--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ষ্টেট বেংকে ২০২২ৰ বাবে খালী পদ মুকলি কৰাৰ লগতে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচাৰিছে। https://www.sbi.co.in এছবিআইৰ অফিচিয়েল ৱেবছাইটত জাৰি কৰা জাননী অনুসৰি, নিয়মীয়া আৰু ঠিকাভিত্তিক এছবিআই বিশেষজ্ঞ কেডাৰ বিষয়া (এছঅ’) পদত প্ৰায় ৩৫টা খালী পদ আছে।

এছবিআই নিযুক্তি ২০২২ : খালী পদৰ বিৱৰণ

মুঠ ৩৫ টা পদ খালী আছে, যাৰ ভিতৰত ৭ টা নিয়মীয়া পদত নিয়োগ কৰা হ’ব, আনহাতে ২৯ টা ঠিকাভিত্তিক পদ থাকিব।

এছবিআই এছচিঅ’ নিযুক্তি ২০২২ : আৱেদন মাচুল

সাধাৰণ, অ’বিচি আৰু ইডব্লিউএছ প্ৰাৰ্থীৰ বাবে, আৱেদনৰ মাচুল হৈছে ৭৫০টকা। অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু পিডব্লিউডি প্ৰাৰ্থীৰ বাবে কোনোধৰণৰ আৱেদনৰ মাচুল নাই।

ষ্টেট বেংক অব্ ইণ্ডিয়া নিযুক্তি: আৱেদন কেনেকৈ কৰিব? 

আগ্ৰহী প্ৰাৰ্থীসকলে এছবিআই ৱেবছাইটত উপলব্ধ লিংকৰ জৰিয়তে অনলাইন পঞ্জীয়ন কৰিব লাগিব (https://bank.sbi/web/careers) আৰু ইণ্টাৰনেট বেংকিং/ ডেবিট কাৰ্ড/ ক্ৰেডিট কাৰ্ড আদি ব্যৱহাৰ কৰি আৱেদনৰ মাচুল পৰিশোধ কৰিব লাগিব।

প্ৰাৰ্থীসকলে প্ৰথমে তেওঁলোকৰ শেহতীয়া আলোকচিত্ৰ আৰু স্বাক্ষৰ স্কেন কৰিব লাগিব। প্ৰাৰ্থীয়ে ৱেবছাইটত নিৰ্ধাৰিত কৰা অনুসৰি তেওঁৰ ফটো আৰু স্বাক্ষৰ আপলোড নকৰিলে অনলাইন আৱেদন পঞ্জীয়ন কৰা নহ’ব। 

অনলাইন পঞ্জীয়ন কৰাৰ পাছত, প্ৰাৰ্থীসকলক ছিষ্টেম-উৎপন্ন অনলাইন আৱেদন প্ৰ-পত্ৰৰ প্ৰিণ্টআউট ল’বলৈ পৰামৰ্শ দিয়া হৈছে।

এছবিআই নিযুক্তি : অন্তিম তাৰিখ
অনলাইন আৱেদন প্ৰক্ৰিয়া ২৭ এপ্ৰিলত আৰম্ভ হৈছে আৰু ১৭ মে’লৈকে চলিব। এডমিট কাৰ্ড ১৬ জুনৰ পৰা উপলব্ধ হ’ব আৰু অনলাইন পৰীক্ষা ২৫ জুনৰ বাবে অস্থায়ীভাৱে নিৰ্ধাৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰৰ বাবে মহৌষধ হালধি! আচাৰ্য বালকৃষ্ণই জনালে কেনেদৰে কৰিব লাগে ব্যৱহাৰ
১০ মাহত ৮৯৯ কৃষকৰ আত্মহত্যা মহাৰাষ্ট্ৰত, ৮ জিলাত বৃষ্টিপাত-বানৰ বাবে শস্য নষ্ট
দেশত প্রতি আঠ মিনিটত এটিকে শিশু নিখোঁজ, ৯ ডিচেম্বৰৰ ভিতৰত আৱশ্যকীয় কাৰ্যপন্থা ল'বলৈ কেন্দ্রক নির্দেশ উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত জঘন্য ঘটনা; দুই যুৱকৰ কামনাৰ বলি নাবালিকা
এম জি এনৰেগাৰ ডাটাবেছৰ পৰা প্ৰায় ২৭ লাখ শ্রমিকৰ নাম কৰ্তন
মণিপুৰৰ কাংপকপীত ২৫একৰ ভূমিৰ আফিং খেতি ধ্বংস, আছাম ৰাইফলছৰ অভিযান
হাজো আৰক্ষী আৰু দদৰা আৰক্ষীৰ বৃহৎ সফলতা; আৰক্ষীয়ে খেদি খেদি ধৰিলে মহানগৰীৰ পৰা লাখ লাখ টকাৰ বেটাৰী কঢ়িওৱা হাইজেক হোৱা ট্ৰাক
ৰূপহীহাটৰ জুৰীয়াত ভূমিকেন্দ্ৰিক সংঘাতত আহত তিনিজন
দিল্লী বিস্ফোৰণৰ আঁৰত পাকিস্তানী ঔৰংজেৱ
বিহাৰ নিৰ্বাচনৰ ফলাফলৰ বিষয়ে জানো আহক
ক্ষুদ্র চাহ খেতিয়কক কেঁচা পাতৰ ন্যায্য মূল্য দিবলৈ দাবী
২০২৬ত বিজেপিৰ লক্ষ্য পশ্চিম বংগ
কনিষ্ঠতম বিধায়িকাৰ স্বীকৃতি পালে মৈথিলী ঠাকুৰে, লোকসংগীতৰ শিল্পীৰ পৰা ৰাজনীতিক হোৱাৰ যাত্ৰা
বালাজান আৰক্ষীৰ সফলতা; বৃহৎপৰিমাণৰ গাঁজাসহ আটক সৰবৰাহকাৰী কুতুবউদ্দিন আলী