--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু ৬ বন্ধু-বান্ধৱীৰ। মঙলবাৰে পুৱতি নিশা এক পথ দুৰ্ঘটনাত ৬ গৰাকী যুৱক-যুৱতীৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হৈছিল। ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হৈছিল কুণাল কুক্ৰেজা (২৩), অতুল আগৰৱালা (২৪), ঋষভ জৈন (২৪), নব্য গোৱেল (২৩), কামাক্ষী (২০) আৰু গুনীত কুক্ৰেজা (১৯)। আহত হৈছিল সিদ্ধেশ নামৰ এজন যুৱক। এই খবৰে কঁপাই গৈছে ডেৰাডুন।  

এই দুৰ্ঘটনাৰ ন ন তথ্য পোহৰলৈ আহিছে।

সিদ্ধেশে নামৰ যুৱকজনে আয়োজন কৰা পাৰ্টি কৰি উভতি আহি আছিল তেওঁলোক। মাজ নিশা প্ৰায় ১.৩০ বজাত দেৰাদূনৰ ONGC চ’কত সংঘটিত হৈছিল এই পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী ইন’ভা বাহনে এখন কণ্টেইনাৰ ট্ৰাকৰ পিছফালে খুন্দা মাৰিছিল। জানিব পৰা অনুসৰি এখন BMWৰ বাহনৰ সৈতে ৰেচিং কৰি গৈ আছিল দুৰ্ঘটনা সংঘটিত কৰা ইন’ভা বাহনখন। আৰু BMW বাহনখনক অতিক্ৰম কৰিবলৈ গৈ এখন ট্ৰাকত খুন্দা মাৰে। অত্যধিক তীব্ৰ গতিয়েই কাল হ'ল তেওঁলোকৰ জীৱনৰ বাবে। 

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দুৰ্ঘটনা পতিত হোৱা যুৱক-যুৱতীগৰাকীৰ মূৰ ফাটি-চিটি গৈছিল। দেহ খণ্ড-বিখণ্ড হৈ যায়। নিমিষতে গাড়ীখন ধ্বংসস্তুপত পৰিণত হৈছিল। 

এটা ভিডিঅ’ পোহৰলৈ আহিছে য’ত আটাইকেইগৰাকীয়ে সুৰাপান কৰি থকা দেখা গৈছে। ফলত সন্দেহ কৰা হৈছে যে এই দুৰ্ঘটনাৰ আঁৰত হয়তো থাকিব পাৰে সুৰাৰ প্ৰভাৱ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পাছতহে সকলো তথ্য পৰিষ্কাৰ হৈ পৰিব। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এতিয়াও তদন্ত অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত বনৰীয়া হাতী বিলুপ্ত হোৱাৰ শংকা
জুবিনৰ সমাধিত শ্রদ্ধা জনাবলৈ কাইলৈ আহিব ৰাহুল গান্ধী
ব্লেক কফি খালে দূৰ হয় ফেটি লিভাৰৰ সমস্যা
৬ কোটি টকাৰ ব্যয়েৰে অযোধ্যাত সম্পূৰ্ণ হ'ল ৰামায়ণৰ ওপৰত বিশ্বৰ প্ৰথমটো মমৰ সংগ্ৰহালয়
নাজিৰাত বিলাসী বাহনসহ চুৰি গৰু উদ্ধাৰ!  দুজনক আটক আৰু গৰুভৰ্তি দুখন বাহনৰ পলায়ন
গৰৈমাৰীত চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ:পুৰুষ মহিলাৰ তীব্ৰ প্ৰতিবাদ
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য