--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত ভাৰত-পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা। দেশৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয়, “আজি শনিবাৰে সন্ধিয়া ৫ বজাৰ পৰা দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। আকাশ, স্থল বা জলপথেৰে কোনো সামৰিক ব্যৱস্থা গ্ৰহণ কৰা নহ’ব। দুয়োখন দেশে সকলো ধৰণৰ সংঘাতৰ পৰা বিৰত থাকিব।”

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয়, বিয়লি প্ৰায় ৩:৩৫ বজাত পাকিস্তানৰ ডিজিএমঅ’ৰ পৰা ভাৰতৰ ডিজিএমঅ’লৈ ফোন আহে। এই ফোন কলত ভাৰতে পাকিস্তানৰ অনুৰোধত সকলো ধৰণৰ সংঘাতৰ পৰা বিৰত থাকিবলৈ সন্মত হয়। পিছত জাৰি কৰা গাইডলাইন অনুসৰি আজি সন্ধিয়া ৫ বজাৰ পৰা দুয়োখন দেশে পানী, স্থল, আকাশৰ মাধ্যমেৰে সংঘাতৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লয়। ১২ তাৰিখে অৰ্থাৎ সোমবাৰে দুপৰীয়া ১২ বজাত দুয়োখন দেশৰ ডিজিএমঅ’ই এই বিষয়ত আলোচনা কৰিব।”

উল্লেখ্য যে বৈদেশিক মন্ত্ৰীৰ ঘোষণাৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সংঘাতত মধ্যস্থতাৰ কথা উল্লেখ কৰিছিল। ইয়াৰ পূৰ্বে ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ষ্টেণ্ডঅফত মধ্যস্থতা কৰাৰ প্ৰস্তাৱ দিছিল আমেৰিকাই। সেই আধাৰতেই আজি ভাৰত আৰু পাকিস্তানৰ প্ৰতিনিধিৰ সৈতে বাৰ্তালাপ কৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই। ভাৰত আৰু পাকিস্তানৰ বৈদেশিক মন্ত্ৰীসকলেও তেওঁৰ সৈতে কথা পাতিছিল। তাৰ পিছত ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰে।

ড’নাল্ড ট্ৰাম্পে কয়, “দুয়োখন দেশতে যি পৰিবেশ সৃষ্টি হৈছে সেয়া শান্ত কৰাটো প্ৰয়োজনীয়। আমি যোৱা নিশাৰ পৰা এইটো চেষ্টা আৰম্ভ কৰিছিলো আৰু দুয়োখন দেশেই সন্মতি দিলে। এতিয়া দুয়োজন যুদ্ধবিৰতিৰ বাবে সাজু হৈছে।”


আনহাতে আমেৰিকাৰ বৈদেশিক সচিব মাৰ্ক ৰুবিঅ’ই কয়, “জে ডি ভেন্স আৰু মই ভাৰত আৰু পাকিস্তানৰ উচ্চপদস্থ বিষয়াৰ সৈতে কথা পাতিছোঁ। য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শ্বাহবাজ শ্বৰীফ, বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, সেনা প্ৰধান আছিম মুনিৰ, আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু আছিম মালিক অন্তৰ্ভুক্ত আছিল।মই এই কথা জনাবলৈ পাই সুখী যে ভাৰত আৰু পাকিস্তান চৰকাৰে তাৎক্ষণিক যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে আৰু নিৰপেক্ষ স্থানত বিস্তৃত বিষয়ৰ ওপৰত আলোচনা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।” 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত