--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছত্তীশগড়ৰ(Chhattisgarh)  ৰাইপুৰত সংঘটিত হৈছে এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা।দুৰ্ঘটনাটোত কেপ্টেইন গোপাল কৃষ্ণ পাণ্ডা আৰু কেপ্টেইন এ পি শ্ৰীবাস্তৱ নিহত হয়। 

ছত্তীশগড় ষ্টেট হেলিকপ্টাৰখন নিশা প্ৰায় ৯.১০ বজাত ৰাইপুৰৰ স্বামী বিবেকানন্দ বিমানবন্দৰত দুৰ্ঘটনাগ্ৰস্ত হয়। নিয়মীয়া প্ৰশিক্ষণ চলাই থকাৰ সময়তে হঠাৎ হেলিকপ্টাৰখন ভাঙি পৰে। প্ৰাথমিক তদন্তত কাৰিকৰী ত্ৰুটিৰ বাবে হেলিকপ্টাৰখন ভাঙি পৰা বুলি সন্দেহ কৰা হৈছে।

অৱতৰণৰ সময়ত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়। বিকট শব্দ শুনি বহু মানুহ ঘটনাস্থলীলৈ দৌৰি আহিছিল। উদ্ধাৰকাৰী দলে পাইলট দুজনক উদ্ধাৰ কৰিছিল যদিও তেওঁলোকৰ মৃত্যু ঘটে।  হেলিকপ্টাৰখন কেনেদৰে এই দুৰ্ঘটনাত পতিত হ’ল সেয়া তদন্ত কৰি থকা হৈছে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে দুৰ্ঘটনাত মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি শোক প্ৰকাশ কৰিছে। ঘটনাটোকলৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত