--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছত্তীশগড়ৰ(Chhattisgarh)  ৰাইপুৰত সংঘটিত হৈছে এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা।দুৰ্ঘটনাটোত কেপ্টেইন গোপাল কৃষ্ণ পাণ্ডা আৰু কেপ্টেইন এ পি শ্ৰীবাস্তৱ নিহত হয়। 

ছত্তীশগড় ষ্টেট হেলিকপ্টাৰখন নিশা প্ৰায় ৯.১০ বজাত ৰাইপুৰৰ স্বামী বিবেকানন্দ বিমানবন্দৰত দুৰ্ঘটনাগ্ৰস্ত হয়। নিয়মীয়া প্ৰশিক্ষণ চলাই থকাৰ সময়তে হঠাৎ হেলিকপ্টাৰখন ভাঙি পৰে। প্ৰাথমিক তদন্তত কাৰিকৰী ত্ৰুটিৰ বাবে হেলিকপ্টাৰখন ভাঙি পৰা বুলি সন্দেহ কৰা হৈছে।

অৱতৰণৰ সময়ত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়। বিকট শব্দ শুনি বহু মানুহ ঘটনাস্থলীলৈ দৌৰি আহিছিল। উদ্ধাৰকাৰী দলে পাইলট দুজনক উদ্ধাৰ কৰিছিল যদিও তেওঁলোকৰ মৃত্যু ঘটে।  হেলিকপ্টাৰখন কেনেদৰে এই দুৰ্ঘটনাত পতিত হ’ল সেয়া তদন্ত কৰি থকা হৈছে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে দুৰ্ঘটনাত মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি শোক প্ৰকাশ কৰিছে। ঘটনাটোকলৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ