--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ষ্টেট বেংকে ২০২২ৰ বাবে খালী পদ মুকলি কৰাৰ লগতে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচাৰিছে। https://www.sbi.co.in এছবিআইৰ অফিচিয়েল ৱেবছাইটত জাৰি কৰা জাননী অনুসৰি, নিয়মীয়া আৰু ঠিকাভিত্তিক এছবিআই বিশেষজ্ঞ কেডাৰ বিষয়া (এছঅ’) পদত প্ৰায় ৩৫টা খালী পদ আছে।

এছবিআই নিযুক্তি ২০২২ : খালী পদৰ বিৱৰণ

মুঠ ৩৫ টা পদ খালী আছে, যাৰ ভিতৰত ৭ টা নিয়মীয়া পদত নিয়োগ কৰা হ’ব, আনহাতে ২৯ টা ঠিকাভিত্তিক পদ থাকিব।

এছবিআই এছচিঅ’ নিযুক্তি ২০২২ : আৱেদন মাচুল

সাধাৰণ, অ’বিচি আৰু ইডব্লিউএছ প্ৰাৰ্থীৰ বাবে, আৱেদনৰ মাচুল হৈছে ৭৫০টকা। অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু পিডব্লিউডি প্ৰাৰ্থীৰ বাবে কোনোধৰণৰ আৱেদনৰ মাচুল নাই।

ষ্টেট বেংক অব্ ইণ্ডিয়া নিযুক্তি: আৱেদন কেনেকৈ কৰিব? 

আগ্ৰহী প্ৰাৰ্থীসকলে এছবিআই ৱেবছাইটত উপলব্ধ লিংকৰ জৰিয়তে অনলাইন পঞ্জীয়ন কৰিব লাগিব (https://bank.sbi/web/careers) আৰু ইণ্টাৰনেট বেংকিং/ ডেবিট কাৰ্ড/ ক্ৰেডিট কাৰ্ড আদি ব্যৱহাৰ কৰি আৱেদনৰ মাচুল পৰিশোধ কৰিব লাগিব।

প্ৰাৰ্থীসকলে প্ৰথমে তেওঁলোকৰ শেহতীয়া আলোকচিত্ৰ আৰু স্বাক্ষৰ স্কেন কৰিব লাগিব। প্ৰাৰ্থীয়ে ৱেবছাইটত নিৰ্ধাৰিত কৰা অনুসৰি তেওঁৰ ফটো আৰু স্বাক্ষৰ আপলোড নকৰিলে অনলাইন আৱেদন পঞ্জীয়ন কৰা নহ’ব। 

অনলাইন পঞ্জীয়ন কৰাৰ পাছত, প্ৰাৰ্থীসকলক ছিষ্টেম-উৎপন্ন অনলাইন আৱেদন প্ৰ-পত্ৰৰ প্ৰিণ্টআউট ল’বলৈ পৰামৰ্শ দিয়া হৈছে।

এছবিআই নিযুক্তি : অন্তিম তাৰিখ
অনলাইন আৱেদন প্ৰক্ৰিয়া ২৭ এপ্ৰিলত আৰম্ভ হৈছে আৰু ১৭ মে’লৈকে চলিব। এডমিট কাৰ্ড ১৬ জুনৰ পৰা উপলব্ধ হ’ব আৰু অনলাইন পৰীক্ষা ২৫ জুনৰ বাবে অস্থায়ীভাৱে নিৰ্ধাৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ