--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অলিম্পিক পদকজয়ী মনু ভাকেৰ পৰিয়াললৈ হঠাতে নামি অহিল অমানিশা৷ দুদিন পূৰ্বে ৰাষ্ট্ৰপতিৰ পৰা খেল ৰত্ন বঁটা লাভ কৰাৰ অনন্দৰ মাজতে আহিল দুঃসংবাদ! পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লয় খেলুৱৈগৰাকীৰ আইতাক আৰু মোমায়েকে৷ 

১৯ জানুৱাৰী দেওবাৰে মহেন্দ্ৰগড় বাইপাছ ৰোডত পুৱাৰ ভাগত স্কুটাৰ আৰু ব্ৰেজা গাড়ীৰ সংঘৰ্ষত পতিত হয় অলিম্পিক পদকজয়ী মনু ভাকেৰৰ আইতাক আৰু মোমায়েকৰ। এই ভয়াবহ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় খেলুৱৈ গৰাকীৰ অইতাক আৰু মোমায়েকৰ৷

ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও আৰক্ষী আহি পোৱাৰ সময়লৈকে ব্ৰেজা গাড়ীখনৰ চালকজনে পলায়ন কৰে। ইয়াৰ পাছতে দুয়োদৰাকী ব্যক্তিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

উল্লেখ্য যে মনু ভাকেৰক দুদিন পূৰ্বে ১৭ জানুৱাৰীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰিছিল। ২০২৪ চনৰ পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত ভাকেৰে দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছিল। মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিকত পদক লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা শ্বুটাৰ হিচাপে পৰিগণিত হয়। ইয়াৰ পিছত তেওঁ মিক্সড ১০ মিটাৰ এয়াৰ পিষ্টল দলীয় ইভেণ্টত সৰবজোৎ সিঙৰ অংশীদাৰিত্বত আন এটা ব্ৰঞ্জৰ পদক লাভ কৰি, ভাৰতৰ স্বাধীনতাৰ পাছত অলিম্পিকত দুটাকৈ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয় মনু ভাকেৰ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ