--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত এক অতি চাঞ্চল্যকৰ আৰু ঘৃণনীয় ঘটনা পোহৰলৈ আহিছে। এখন ঘৰত এগৰাকী বনকৰা মহিলাই ৮ বছৰে প্ৰস্ৰাৱৰে আটা মঠি গৃহস্থৰ পৰিয়ালক ৰুটী বনাই খুৱাই আছিল। পৰিয়ালৰে আটাইৰে লিভাৰ বেয়া হোৱাৰ পাছতহে এই ঘৃণনীয় কাণ্ড পোহৰলৈ আহে। 

প্ৰস্ৰাৱ মিহলোৱা ৰুটী খাই গোটেই পৰিয়ালটো অসুস্থ হৈ পৰিল। এই ঘৃণনীয় কাণ্ড পোহৰলৈ আহে যেতিয়া মালিকে নিজৰ পাকঘৰত চিচিটিভি কেমেৰা স্থাপন কৰিছিল। চিচিটিভি কেমেৰাত বনকৰা মহিলাগৰাকীৰ সমগ্ৰ ঘৃণনীয় কাণ্ড বন্দী হয়।

গাজিয়াবাদৰ থানা ক্ৰছিং ৰিপাব্লিক অঞ্চলৰ ছ’চাইটীত বাস কৰা এজন ৰিয়েল এষ্টেট ব্যৱসায়ী আৰু তেওঁৰ পৰিয়াল যোৱা কেইমাহমানৰ পৰা গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। পেট আৰু যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল পৰিয়ালৰ লোক। প্ৰথম অৱস্থাত পৰিয়ালটোৱে ইয়াক স্বাভাৱিক সংক্ৰমণ বুলি ভাবি চিকিৎসকৰ ওচৰত চিকিৎসা কৰাইছিল যদিও অৱস্থাৰ কোনো উন্নতি হোৱা নাছিল।

যেতিয়া তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল, তেতিয়া তেওঁলোকৰ খাদ্যাভ্যাসত কিবা ভুল হৈছে বুলি সন্দেহ কৰিছিল। ইয়াৰ পিছত পৰিয়ালৰ লোকে নিজৰ পাকঘৰ আৰু অন্যান্য অংশত চিচিটিভি কেমেৰা স্থাপন কৰে, যাতে খাদ্য প্ৰস্তুতিৰ ওপৰত নজৰ ৰাখিব পৰা যায়। ইয়াৰ পিছত চিচিটিভিৰ ফুটেজত যি দেখা গ’ল সেয়া আছিল অতি আচৰিত আৰু ঘৃণনীয়। ঘৰত কাম কৰা ৰীণাই ৰন্ধা-বঢ়া কৰি থাকোঁতে খাদ্যত প্ৰস্ৰাৱ মিহলাই আছিল। কেমেৰাৰ ফুটেজত ৰীণাক পাকঘৰৰ পাত্ৰত প্ৰস্ৰাৱ কৰি খাদ্য ৰান্ধি থকা দেখা যায়। এই ঘৃণনীয় কাণ্ড দেখি গোটেই পৰিয়ালটো স্তম্ভিত হৈ পৰিল। ইয়াৰ পিছতে ভুক্তভোগীৰ পৰিয়ালে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। 

ভুক্তভোগীৰ পৰিয়ালে দাখিল কৰা এজাহাৰত অভিযোগ কৰা হৈছে যে যোৱা ৮ বছৰ ধৰি ৰীণাই তেওঁলোকৰ ঘৰত কাম কৰি আছিল। গতিকে তেওঁলোকে ৮ বছৰ ধৰিয়ে এই ঘৃণনীয় খাদ্য খাই আহিছে।

অভিযুক্ত দাসী ৰীণাক গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাত আৰক্ষীয়ে গোচৰ ৰুজু কৰি ৰীণাক জিম্মাত লৈ জেৰা কৰে। প্ৰাথমিক জেৰাৰ সময়ত ৰীণাই এই অভিযোগ নাকচ কৰিছিল। আৰক্ষীৰ মতে, ৰীণাই এই অভিযোগ অস্বীকাৰ কৰাই নহয়, এই কাম কৰাৰ কথাও ভাবিব নোৱাৰে বুলিও শপত খাইছিল। যেতিয়া আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ ৰীণাক দেখুৱাইছিল তেতিয়া ৰীণাই একো উত্তৰ নিদিয়াকৈ মনে মনে থাকে। এই গোচৰৰ অধিক তদন্ত চলি আছে। ৰীণাই ইমান ঘৃণনীয় কাণ্ড কিয় কৰিলে তাৰ উত্তৰ উলিয়াবলৈ আৰক্ষীয়ে জেৰা চলাই আছে।

এই ঘটনাই মানুহৰ মনত ঘৃণা আৰু অবিশ্বাসৰ সৃষ্টি কৰাৰ লগতে সমাজৰ এক বিপদজনক ধাৰা প্ৰতিফলিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ