--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত ২৪ বছৰীয়া যুৱকে শ্লিপিং টেবলেট সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলাইছিল। ইনষ্টাগ্ৰামত লাইভ কৰি এই সকলোবোৰ কৰিছিল যুৱকজনে। লগে লগে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম Metaৰ পৰা উত্তৰ প্ৰদেশ আৰক্ষীলৈ সতৰ্কবাণী প্ৰেৰণ কৰা হয় আৰু আৰক্ষীয়ে ক্ষীপ্ৰ পদক্ষেপেৰে যুৱকজনৰ জীৱন ৰক্ষা কৰে। ১২ মিনিটৰ ভিতৰতে আৰক্ষীয়ে ৯ কিলোমিটাৰ দূৰৈৰ গাঁওখনত উপস্থিত হৈ যুৱকজনক চিকিৎসালয়লৈ লৈ যায়।

বৃহস্পতিবাৰে নিশা ভূদিয়া গাঁৱৰ ২৪ বছৰীয়া এজন যুৱকে ইনষ্টাগ্ৰামত লাইভ আহি শ্লিপিং টেবলেট খাই কথা পাতিবলৈ আৰম্ভ কৰে। এই ভিডিঅ’টোৰ সন্দৰ্ভত Metaৰ ছ’চিয়েল মিডিয়া চেণ্টাৰে সতৰ্কবাণী দি লগে লগে ইউ পি আৰক্ষী মুখ্য কাৰ্যালয়ক এই বিষয়ে অৱগত কৰে।

ভিডিঅ’ আৰু স্থানৰ সৈতে এই সতৰ্কবাণীটো মেটাই নিশা ১১:০৫ বজাত আৰক্ষীলৈ প্ৰেৰণ কৰে। ইয়াৰ পিছতে নিশা ১১:১৭ বজাত আৰক্ষী মুখ্য কাৰ্যালয়ৰ পৰা শ্বাহজাহানপুৰ আৰক্ষীয়ে এই তথ্য লাভ কৰে। তথ্য পোৱাৰ লগে লগে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি স্থানীয় কাটৰা আৰক্ষীৰ দলটোৱে মাত্ৰ ১২ মিনিটতে ৯ কিলোমিটাৰ দূৰৈৰ ভূদিয়া গাঁৱত উপস্থিত হয়।

এই সন্দৰ্ভত এছ পি ৰাজেশ এছে কয় যে গুগলে এই পথটোৰ বাবে ১৬ মিনিটৰ আনুমানিক হিচাপ দিছিল যদিও আমাৰ দলটোৱে তাৰ আগতেই গৈ পাইছিল। ঘটনাস্থলীতে যুৱকজনক অচেতন অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। লগে লগে তেওঁক কাটৰাৰ কমিউনিটি হেল্থ চেণ্টাৰ (চি এইচ চি)লৈ লৈ যোৱা হয়, য’ত সময়মতে চিকিৎসা কৰাৰ অন্তত তেওঁৰ জীৱন ৰক্ষা পৰে। চিকিৎসাৰ অন্তত যুৱকজনক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয়।

আৰক্ষীৰ মতে, পিতৃ-মাতৃৰ গালি-শপনিৰ বাবে যুৱকজন বিচলিত হৈছিল, যাৰ বাবেই তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিছিল। আৰক্ষীয়ে যুৱকজনক আৰু তেওঁৰ পৰিয়ালক কাউন্সেলিঙৰ পৰামৰ্শ দিছে, যাতে ভৱিষ্যতে এনে ঘটনা পুনৰ নহয়। এই ক্ষেত্ৰত আৰক্ষীক সময়মতে তথ্য দিয়াৰ ক্ষেত্ৰত Metaৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল। ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ ৰিয়েল টাইম এলাৰ্ট চিষ্টেম আৰু আৰক্ষীৰ সতৰ্কতাৰ বাবেই এজন যুৱকৰ জীৱন ৰক্ষা পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত বনৰীয়া হাতী বিলুপ্ত হোৱাৰ শংকা
জুবিনৰ সমাধিত শ্রদ্ধা জনাবলৈ কাইলৈ আহিব ৰাহুল গান্ধী
ব্লেক কফি খালে দূৰ হয় ফেটি লিভাৰৰ সমস্যা
৬ কোটি টকাৰ ব্যয়েৰে অযোধ্যাত সম্পূৰ্ণ হ'ল ৰামায়ণৰ ওপৰত বিশ্বৰ প্ৰথমটো মমৰ সংগ্ৰহালয়
নাজিৰাত বিলাসী বাহনসহ চুৰি গৰু উদ্ধাৰ!  দুজনক আটক আৰু গৰুভৰ্তি দুখন বাহনৰ পলায়ন
গৰৈমাৰীত চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ:পুৰুষ মহিলাৰ তীব্ৰ প্ৰতিবাদ
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ