--°C
Loading...
Listen to Article
2 min read
80%
হয়তো তেওঁলোকৰ মনত দুখ আছে আৰু ক্ষোভ আছে। পৰিস্থিতি এনেকুৱা হৈ পৰিল যে এতিয়া আৰু প্রতিশোধ নহয়; সহযাত্ৰী, সহযোদ্ধা হোৱাৰ সপোন। ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰী। নেলী বুলি ক’লে সেই ইতিহাসেই অসমৰ, ভাৰতৰ আৰু পৃথিৱীৰ যিকোনো লোকৰ মনলৈ ভাহি আহে। জুয়ে পোৰা তিৰাশীৰ সেই দিনটো বুৰঞ্জীত অভিশপ্ত আৰু ক’লা দিন হিচাপে চিহ্নিত হ’ল। গাখীৰেৰে ধুলেও এঙাৰে যিদৰে বগা ৰূপ নলয়, সেইদৰে হাজাৰবাৰ প্ৰায়শ্চিত্ত কৰিলেও নেলীৰ ১৮ ফেব্ৰুৱাৰীৰ দিনটো কোনোকালে কোনেও মচিব নোৱাৰে। একেলগে দুহাজাৰৰো অধিক মানুহক যাঠিৰে খুঁচি, দাৰে ঘপিয়াই হত্যা কৰা হৈছিল। মানুহ ইমান নৃশংস কেনেকৈ হ’ব পাৰে, সেয়া আজিও ভাবি বহুজনে উত্তৰ পোৱা নাই। কোনো মানুহে গৰু-ছাগলীকো আনকি হাঁহ-পাৰকো ঘপিয়াই ঘপিয়াই হত্যা নকৰে। অথচ নেলীত মানুহক এনেদৰে হত্যা কৰা হৈছিল। সেই ইতিহাস বুকুত সামৰি আজিও বহুজন জীয়াই আছে। বহুতৰ পিঠি, বুকু, হাত, বাহু, কৰঙনত দাৰ ঘাপ অথবা যাঠিৰ খোঁচৰ চিন আছেই। সেই চিনবোৰে তেওঁলোকক আমৃত্যু পাহৰিব নোৱৰাকৈ ৰাখি থৈছে ’৮৩ৰ ১৮ ফেব্ৰুৱাৰীৰ দিনটো৷ কিছুমান স্মৃতি আৰু ইতিহাস মানুহে মনত ৰাখিব নিবিচাৰে যি স্মৃতি আৰু ইতিহাসে আগুৱাই যোৱাত বাধা দিয়ে, সেই স্মৃতি আৰু ইতিহাস সাবটি থাকিলে লাভ কি? যিদৰে জাপানে পাহৰি পেলাইছে দ্বিতীয় মহাসমৰত তেওঁলোকৰ ওপৰত পেলোৱা দুটাকৈ বিধ্বংসী এট’ম বোমাৰ কথা৷ বোমা পেলোৱা সেই শত্ৰু ৰাষ্ট্ৰৰ সৈতে আজিৰ জাপানে আগুৱাই যাবলৈ বন্ধুত্বৰ সেতু গঢ়ি তুলিছে। একেলগে থিয় হৈছে, একেলগে হাতে হাত ধৰি আগবাঢ়ি যোৱাৰ বাবে জাপান আজি কাৰিকৰী আৰু ন ন উদ্ভাৱনৰ দিশত পৃথিৱীৰ একক আৰু অনন্য ৰাষ্ট্ৰত পৰিণত হ’ব পাৰিছে।

আমি নেলীলৈ গৈছিলো

দেওবাৰ, ২৭ ফেব্ৰুৱাৰী, ২০২২ত নেলীলৈ গৈছিলো। প্ৰথমবাৰৰ বাবে জাগীৰোড সমষ্টিৰ অন্তৰ্গত নেলীৰ একেবাৰে ভিতৰুৱা এখন গাঁৱৰ সভালৈ ৰাইজৰ নিমন্ত্ৰণ ৰক্ষা কৰি যোৱাৰ সুযোগ পাইছিলো। জাগীৰোডৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আঠ-দহ কিলোমিটাৰ ভিতৰলৈ গৈছিলো। গাঁওখনৰ নাম ‘মূলাধাৰী’। ঘাইপথৰ পৰা প্ৰায় তিনি কিলোমিটাৰ পকী যদিও বাকী পথ খৰালি কাৰণেহে যাব পাৰিছিলো। বিধ্বস্ত পথৰ দুয়োকাষে শ শ বিঘা খেতিপথাৰ এই ফাগুনতো সেউজীয়া। মিঞা-মুছলমান এই সমাজখনৰ কোনো মানুহ এনেয়ে বহি নাথাকে। সেউজীয়া পথাৰত ৰোৱাই ঠন ধৰি আকাশৰ পিনে চাই আছে। শিশু আৰু মহিলাসকলে জাক পাতি ৰোৱাৰ মাজে মাজে গজি উঠা অপতৃণবোৰ গুচাই থকা দিখিছিলো। মূলাধাৰীত এখন বিদ্যালয় স্থাপন কৰিছে। ‘নেলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল’ নামৰ অসমীয়া মাধ্যমৰ এই শিক্ষানুষ্ঠানখন কোনো ৰাজনৈতিক নেতাৰ ধনেৰে স্থাপন কৰা হোৱা নাই। সাংবাদিক ছাহজাহান তালুকদাৰৰ উদ্যোগত প্রখ্যাত আইনজীৱী হাফিজ ৰছিদ আহমদ চৌধুৰীৰ দৰে বিশিষ্টজনৰ সহায়ত স্থাপন হৈছে এইখন শিক্ষানুষ্ঠান। নেলীক সাৰথি কৰি নেলীৰ সেই ভয়াৱহ দিনবোৰৰ কথা মনত পেলাই মানুহৰ মাজত বিভেদৰ বীজ সিঁচি বহু লোক বিধায়ক, মন্ত্ৰী হ’ল। দুৰ্ভাগ্যৰ কথাটো হ’ল ৰাজনৈতিক নেতাবোৰে ধাৰাবাহিকভাৱে ধৰ্ম আৰু বৰ্ণক লৈ অসমীয়া সমাজখন ধ্বংস কৰাৰ বাহিৰে আন কি কৰিলে বুলি প্রশ্ন কৰিবলৈ মন যায়! নেলীৰ মানুহক লৈ ৰাজনীতি কৰা এই ৰাজনৈতিক নেতাবোৰে কেতিয়াও নিবিচাৰিলে নেলীৰ প্রায় ২০ হাজাৰ মানুহৰ মাজত এখন হাইস্কুলৰ প্ৰয়োজন বুলি। প্রায় ১৩খন প্ৰাথমিক বিদ্যালয়ৰ মাজত এখন হাইস্কুল স্থাপন কৰিছিল ২০১৮বৰ্ষত। ১৯৮৩ত এই নেলীতে সংঘটিত হৈছিল গণহত্যা। বাচি বাচি এটা বিশেষ ধৰ্মৰ মানুহক হত্যা কৰা হৈছিল। পৃথিৱীজুৰি অসমক নিন্দা কৰিছিল সচেতন মহলে। ‘বি বি চি’ৰ প্রধান বাতৰি হৈ পৰিছিল নেলীৰ এই গণহত্যা। নেলীৰ মূলাধাৰীত স্থাপন কৰা হাইস্কুলখনৰ পৰা মেট্ৰিক পৰীক্ষা দি দুটা প্ৰজন্ম ওলাই গৈছে। তেওঁলোকৰ বেছিভাগে মহাবিদ্যালয়ত বিজ্ঞান শাখাত অধ্যয়ন কৰিছে। তেওঁলোকক সেইদিনা সভাত চিনাকি কৰি দিয়া হৈছিল। বেছিভাগৰ সপোন ‘গণসংযোগ’ পঢ়ি এদিন সাংবাদিক হ’ব আৰু পৃথিৱীৰ সৈতে নেলীৰ এই দৰিদ্ৰ, দুৰ্ভগীয়া মানুহক পৰিচয় কৰাই দিব। মহাবিদ্যালয়ত পঢ়ি থকা নেলীৰ আজিৰ প্রজন্মৰ এইসকল ছাত্ৰ-ছাত্ৰীৰ সপোন তেওঁলোক চিকিৎসক হ’ব, বিজ্ঞানী হ’ব। কাৰণ সন্তান জন্ম দিওঁতে বহু মাতৃয়ে আজিও মৃত্যুমুখত পৰে। ৰাজনৈতিক নেতাই জৰা-ফুকা আদিৰে মানুহক অন্ধবিশ্বাসৰ মাজত জীয়াই থাকিবলৈ দি অহা হেঁচাৰ বিপৰীতে এই প্রজন্মই বিজ্ঞান মানসিকতাৰে ভৱিষ্যতে একো একোগৰাকী আব্দুল কালাম, স্ত্ৰী শিক্ষাৰ ৰোল ম’ডেল মালালা হ’ব বিচাৰে।

শিক্ষাৰ আদৰ

কুৰি হাজাৰ মানুহৰ মাজত এখন হাইস্কুল স্থাপন কৰিব লাগে বুলি অনুভৱ নকৰা ৰাজনৈতিক নেতাবোৰৰ সন্তান কিন্তু দেশ-বিদেশৰ নামি-দামী শিক্ষানুষ্ঠানত অধ্যয়ন কৰে। আৰু নেলীৰ ভিতৰুৱা অঞ্চলত বাস কৰা এইসকল লোকৰ সন্তানৰ মাজত ধৰ্মান্ধতা, অন্ধবিশ্বাস বিলাই চিৰদিন শাসন কৰাৰ বাট মুকলি কৰি ৰাখে। প্রতিবছৰে কমেও চাৰি-পাঁচটাকৈ বানৰ কবলত পৰা এইসকল লোকৰ মাজত যিসকল সামান্য বিত্তশালী, তেওঁলোকে ওখকৈ ভেটি নিৰ্মাণ কৰি টিনৰ চালিৰে এটা ঘৰ সাজি লৈছে। বাকীসকলে বানৰ সৈতে সহাৱস্থান কৰাৰ বিকল্প নাই। ‘নেলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল’ৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰোতে বহু মানুহৰ সমাৱেশ হৈছিল। তাত ৰাইজক উদ্দেশ্যি সাংবাদিক বৈকুণ্ঠ গোস্বামী, কণ্ঠশিল্পী নাহিদ আফ্ৰিন, সাংবাদিক আফ্ৰিদা হুছেইন আদিয়ে এটা কথাই কৈছিল যে “মুছলমান সমাজত নাৰীক উচ্চ শিক্ষিত কৰি তোলাৰ বাহিৰে কোনো বিকল্প নাই।” সংগীতশিল্পী নাহিদ আফ্ৰিনে আক্ষেপেৰে কোৱা এটা কথাই এই সমাজখনৰ আন এটা দিশ উন্মোচন কৰিলে৷ সংগীত শিল্পীগৰাকীয়ে ‘ইউনিছেফ’ৰ সৈতে কাম কৰি থাকোতে লাভ কৰা ভয়ংকৰ তথ্যটো হ’ল অসমত এতিয়াও ব্যাপক মাত্ৰাত বাল্যবিবাহ প্রচলিত হৈ আছে। কোনো আইনে ইয়াক ৰোধ কৰিব পৰা নাই। কন্যা সম্ভানক ১০-১১ বছৰতে বিয়া দিয়া হয়। জীৱনটো কি, অনুভৱ কৰিবলৈ নৌপাওঁতেই, জীৱনৰ অৰ্থ বুজি নাপাওঁতেই আমাৰ সমাজত একাংশ অভিভাৱকে কন্যা সন্তানক বিয়া দি জীৱন ধ্বংস কৰাৰ প্রথা আজিৰ সমাজতো চলি থকাৰ কথা ক’লে নাহিদ আফ্ৰিনে। ইয়াৰ বিৰুদ্ধে কেতবোৰ লোকে যুঁজ দি আহিছে যদিও সমাজখনত ইয়াৰ যি আগ্ৰাসন আৰু ব্যাপকতা, তাৰ তুলনাত যুঁজখন তেনেই সৰু। ২৭ ফেব্ৰুৱাৰীত নেলীৰ মূলাধাৰীত উপস্থিত হৈ অনুভৱ কৰিলো এক নতুন সত্য। হয়তো সেইদিনা ‘নেলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল’ৰ সভাত উপস্থিত নথকা হ’লে এই সত্য কেতিয়াও জানিব নোৱাৰিলোহেঁতেন! সভা আৰম্ভ হৈছিল অসমৰ জাতীয় সংগীত ‘‘অ’ মোৰ আপোনাৰ দেশ...’’ গীতটোৰে। ইমান সুন্দৰ, স্পষ্ট আৰু সাংগীতিক লয় ৰক্ষা কৰি নেলীৰ কেউটা প্রজন্মই তেওঁলোক অসমৰ জনজীৱনৰ এক অবিচ্ছেদ্য অংগ বুলি আকৌ প্রমাণ কৰিলে। অসমৰ এইসকল লোক অসমীয়া। তেওঁলোকে জিকিৰ গাইছে, তিৱা নৃত্য কৰিছে। তেওঁলোকে কৈছে- হজৰত মহম্মদৰ নিৰ্দেশৰ কথা। য’ত থাকিব, সেয়াই তেওঁলোকৰ বাবে বেহেস্ত৷ অসমৰ পথাৰ বাৰমাহে সেউজীয়া কৰি ৰখা আৰু আমাক অন্নমুঠি যোগান ধৰাৰ যি গুৰুদায়িত্ব এওঁলোকে পালন কৰি আহিছে, তাৰ বাবে আমি কৃতজ্ঞ হোৱা উচিত। এওঁলোকক কাৰো চাৰ্টিফিকেট নালাগে। এওঁলোকৰ জীৱন, সাধনা, শ্ৰম আৰু ত্যাগে ভৱিষ্যতৰ বুৰঞ্জী লেখকক নতুন তথ্যৰ যোগান ধৰিব। বাহিৰৰ পৰা দেখা নেলী আৰু ভিতৰত থিয় হৈ দেখা নেলী সম্পূৰ্ণ পৃথক। নতুন প্রজন্ময়ো সেই দিনবোৰ মনত ৰাখিছে, কিন্তু কাৰো বিৰুদ্ধে প্ৰতিশোধৰ মনোভাব পুহি ৰখা নাই। তেওঁলোক শিক্ষিত হ’ব লাগে। নহ’লে আমাৰ কেতবোৰ ৰাজনৈতিক নেতাই তেওঁলোকক লৈ ৰাজনীতি কৰি থাকিব। তেওঁলোকৰ বিৰুদ্ধে ঘৃণাৰ মনোভাব ছটিয়াই থাকিব। মানুহ হৈয়ো তেওঁলোক কিছুমানৰ বাবে আজি ঘৃণিত। নেতাৰ সন্তানে ডুন স্কুলত পঢ়িছে, নেতাৰ সন্তানে সিন্ধিয়া স্কুলত পঢ়িছে নতুবা নেতাৰ সন্তানে লণ্ডন স্কুল অব্ ইক’নমিকছত পঢ়িবলৈ গৈছে। আৰু নেলী তথা মূলাধাৰীৰ আশে-পাশে থকা এইসকল কৃষিজীৱী মানুহৰ সন্তানৰ বাবে ‘নেলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল’ৰ বিকল্প নাই। ইয়াৰ পৰাই শিক্ষিত হৈ ওলাব লাগিব নতুন প্রজন্ম। একোগৰাকী সাংবাদিক, বুদ্ধিজীৱী, সমাজকৰ্মী, চিকিৎসক, অভিযন্তা, অধ্যাপক হৈ পৃথিৱীক জনাব লাগিব এদিন তেওঁলোকৰ পূৰ্বপুৰুষৰ ওপৰত জাপি দিয়া বদনাম, ঘৃণাৰ বিৰুদ্ধে যুঁজিব লগা হৈছিল। এতিয়া তেওঁলোকে মানুহক ঘৃণা কৰিবলৈ শিকোৱাৰ বিৰুদ্ধে গাব মানুহৰ গান, ক’ব মানুহৰ কথা৷ যি কথা এদিন গান্ধীয়ে কৈছিল, যি কথা এদিন বুদ্ধই কৈছিল, যি কথা এদিন শংকৰদেৱে কৈছিল, সেই কথাই তেওঁলোকেও ক’ব!

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ