--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অভিনেত্ৰী ৰশ্মিকা মাণ্ডান্নাক মঙলবাৰে ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ (আইফ’ৰচি)ৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হয়। ভাৰতত চাইবাৰ অপৰাধৰ সৈতে মোকাবিলা কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এক পদক্ষেপ আইফ’ৰচিৰ ।



'পুষ্পা: দ্য ৰাইচ', 'ডিয়াৰ কমৰেড' আৰু 'এনিমেল'ৰ দৰে ছবিত তাৰকাময় অভিনয়ৰ বাবে পৰিচিত ৰশ্মিকাই শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত এটা 'ডিপ ফেক' ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে বাতৰিৰ শিৰোনাম দখল কৰে ৷ চাইবাৰ অপৰাধৰ অভিজ্ঞতাৰ পিছত ৰশ্মিকাই কয়, “আমাৰ অনলাইন জগতখনক সুৰক্ষিত কৰাৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ লোৱাৰ সময় আহি পৰিছে।”


তেওঁ ইনষ্টাগ্ৰামত পোষ্টত লিখিছে, “আহক আমি সকলোৱে মিলি নিজৰ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক নিৰাপদ চাইবাৰ স্পেচ সৃষ্টি কৰোঁ। আইফ’ৰচিৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে মই সজাগতা বিয়পাবলৈ চেষ্টা কৰিম আৰু অধিক সংখ্যক লোকক চাইবাৰ অপৰাধৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিম। মই আৰু ভাৰত চৰকাৰে আপোনালোকক সহায় কৰিম।’’ 

Why Kannada social media is baying for a ban on Rashmika Mandanna films |  Calling for a ban on Rashmika in KFI nothing but hypocritical


ৰশ্মিকাৰ ইনষ্টাগ্ৰামত ৪.৪২ কোটি আৰু ‘এক্স’ত ৪৯ লাখ ফ’ল’ৱাৰ আছে। তেওঁ ৰাইজক ১৯৩০ নম্বৰত ফোন কৰি বা ৱেবছাইটত গৈ চাইবাৰ অপৰাধৰ খবৰ দিবলৈ আহ্বান জনায়। ‘চাইবাৰ দষ্ট’ত ৰশ্মিকাক আদৰণি জনাই গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ চাইবাৰ সুৰক্ষা আৰু সজাগতা হেণ্ডেলে কয় যে, “আমি ৰশ্মিকা মাণ্ডন্নাক আইফ’ৰচিৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দি সুখী। ভাৰতৰ ডিজিটেল লেণ্ডস্কেপ শক্তিশালী কৰাৰ লগতে চাইবাৰ অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ আমি একেলগে কাম কৰিম।’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ