--°C
Loading...
Listen to Article
2 min read
80%

ভৰিৰ পৰা ওলোৱা দুৰ্গন্ধক ব্ৰমিহাইড্ৰচিছ বুলিও কোৱা হয়

ডিজিটেল ডেস্কঃ গ্ৰীষ্মকাল আগমনৰ লগে লগে বহুলোকে প্ৰায়ে ভৰিৰ পৰা গোন্ধ ওলোৱাৰ সমস্যাত ভোগে। ভৰিৰ দুৰ্গন্ধই কেৱল নিজৰেই নহয় ঘৰ বা বাহিৰৰ মানুহৰ সন্মুখত বিৰক্তি বা লাজত পৰিবলগীয়া হয়। ভৰিৰ দুৰ্গন্ধ ওলোৱা সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ কেইটামান ঘৰুৱা উপায়। ভৰিৰ পৰা ওলোৱা দুৰ্গন্ধক ব্ৰমিহাইড্ৰচিছ বুলিও কোৱা হয়। সাধাৰণতে এনে ধৰণৰ সমস্যা সেইসকল লোকৰ ক্ষেত্ৰত হয় যাৰ ভৰিৰ ঘাম অত্যধিক কিন্তু সময়ত শুকাই নাযায়। ইয়াৰ উপৰি টান জোতা আৰু লেতেৰা মোজা পিন্ধিলেও ভৰিৰ পৰা দুৰ্গন্ধ ওলায়। প্ৰতিজন ব্যক্তিৰ ছালত বেক্টেৰিয়া থাকে, কিন্তু যেতিয়া ব্যক্তিজনৰ ঘাম এই বেক্টেৰিয়াৰ সংস্পৰ্শলৈ আহে, ভৰিৰ পৰা গোন্ধ ওলাবলৈ আৰম্ভ কৰে। ১. নিমখ পানীঃ- ভৰিৰ গোন্ধ আঁতৰাবলৈ প্ৰথমে এটা টেপত কুহুমীয়া পানী লওঁক আৰু ইয়াত ২ চাহ চামুচ নিমখ যোগ দিয়ক। এতিয়া আপোনাৰ ভৰি দুখন এই পানীত ১৫ মিনিটৰ বাবে ডুবাই ৰাখক। এনেদৰে সপ্তাহত দুবাৰকৈ কৰিলে আপোনাৰ ভৰিৰ পৰা দুৰ্গন্ধ ওলোৱাৰ সমস্যা নিূমল হ’ব। ২. লেভেণ্ডাৰ অইলঃ- ভাল সুগন্ধি থকা বেক্টেৰিয়া মৰাৰ ক্ষেত্ৰত লেভেণ্ডাৰ তেলো যথেষ্ট কাৰ্যকৰী। এই তেলত থকা ভেঁকুৰ প্ৰতিৰোধী গুণাগুণবোৰে ভৰিৰ গোন্ধ আঁতৰ কৰাত অত্যন্ত উপকাৰ সাধে। ইয়াৰ বাবে পাতল গৰম পানীত কেইটোপালমান লেভেণ্ডাৰ তেল যোগ দিয়ক আৰু কিছু সময়ৰ বাবে ইয়াত ভৰি দুখন ডুবাই ৰাখক। ৩. গোলাপৰ পানীঃ- গোলাপৰ পানী ব্যৱহাৰ কৰিলেও ভৰিৰ দুৰ্গন্ধ হ্ৰাস হয়। ভৰিৰ দুৰ্গন্ধ হ্ৰাস কৰিবলৈ প্ৰথমে ভৰি দুখন ভালদৰে পৰিষ্কাৰ কৰক। ইয়াৰ পিছত ভৰিত গোলাপৰ পানী ছটিয়াই দিয়ক। ১০ মিনিট পিছত ভৰিত ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰিব পাৰে। ৪. তিতা জোতা পৰিধান নকৰিবঃ- বহু সময়ত তিতা জোতা পিন্ধিলেও ভৰিৰ পৰা গোন্ধ ওলাবলৈ আৰম্ভ কৰে। তিতা জোতাত বেক্টেৰিয়া থাকে যি ছালৰ সংক্ৰমণৰ আশংকা বৃদ্ধি কৰে। সদায় শুকান জোতা পিন্ধিব আৰু জোতাবোৰ সপ্তাহত এবাৰ ধুব লাগে আৰু ভালদৰে ৰ’দত শুকুৱাব লাগে। ৫. এলুমঃ- এলুমত থকা এণ্টিচেপ্টিক গুণাগুণে বেক্টেৰিয়া বৃদ্ধিক প্ৰতিহত কৰে। এই প্ৰতিকাৰটো কৰিবলৈ পানীৰ এটা মগত এক চামুচ এলুম পাউডাৰ মিহলি কৰক আৰু এই পানীৰে ভৰি ধুলেও সুফল লাভ কৰিব। ৬. ভিনেগাৰৰ পানীঃ- পানীত ভিনেগাৰ মিহলি কৰক আৰু এসপ্তাহৰ বাবে দৈনিক ৩০ মিনিটৰ বাবে ভৰি ডুবাই ৰাখক। এনে কৰাৰ ফলত কেৱল ঘামৰ দুৰ্গন্ধ আঁতৰ কৰা নহয়, ভৰিত থকা বেক্টেৰিয়া সংক্ৰমণৰ পৰাও সুৰক্ষা দিব। ৭. চাহপানীঃ- চাহত পোৱা এণ্টিঅক্সিডেণ্টবোৰে বেক্টেৰিয়া সংক্ৰমণ আঁতৰ কৰি ভৰিৰ দুৰ্গন্ধও দূৰ কৰে। এই প্ৰতিকাৰটো কৰিবলৈ দুই টেবুল চামোচ চাহপাত এগিলাচ পানী দি ১৫ মিনিটৰ বাবে উতলাওক আৰু ইয়াক ঠাণ্ডা কৰি ৰাখক। এতিয়া এই পানীখিনি টাবৰ পানীত মিহলি কৰি ভৰি দুখন ৩০ মিনিটৰ বাবে তিয়াই ৰাখিলেও সুফল লাভ কৰিব। ৮. কটনৰ মোজা পৰিধান কৰিবঃ- নাইলন আৰু কপাহৰ মোজা ভৰিৰ পৰা গোন্ধ আঁতৰাবলৈ ভাল বিকল্প হ'ব পাৰে। এইবোৰে ঘাম শোষণ কৰাত সহায় কৰে যাতে ভৰিৰ দুৰ্গন্ধ দূৰ কৰাত সহায়ক হয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
মাটিকাদুৰিৰ নানা উপকাৰী গুণ
৪ বছৰত ২৫ হাজাৰ একৰ ভূমি বেদখলৰ পৰা মুক্ত হ’ল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ত্রি-মুকুট অৰ্জনৰ দিশে পি এছ জি
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতৰ মহিলা দল ঘোষণা ; অসমৰ উমা চেত্ৰীৰ স্থান লাভ
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
গীতে-মাতে জীপাল হ'ল কুঠৰীস্থিত ড° ভূপেন হাজৰিকাৰ পৰিত্যক্ত বাসগৃহ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান
পাকিস্তানৰ ৮১ শতাংশ অস্ত্র-শস্ত্র চীনত নির্মিত