--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মাজবাটৰ নেপালপাৰা গাঁৱত সংঘটিত হৈছে এই দুখজনক ঘটনা। পঞ্জাৱত মৃত্যুক আঁকোৱালি ললে চেনিৰাম নাথ নামৰ যুৱকজনে।

ডিজিটেল ডেস্কঃ পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু। পেটৰ তাড়নাত বহিঃৰাজ্যলৈ গৈ থিতাপি লোৱা যুৱকৰ পুনৰ সকৰুণ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে।


মাজবাটৰ নেপালপাৰা গাঁৱত সংঘটিত হৈছে এই দুখজনক ঘটনা। পঞ্জাৱত মৃত্যুক আঁকোৱালি ললে চেনিৰাম নাথ নামৰ যুৱকজনে। নিজ পুত্রক শেষবাৰৰ বাবে চোৱাৰ দুৰ্বাৰ হেঁপাহ দুর্ভগীয়া মাতৃৰ। কৰ্ম সংস্থাপন বিচাৰি পঞ্জাৱলৈ গৈছিল চেনিৰাম। বিগত ১০ বছৰে পঞ্জাৱতে কৰ্মৰত আছিল মাজবাটৰ নেপালপাৰা গাঁৱৰ চেনিৰাম নাথ। 


কিছুদিন পূর্বে পিতৃৰ বছৰেকীয়া শ্ৰাদ্ধৰ বাবে নিজ গৃহত উপস্থিত হৈছিল চেনিৰাম। শ্ৰাদ্ধ শেষ কৰি পুনৰ চেনিৰাম উভতিছিল পঞ্জাৱলৈ। তাতেই কেইবাদিনো জ্বৰত ভূগি শেষত পঞ্জাবৰ এখন চিকিৎসালয়ত যোৱা ১১জুনত মৃত্যুক আঁকোৱালি ল'লে চেনিৰাম নাথে। 


বৃদ্ধা মাতৃৰ একমাত্ৰ ভৰসা পুত্রও এতিয়া নিথৰ দেহ হৈ পৰি ৰৈছে সুদুৰ পঞ্জাৱত। বৃদ্ধা মাতৃগৰাকীয়ে শেষবাৰৰ বাবে যাতে পুত্ৰৰ মুখ চাব পাৰে তাৰবাবে পুত্ৰৰ মৃতদেহ অসমলৈ লৈ অনাত মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে দুৰ্ভগীয়া মাতৃয়ে । 


পৰিয়ালটিক উদ্ধাৰ কৰিবলৈ কাতৰভাৱে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে অঞ্চলবাসীয়ে।


 বাতৰি সংগ্ৰহঃ আব্দুল আৱাল,ৰৌতা


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ