সূচী অনুসৰি চেম্পিয়নছ ট্ৰফীত, ভাৰত আৰু পাকিস্তানৰ বাহিৰেও গ্ৰুপ এত নিউজিলেণ্ড আৰু বাংলাদেশক অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে গ্ৰুপ বিত অন্তৰ্ভুক্ত আছে অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তান। ক্ৰিকেট বিশ্বই ভৰাত-পাকিস্তানৰ মেচ উপভোগ কৰিবলৈ উৎকণ্ঠাৰে বাট চাই আছে৷ ড্ৰাফট সূচী অনুসৰি এই মেচখন ২৩ ফেব্ৰুৱাৰীত ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ মুখামুখি হ’ব।

ইফালে ১৯ ফেব্ৰুৱাৰীত কৰাচীত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত নিউজিলেণ্ড আৰু পাকিস্তানৰ মুখামুখি হ’ব। অহা ২০ ফেব্ৰুৱাৰীত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। দ্বিতীয়খন মেচত ২৩ ফেব্ৰুৱাৰীত পাকিস্তানৰ বিৰুদ্ধে খেলিব। গ্ৰুপ পৰ্যায়ত ভাৰতৰ তৃতীয় আৰু অন্তিমখন খেল ২ মাৰ্চত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব আনহাতে দ্বিতীয় গ্ৰুপৰ আটাইকেইখন খেল লাহোৰ, কৰাচী আৰু ৰাৱালপিণ্ডিত অনুষ্ঠিত হ’ব৷

চেম্পিয়নছ ট্ৰফীত ভাৰতে ছেমি ফাইনেল আৰু ফাইনেলত প্ৰৱেশ কৰিলে এই দুয়োখন নকআউট মেচ ডুবাইত অনুষ্ঠিত হ’ব। ভাৰতে ফাইনেলত প্ৰৱেশ নকৰিলে চূড়ান্ত খেল লাহোৰত অনুষ্ঠিত হ’ব বুলি  ড্ৰাফট সূচীত প্ৰকাশ পাইছে৷ চূড়ান্ত সূচীত ইয়াৰ সাল-সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ আৰু অতি শীঘ্ৰেই চেম্পিয়নছ ট্ৰফী ২০২৫ৰ চূড়ান্ত সূচীও প্ৰকাশ পাব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
গুৱাহাটীৰ যান-জঁট সমস্যাৰ নতুন সমাধানসূত্ৰ ; ITMS প্ৰযুক্তিৰে এতিয়াৰে পৰা গুৱাহাটীত চলিব ASTCৰ বাছ
৫০খন আন্তর্জাতিক মহোৎসৱত সাফল্য 'লাচিত দ্য ৱাৰিয়ৰ'ৰ, সর্বশ্রেষ্ঠ ডকুমেন্টৰী, এনিমেটেড ফিল্মকে ধৰি বিভিন্ন বঁটা লাভ
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী