--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দক্ষিণ এছিয়াৰ দুই পাৰমাণৱিক অস্ত্ৰৰে শক্তিধৰ ভাৰত আৰু পাকিস্তানৰ মাজত চলা যুদ্ধই সমগ্র বিশ্ববাসীক শংকিত কৰি তুলিছে। 

দক্ষিণ এছিয়াত দুই পাৰমাণৱিক অস্ত্ৰৰে সজ্জিত দেশৰ মাজত প্ৰথমবাৰৰ বাবে ড্ৰ'নেৰে আক্ৰমণ-প্রত্যাক্রমণ চলোৱা হৈছে। বৃহস্পতিবাৰে ভাৰতে অভিযোগ কৰে যে ভাৰতৰ কাশ্মীৰৰ লগতে বিভিন্ন অঞ্চলত পাকিস্তানে ড্ৰ'ন আৰু ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে। পাকিস্তানৰ প্ৰায় ৩০০-৪০০ ড্র'ন ভাৰতে ভূপাতিত কৰিবলৈ সক্ষম হয় বুলি ভাৰতীয় সামৰিক বাহিনীয়ে সদৰী কৰে। 

তদুপৰি, ভাৰতৰ ১৫টা গুৰুত্বপূৰ্ণ ঠাইত পাকিস্তানে ক্ষেপণাস্ত্ৰৰে কৰা আক্ৰমণো ভাৰতে বিফল কৰিবলৈ সক্ষম হয়। আনহাতে, পাকিস্তানে, শেহতীয়া সময়বোৰত ২৫খন ভাৰতীয় ড্র'নক প্রতিহত কৰিছে বুলি ভুৱা দাবী কৰিছে। যুদ্ধৰ বিশেষজ্ঞসকলে মত ব্যক্ত কৰিছে যে দুয়োখন দেশে প্রতিশোধকল্পে আৰম্ভ কৰা এই যুদ্ধই তেওঁলোকৰ দশকজোৰা শত্রুতাৰ এক নতুন অধ্যায়ৰ সৃষ্টি কৰিব। পাকিস্তান আৰু ভাৰতে এইবাৰৰ যুদ্ধত কেৱল স্থল যুদ্ধতেই শান্ত থকা নাই, দুয়োপক্ষই দুয়ো দেশৰ সীমাৰ সিপাৰৰ পৰা মানৱবিহীন অস্ত্রও প্ৰেৰণ কৰিছে। ভাৰত-পাকৰ এই সংঘৰ্ষই এক নতুন 'ড্র'ন যুদ্ধ' যুগৰ সৃষ্টি কৰাৰ অগ্ৰসৰ হৈছে, য'ত সঠিকভাৱে গৈ লক্ষ্যস্থান ভেদ কৰিব পাৰে। মার্কিন নেভেল ৱাৰ কলেজৰ অধ্যাপক মাতিশ্বেকে কয় যে দক্ষিণ এছিয়াৰ আকাশত প্ৰথমবাৰৰ বাবে ড্ৰ'নেৰে যুদ্ধৰ সূচনা হৈছে। 

উল্লেখযোগ্য যে আধুনিক যুদ্ধশৈলীত লেজাৰ নিয়ন্ত্ৰিত ক্ষেপণাস্ত্র বোমা, ড্ৰ'ন আৰু মানৱবিহীন আকাশী বাহন অপৰিহাৰ্য হৈ পৰিছে যদিও দক্ষিণ এছিয়াত প্রথমবাৰৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজৰ এই সংঘৰ্ষত ড্র'নেৰে আক্রমণ সংঘটিত কৰা হৈছে।

উৎসঃ দৈনিক জনমভূমি 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত