--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শিল্পা চেট্টী বি-টাউনৰ ফিট চেলিব্ৰিটীৰ ভিতৰত এজন। তেওঁৰ সুথাম শৰীৰে মুহিত পৰে সহস্ৰজনক৷ বহুতৰ বাবে শিল্পাৰ সৌন্দৰ্যৰ আঁৰৰ কাহিনী সাথঁৰ৷ পিছে ৪৬ বছৰীয়া শিল্পাৰ সৌন্দৰ্যৰ আঁৰৰ কাহিনী জানিলে আপুনি হৈ পৰিব অবাক৷ শাৰীৰিক সুস্থতা বজাই ৰাখিবলৈ যোগা কৰাৰ শপত লৈছে মোহময়ী অভিনেত্ৰীগৰাকীয়ে৷ তেওঁৰ যোগাই লাখ লাখ অনুৰাগীক স্বাস্থ্যৱান আৰু সুস্থ ৰাখিবলৈ অনুপ্ৰাণিত কৰে। সপ্তাহটোৰ আৰম্ভণিতেই অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ পোষ্ট কৰিছিল৷ ফিটনেছৰ প্ৰতি বিশেষ আগ্ৰহী থকা অভিনেত্ৰীগৰাকীয়ে সপ্তাহটো যোগেৰে আৰম্ভ কৰিছে। তেওঁৰ যোগাৰ এক আভাস শ্বেয়াৰ কৰিছিল৷ শিল্পা চেট্টীয়ে শ্বেয়াৰ কৰা ভিডিঅ’ টোত, তেওঁক গাতিয়াতমাক অঞ্জনেয়াসন আৰু বধ ত্ৰিকোনাসনকে ধৰি কেইবাটাও অনা প্ৰদৰ্শন কৰা দেখা যায়। ভিডিঅ’টোৰ শিৰোনামত তেওঁ লিখে যে, 'যিকোনো দৈনিক ৰুটিনে আপোনাক কৰিব পাৰে বিৰক্তিকৰ। সেয়েহে, কেতিয়াবা আপোনাৰ অনুপ্ৰাণিত অনুভৱ কৰিবলৈ কিছু নতুন অভ্যাসৰ প্ৰয়োজন৷ যিয়ে আপোনাৰ মন আৰু দেহ সুস্থ ৰাখিবলৈ সহায় কৰিব৷’ তেওঁ এইবুলিও কয় যে, ‘এইটোৱেই মোক যোগৰ প্ৰতি সমৰ্পিত কৰি ৰাখে। মই মন, শৰীৰ আৰু আত্মাৰ ওপৰত গুৰুত্ব দিয়া অনাসনৰ বিভিন্ন সংমিশ্ৰণ অনুশীলন কৰিবলৈ ভাল পাওঁ। আজি, আছানাৰ প্ৰবাহত অন্তৰ্ভুক্ত আছিল গাতিয়াতমাক অঞ্জনেয়াসন আৰু বধ ত্ৰিকোনাসন৷’ এই মিশ্ৰণটোৱে চতুৰ্ভুজ, গ্লুট আৰু হেমষ্ট্ৰিং শক্তিশালী কৰাত সহায় কৰে। ই কঁকালৰ ফ্লেক্সাৰবোৰো মুকলি কৰে, ভাৰসাম্য আৰু নমনীয়তা উন্নত কৰে; আনহাতে ই গোৰোহা, আঁঠু, উৰু আৰু ধড় প্ৰসাৰিত আৰু শক্তিশালী কৰাত সহায় কৰে। ইয়াৰ অতিৰিক্ত লাভালাভ হৈছে যে ই হজমো উন্নত কৰে বুলিও তেওঁ মন্তব্য কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ