--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ কিংবদন্তি স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। বৰষুণৰ বাবে ভাৰত বনাম অষ্ট্ৰেলিয়া ব্রিজবেন টেষ্ট ড্ৰ’ ঘোষণা। খেলখন ড্ৰ’ ঘোষণা কৰাৰ পাছত সংবাদমেলত অশ্বিনে কয় যে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত তেওঁ ৭০০ৰো অধিক উইকেট দখল কৰিছিল। ইতিমধ্যে অশ্বিনৰ অৱসৰ সন্দৰ্ভত জল্পনা-কল্পনা আৰম্ভ হৈছিল। গাবা টেষ্ট বাতিল হোৱাৰ পূৰ্বে বিৰাট কোহলীৰ সৈতেও বহু সময় কথা পাতি থকা দেখা গৈছিল অশ্বিনক।

R Ashwin: India's premier match-winner | Cricbuzz.com

অৱসৰৰ কথা ঘোষণা কৰি অশ্বিনে কয়, ‘‘আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ভাৰতীয় ক্ৰিকেট খেলুৱৈ হিচাপে এইটো মোৰ শেষ দিন। মই অনুভৱ কৰোঁ যে মোৰ মাজত এতিয়াও এজন ক্ৰিকেটাৰৰ লেখ-জোখ বাকী আছে, কিন্তু মোৰ দক্ষতা ক্লাব পৰ্যায়ৰ ক্ৰিকেটত দেখা পাহ আৰু মই ৰোহিত শৰ্মা আৰু আন সকলো সতীৰ্থৰ সৈতে এই দীঘলীয়া যাত্ৰা উপভোগ কৰিলোঁ।’’

Ravichandran Ashwin Announces Retirement From All Formats; Not To Play MCG  And SCG Test | Times Now

২০১০ চনত জিম্বাবুৱেৰ বিৰুদ্ধে টি-২০ মেচ খেলি থকাৰ সময়তে আৰ আশ্বিনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। তেওঁ এজন মহান বলাৰ হিচাপে এটা লিগেচি সৃষ্টি কৰিছে। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰি ২৮৭খন খেলত অংশগ্ৰহণ কৰিছিল। বলাৰ হিচাপে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৭৬৫টা উইকেট দখল কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অনিল কুম্বলেৰ পিছত সৰ্বাধিক উইকেট দখল কৰা ভাৰতীয় বলাৰ আছিল তেওঁ। কুম্বলে নিজৰ কেৰিয়াৰত তিনিওটা ফৰ্মেটতে ৯৫৬টা উইকেট দখল কৰিছিল।

অল ৰাউণ্ডাৰ হিচাপেও অশ্বিনে নিজৰ নাম উজলাইছিল। টেষ্ট ক্ৰিকেটত ৬ শতক আৰু ১৪টা অৰ্ধশতকসহ ৩,৫০৩ ৰান সংগ্ৰহ কৰিছে তেওঁ। বিশেষকৈ টেষ্টৰ কিংবদন্তি হিচাপে তেওঁ স্বীকৃতি লাভ কৰিব। অশ্বিনৰ এই ঐতিহাসিক কেৰিয়াৰ ১৪ বছৰ ধৰি চলিছিল, য’ত তেওঁ ৭৬৫টা উইকেট লোৱাৰ উপৰিও ৪৩৯৪ ৰান সংগ্ৰহ কৰিছিল। অষ্ট্ৰেলিয়াত অশ্বিনৰ কেৰিয়াৰৰ অন্তিমখন মেচত এডিলেইড পিংক বল টেষ্টত ২৯ ৰান সংগ্ৰহ কৰি বলিংত এটা উইকেট দখল কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ