--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু ৬ বন্ধু-বান্ধৱীৰ। মঙলবাৰে পুৱতি নিশা এক পথ দুৰ্ঘটনাত ৬ গৰাকী যুৱক-যুৱতীৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হৈছিল। ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হৈছিল কুণাল কুক্ৰেজা (২৩), অতুল আগৰৱালা (২৪), ঋষভ জৈন (২৪), নব্য গোৱেল (২৩), কামাক্ষী (২০) আৰু গুনীত কুক্ৰেজা (১৯)। আহত হৈছিল সিদ্ধেশ নামৰ এজন যুৱক। এই খবৰে কঁপাই গৈছে ডেৰাডুন।  

এই দুৰ্ঘটনাৰ ন ন তথ্য পোহৰলৈ আহিছে।

সিদ্ধেশে নামৰ যুৱকজনে আয়োজন কৰা পাৰ্টি কৰি উভতি আহি আছিল তেওঁলোক। মাজ নিশা প্ৰায় ১.৩০ বজাত দেৰাদূনৰ ONGC চ’কত সংঘটিত হৈছিল এই পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী ইন’ভা বাহনে এখন কণ্টেইনাৰ ট্ৰাকৰ পিছফালে খুন্দা মাৰিছিল। জানিব পৰা অনুসৰি এখন BMWৰ বাহনৰ সৈতে ৰেচিং কৰি গৈ আছিল দুৰ্ঘটনা সংঘটিত কৰা ইন’ভা বাহনখন। আৰু BMW বাহনখনক অতিক্ৰম কৰিবলৈ গৈ এখন ট্ৰাকত খুন্দা মাৰে। অত্যধিক তীব্ৰ গতিয়েই কাল হ'ল তেওঁলোকৰ জীৱনৰ বাবে। 

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দুৰ্ঘটনা পতিত হোৱা যুৱক-যুৱতীগৰাকীৰ মূৰ ফাটি-চিটি গৈছিল। দেহ খণ্ড-বিখণ্ড হৈ যায়। নিমিষতে গাড়ীখন ধ্বংসস্তুপত পৰিণত হৈছিল। 

এটা ভিডিঅ’ পোহৰলৈ আহিছে য’ত আটাইকেইগৰাকীয়ে সুৰাপান কৰি থকা দেখা গৈছে। ফলত সন্দেহ কৰা হৈছে যে এই দুৰ্ঘটনাৰ আঁৰত হয়তো থাকিব পাৰে সুৰাৰ প্ৰভাৱ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পাছতহে সকলো তথ্য পৰিষ্কাৰ হৈ পৰিব। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এতিয়াও তদন্ত অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ