--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত ভাৰত-পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা। দেশৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয়, “আজি শনিবাৰে সন্ধিয়া ৫ বজাৰ পৰা দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। আকাশ, স্থল বা জলপথেৰে কোনো সামৰিক ব্যৱস্থা গ্ৰহণ কৰা নহ’ব। দুয়োখন দেশে সকলো ধৰণৰ সংঘাতৰ পৰা বিৰত থাকিব।”

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয়, বিয়লি প্ৰায় ৩:৩৫ বজাত পাকিস্তানৰ ডিজিএমঅ’ৰ পৰা ভাৰতৰ ডিজিএমঅ’লৈ ফোন আহে। এই ফোন কলত ভাৰতে পাকিস্তানৰ অনুৰোধত সকলো ধৰণৰ সংঘাতৰ পৰা বিৰত থাকিবলৈ সন্মত হয়। পিছত জাৰি কৰা গাইডলাইন অনুসৰি আজি সন্ধিয়া ৫ বজাৰ পৰা দুয়োখন দেশে পানী, স্থল, আকাশৰ মাধ্যমেৰে সংঘাতৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লয়। ১২ তাৰিখে অৰ্থাৎ সোমবাৰে দুপৰীয়া ১২ বজাত দুয়োখন দেশৰ ডিজিএমঅ’ই এই বিষয়ত আলোচনা কৰিব।”

উল্লেখ্য যে বৈদেশিক মন্ত্ৰীৰ ঘোষণাৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সংঘাতত মধ্যস্থতাৰ কথা উল্লেখ কৰিছিল। ইয়াৰ পূৰ্বে ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ষ্টেণ্ডঅফত মধ্যস্থতা কৰাৰ প্ৰস্তাৱ দিছিল আমেৰিকাই। সেই আধাৰতেই আজি ভাৰত আৰু পাকিস্তানৰ প্ৰতিনিধিৰ সৈতে বাৰ্তালাপ কৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই। ভাৰত আৰু পাকিস্তানৰ বৈদেশিক মন্ত্ৰীসকলেও তেওঁৰ সৈতে কথা পাতিছিল। তাৰ পিছত ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰে।

ড’নাল্ড ট্ৰাম্পে কয়, “দুয়োখন দেশতে যি পৰিবেশ সৃষ্টি হৈছে সেয়া শান্ত কৰাটো প্ৰয়োজনীয়। আমি যোৱা নিশাৰ পৰা এইটো চেষ্টা আৰম্ভ কৰিছিলো আৰু দুয়োখন দেশেই সন্মতি দিলে। এতিয়া দুয়োজন যুদ্ধবিৰতিৰ বাবে সাজু হৈছে।”


আনহাতে আমেৰিকাৰ বৈদেশিক সচিব মাৰ্ক ৰুবিঅ’ই কয়, “জে ডি ভেন্স আৰু মই ভাৰত আৰু পাকিস্তানৰ উচ্চপদস্থ বিষয়াৰ সৈতে কথা পাতিছোঁ। য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শ্বাহবাজ শ্বৰীফ, বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, সেনা প্ৰধান আছিম মুনিৰ, আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু আছিম মালিক অন্তৰ্ভুক্ত আছিল।মই এই কথা জনাবলৈ পাই সুখী যে ভাৰত আৰু পাকিস্তান চৰকাৰে তাৎক্ষণিক যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে আৰু নিৰপেক্ষ স্থানত বিস্তৃত বিষয়ৰ ওপৰত আলোচনা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।” 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ