--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটল ডেস্কঃ হিন্দু ধৰ্মত প্ৰতিটো মন্দিৰৰ নিজস্ব মহত্ব আছে। ৰাজস্থানৰ এক অনন্য মন্দিৰ য'ত মাতৃ দেৱীৰ বিশেষ আশীৰ্বাদ আছে। ৰাজস্থানৰ জয়ছালমেৰত অৱস্থিত তনোত মাতা মন্দিৰ। জয়ছালমেৰৰ পৰা ১২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই মন্দিৰ।

১২৫০ বছৰ পুৰণি এই মন্দিৰটোক অতি বিশেষ বুলি গণ্য কৰা হয়। পাকিস্তানে ৩০০০ৰো অধিক বোমা নিক্ষেপ কৰিছিল যদিও তনোট মাতা মন্দিৰত এটা আঁচোৰো নপৰিল। এই মন্দিৰক যুদ্ধ দেৱীৰ মন্দিৰ বুলিও জনা যায়। এই মন্দিৰত অৱস্থিত মাতৃ দেৱীয়ে দেশৰ সৈনিকসকলক সুৰক্ষা প্ৰদান কৰিছে। তনোত মাতা হিংলাজ মাতাৰ অৱতাৰ, তাৰ পিছত তেওঁক কৰণী মাতাৰ ৰূপত দেখা যায়।

উল্লেখ্য যে পাকিস্তানে নিক্ষেপ কৰা জীৱন্ত বোমা এই মন্দিৰৰ সংগ্ৰহালয়ত ৰখা হয়। মন্দিৰৰ আশে-পাশে থকা অঞ্চলত এতিয়াও দেখা যায় বোমা।তনোত মাতাৰ মন্দিৰ সমগ্ৰ ভাৰততে স্বীকৃতি লাভ কৰিছে। হাজাৰ হাজাৰ বোমা সৰি পৰাৰ পাছতো এই মন্দিৰটো একেবাৰেই ক্ষতিগ্ৰস্ত নহ’ল। কোৱা হয় যে ১৯৬৫ আৰু ১৯৭১ চনত পাকিস্তানী সেনাই ৩০০০ৰো অধিক বোমা নিক্ষেপ কৰিছিল যদিও এই মন্দিৰটো কোনো ক্ষতি হোৱা নাছিল। অলৌকিক শক্তিৰ বাবে এই মন্দিৰক অতি বিশেষ বুলি গণ্য কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post