--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দক্ষিণ এছিয়াৰ দুই পাৰমাণৱিক অস্ত্ৰৰে শক্তিধৰ ভাৰত আৰু পাকিস্তানৰ মাজত চলা যুদ্ধই সমগ্র বিশ্ববাসীক শংকিত কৰি তুলিছে। 

দক্ষিণ এছিয়াত দুই পাৰমাণৱিক অস্ত্ৰৰে সজ্জিত দেশৰ মাজত প্ৰথমবাৰৰ বাবে ড্ৰ'নেৰে আক্ৰমণ-প্রত্যাক্রমণ চলোৱা হৈছে। বৃহস্পতিবাৰে ভাৰতে অভিযোগ কৰে যে ভাৰতৰ কাশ্মীৰৰ লগতে বিভিন্ন অঞ্চলত পাকিস্তানে ড্ৰ'ন আৰু ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে। পাকিস্তানৰ প্ৰায় ৩০০-৪০০ ড্র'ন ভাৰতে ভূপাতিত কৰিবলৈ সক্ষম হয় বুলি ভাৰতীয় সামৰিক বাহিনীয়ে সদৰী কৰে। 

তদুপৰি, ভাৰতৰ ১৫টা গুৰুত্বপূৰ্ণ ঠাইত পাকিস্তানে ক্ষেপণাস্ত্ৰৰে কৰা আক্ৰমণো ভাৰতে বিফল কৰিবলৈ সক্ষম হয়। আনহাতে, পাকিস্তানে, শেহতীয়া সময়বোৰত ২৫খন ভাৰতীয় ড্র'নক প্রতিহত কৰিছে বুলি ভুৱা দাবী কৰিছে। যুদ্ধৰ বিশেষজ্ঞসকলে মত ব্যক্ত কৰিছে যে দুয়োখন দেশে প্রতিশোধকল্পে আৰম্ভ কৰা এই যুদ্ধই তেওঁলোকৰ দশকজোৰা শত্রুতাৰ এক নতুন অধ্যায়ৰ সৃষ্টি কৰিব। পাকিস্তান আৰু ভাৰতে এইবাৰৰ যুদ্ধত কেৱল স্থল যুদ্ধতেই শান্ত থকা নাই, দুয়োপক্ষই দুয়ো দেশৰ সীমাৰ সিপাৰৰ পৰা মানৱবিহীন অস্ত্রও প্ৰেৰণ কৰিছে। ভাৰত-পাকৰ এই সংঘৰ্ষই এক নতুন 'ড্র'ন যুদ্ধ' যুগৰ সৃষ্টি কৰাৰ অগ্ৰসৰ হৈছে, য'ত সঠিকভাৱে গৈ লক্ষ্যস্থান ভেদ কৰিব পাৰে। মার্কিন নেভেল ৱাৰ কলেজৰ অধ্যাপক মাতিশ্বেকে কয় যে দক্ষিণ এছিয়াৰ আকাশত প্ৰথমবাৰৰ বাবে ড্ৰ'নেৰে যুদ্ধৰ সূচনা হৈছে। 

উল্লেখযোগ্য যে আধুনিক যুদ্ধশৈলীত লেজাৰ নিয়ন্ত্ৰিত ক্ষেপণাস্ত্র বোমা, ড্ৰ'ন আৰু মানৱবিহীন আকাশী বাহন অপৰিহাৰ্য হৈ পৰিছে যদিও দক্ষিণ এছিয়াত প্রথমবাৰৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজৰ এই সংঘৰ্ষত ড্র'নেৰে আক্রমণ সংঘটিত কৰা হৈছে।

উৎসঃ দৈনিক জনমভূমি 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ