--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পাছত ‘আম আদমী পাৰ্টী’ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক বহুচৰ্চিত ‘দ্য কাশ্মীৰ ফাইলছ্’ সম্পৰ্কে ৰাজ্যসভাৰ মজিয়াত সৰব হৈ পৰা পৰিলক্ষিত হৈছে৷ সাংসদগৰাকীয়ে ৰাজ্যসভাত ‘দ্য কাশ্মীৰ ফাইলছ্’ ইউটিউব আৰু দূৰদৰ্শন কেন্দ্ৰৰ জৰিয়তে সম্প্ৰচাৰ কৰিবলৈ দাবী জনায়৷ ৰাজ্যসভাত কেইবাজনো নেতাই যুক্তি দিছে যে চিনেমাখন ইউটিউব আৰু দূৰদৰ্শনযোগে সম্প্ৰচাৰ কৰিলে কেৱল এক বিভাজনমূলক কাৰ্যসূচীৰহে প্ৰচাৰ হ’ব৷ কালি আম আদমী পাৰ্টীয়ে ইউটিউব আৰু দূৰদৰ্শনত কাশ্মীৰ ফাইলছ্ আপলোড কৰাৰ দাবী অব্যাহত ৰাখিছিল, আনকি কেইবাজনো মুছলমান নেতাই এনে বিভাজনকাৰী চিনেমাৰ প্ৰচাৰ কৰাটো সঠিক কাম নেকি বুলিও প্ৰশ্ন কৰে! ইউটিউব আৰু দূৰদৰ্শনত বিবেক অগ্নিহোত্ৰী পৰিচালিত চলচ্চিত্ৰখনৰ মুক্তিৰ দাবীত ‘আপ’ৰ সাংসদ সঞ্জয় সিঙে ৰাজ্যসভাত শূন্য ঘণ্টাৰ জাননী প্ৰদান কৰে। দিল্লী বিধানসভাত তেওঁৰ ভাষণৰ সময়ত আপৰ আহ্বায়ক আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীত চিনেমাখন কৰমুক্ত কৰাৰ দাবী কৰা বিজেপি বিধায়কসকলক ইউটিউবত আপলোড কৰি আৰু চিনেমাখনক সকলোৰে বাবে বিনামূলীয়া কৰিবলৈ কৈছিল। আপ নেতাজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি দুয়োকে ৰাজনৈতিক লাভালাভৰ বাবে চিনেমাখন ব্যৱহাৰ কৰাৰ বাবে সমালোচনা কৰিছিল। অৰবিন্দ কেজৰিৱালে আনকি অভিযোগ কৰি কৈছিল যে, কিছুমান লোকে কাশ্মীৰী পণ্ডিতসকলৰ নামত কোটি কোটি টকা উপাৰ্জন কৰিছে আৰু বিজেপিয়ে চিনেমাখনৰ পোষ্টাৰ লগাই আছে৷ পাছত এখন সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, কাশ্মীৰী পণ্ডিতসকলৰ প্ৰস্থানৰ পাছত বিগত ২০-২৫ বছৰত বিজেপি ১৩ বছৰ ধৰি কেন্দ্ৰত আছে। বিগত আঠ বছৰ ধাৰাবাহিকভাৱে বিজেপি কেন্দ্ৰত আছে। তৎসত্ত্বেও, কাশ্মীৰত এটা পণ্ডিত পৰিয়ালকো সংস্থাপিত কৰা হৈছেনে বুলি প্ৰশ্ন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
Missing Man's Body Recovered from Palla River: Murder Suspected over Extramarital Affair
The Future of Sri Lankan Cricket: Young Players, Emerging Stars, and the Next Generation of Talent
Man Detained for Attempting Illegal Second Marriage amid State Crackdown on Polygamy
From Floods to Farms: KADlien Promotes Potato Farming in Assam for Multinational Company, Empowering Flood-Affected Farmers for Economic Growth and Sustainability
Bijni: Mother of 6-Year-Old Missing for over Two Months
Shocking Daylight Murder: Missing Dhakuakhana Businessman Found Dead in Neighbour's Residence