--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অলিম্পিক পদকজয়ী মনু ভাকেৰ পৰিয়াললৈ হঠাতে নামি অহিল অমানিশা৷ দুদিন পূৰ্বে ৰাষ্ট্ৰপতিৰ পৰা খেল ৰত্ন বঁটা লাভ কৰাৰ অনন্দৰ মাজতে আহিল দুঃসংবাদ! পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লয় খেলুৱৈগৰাকীৰ আইতাক আৰু মোমায়েকে৷ 

১৯ জানুৱাৰী দেওবাৰে মহেন্দ্ৰগড় বাইপাছ ৰোডত পুৱাৰ ভাগত স্কুটাৰ আৰু ব্ৰেজা গাড়ীৰ সংঘৰ্ষত পতিত হয় অলিম্পিক পদকজয়ী মনু ভাকেৰৰ আইতাক আৰু মোমায়েকৰ। এই ভয়াবহ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় খেলুৱৈ গৰাকীৰ অইতাক আৰু মোমায়েকৰ৷

ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও আৰক্ষী আহি পোৱাৰ সময়লৈকে ব্ৰেজা গাড়ীখনৰ চালকজনে পলায়ন কৰে। ইয়াৰ পাছতে দুয়োদৰাকী ব্যক্তিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

উল্লেখ্য যে মনু ভাকেৰক দুদিন পূৰ্বে ১৭ জানুৱাৰীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰিছিল। ২০২৪ চনৰ পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত ভাকেৰে দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছিল। মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিকত পদক লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা শ্বুটাৰ হিচাপে পৰিগণিত হয়। ইয়াৰ পিছত তেওঁ মিক্সড ১০ মিটাৰ এয়াৰ পিষ্টল দলীয় ইভেণ্টত সৰবজোৎ সিঙৰ অংশীদাৰিত্বত আন এটা ব্ৰঞ্জৰ পদক লাভ কৰি, ভাৰতৰ স্বাধীনতাৰ পাছত অলিম্পিকত দুটাকৈ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয় মনু ভাকেৰ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়