--°C
Loading...
Listen to Article
2 min read
80%

ভৰিৰ পৰা ওলোৱা দুৰ্গন্ধক ব্ৰমিহাইড্ৰচিছ বুলিও কোৱা হয়

ডিজিটেল ডেস্কঃ গ্ৰীষ্মকাল আগমনৰ লগে লগে বহুলোকে প্ৰায়ে ভৰিৰ পৰা গোন্ধ ওলোৱাৰ সমস্যাত ভোগে। ভৰিৰ দুৰ্গন্ধই কেৱল নিজৰেই নহয় ঘৰ বা বাহিৰৰ মানুহৰ সন্মুখত বিৰক্তি বা লাজত পৰিবলগীয়া হয়। ভৰিৰ দুৰ্গন্ধ ওলোৱা সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ কেইটামান ঘৰুৱা উপায়। ভৰিৰ পৰা ওলোৱা দুৰ্গন্ধক ব্ৰমিহাইড্ৰচিছ বুলিও কোৱা হয়। সাধাৰণতে এনে ধৰণৰ সমস্যা সেইসকল লোকৰ ক্ষেত্ৰত হয় যাৰ ভৰিৰ ঘাম অত্যধিক কিন্তু সময়ত শুকাই নাযায়। ইয়াৰ উপৰি টান জোতা আৰু লেতেৰা মোজা পিন্ধিলেও ভৰিৰ পৰা দুৰ্গন্ধ ওলায়। প্ৰতিজন ব্যক্তিৰ ছালত বেক্টেৰিয়া থাকে, কিন্তু যেতিয়া ব্যক্তিজনৰ ঘাম এই বেক্টেৰিয়াৰ সংস্পৰ্শলৈ আহে, ভৰিৰ পৰা গোন্ধ ওলাবলৈ আৰম্ভ কৰে। ১. নিমখ পানীঃ- ভৰিৰ গোন্ধ আঁতৰাবলৈ প্ৰথমে এটা টেপত কুহুমীয়া পানী লওঁক আৰু ইয়াত ২ চাহ চামুচ নিমখ যোগ দিয়ক। এতিয়া আপোনাৰ ভৰি দুখন এই পানীত ১৫ মিনিটৰ বাবে ডুবাই ৰাখক। এনেদৰে সপ্তাহত দুবাৰকৈ কৰিলে আপোনাৰ ভৰিৰ পৰা দুৰ্গন্ধ ওলোৱাৰ সমস্যা নিূমল হ’ব। ২. লেভেণ্ডাৰ অইলঃ- ভাল সুগন্ধি থকা বেক্টেৰিয়া মৰাৰ ক্ষেত্ৰত লেভেণ্ডাৰ তেলো যথেষ্ট কাৰ্যকৰী। এই তেলত থকা ভেঁকুৰ প্ৰতিৰোধী গুণাগুণবোৰে ভৰিৰ গোন্ধ আঁতৰ কৰাত অত্যন্ত উপকাৰ সাধে। ইয়াৰ বাবে পাতল গৰম পানীত কেইটোপালমান লেভেণ্ডাৰ তেল যোগ দিয়ক আৰু কিছু সময়ৰ বাবে ইয়াত ভৰি দুখন ডুবাই ৰাখক। ৩. গোলাপৰ পানীঃ- গোলাপৰ পানী ব্যৱহাৰ কৰিলেও ভৰিৰ দুৰ্গন্ধ হ্ৰাস হয়। ভৰিৰ দুৰ্গন্ধ হ্ৰাস কৰিবলৈ প্ৰথমে ভৰি দুখন ভালদৰে পৰিষ্কাৰ কৰক। ইয়াৰ পিছত ভৰিত গোলাপৰ পানী ছটিয়াই দিয়ক। ১০ মিনিট পিছত ভৰিত ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰিব পাৰে। ৪. তিতা জোতা পৰিধান নকৰিবঃ- বহু সময়ত তিতা জোতা পিন্ধিলেও ভৰিৰ পৰা গোন্ধ ওলাবলৈ আৰম্ভ কৰে। তিতা জোতাত বেক্টেৰিয়া থাকে যি ছালৰ সংক্ৰমণৰ আশংকা বৃদ্ধি কৰে। সদায় শুকান জোতা পিন্ধিব আৰু জোতাবোৰ সপ্তাহত এবাৰ ধুব লাগে আৰু ভালদৰে ৰ’দত শুকুৱাব লাগে। ৫. এলুমঃ- এলুমত থকা এণ্টিচেপ্টিক গুণাগুণে বেক্টেৰিয়া বৃদ্ধিক প্ৰতিহত কৰে। এই প্ৰতিকাৰটো কৰিবলৈ পানীৰ এটা মগত এক চামুচ এলুম পাউডাৰ মিহলি কৰক আৰু এই পানীৰে ভৰি ধুলেও সুফল লাভ কৰিব। ৬. ভিনেগাৰৰ পানীঃ- পানীত ভিনেগাৰ মিহলি কৰক আৰু এসপ্তাহৰ বাবে দৈনিক ৩০ মিনিটৰ বাবে ভৰি ডুবাই ৰাখক। এনে কৰাৰ ফলত কেৱল ঘামৰ দুৰ্গন্ধ আঁতৰ কৰা নহয়, ভৰিত থকা বেক্টেৰিয়া সংক্ৰমণৰ পৰাও সুৰক্ষা দিব। ৭. চাহপানীঃ- চাহত পোৱা এণ্টিঅক্সিডেণ্টবোৰে বেক্টেৰিয়া সংক্ৰমণ আঁতৰ কৰি ভৰিৰ দুৰ্গন্ধও দূৰ কৰে। এই প্ৰতিকাৰটো কৰিবলৈ দুই টেবুল চামোচ চাহপাত এগিলাচ পানী দি ১৫ মিনিটৰ বাবে উতলাওক আৰু ইয়াক ঠাণ্ডা কৰি ৰাখক। এতিয়া এই পানীখিনি টাবৰ পানীত মিহলি কৰি ভৰি দুখন ৩০ মিনিটৰ বাবে তিয়াই ৰাখিলেও সুফল লাভ কৰিব। ৮. কটনৰ মোজা পৰিধান কৰিবঃ- নাইলন আৰু কপাহৰ মোজা ভৰিৰ পৰা গোন্ধ আঁতৰাবলৈ ভাল বিকল্প হ'ব পাৰে। এইবোৰে ঘাম শোষণ কৰাত সহায় কৰে যাতে ভৰিৰ দুৰ্গন্ধ দূৰ কৰাত সহায়ক হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ