--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ কিংবদন্তি স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। বৰষুণৰ বাবে ভাৰত বনাম অষ্ট্ৰেলিয়া ব্রিজবেন টেষ্ট ড্ৰ’ ঘোষণা। খেলখন ড্ৰ’ ঘোষণা কৰাৰ পাছত সংবাদমেলত অশ্বিনে কয় যে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত তেওঁ ৭০০ৰো অধিক উইকেট দখল কৰিছিল। ইতিমধ্যে অশ্বিনৰ অৱসৰ সন্দৰ্ভত জল্পনা-কল্পনা আৰম্ভ হৈছিল। গাবা টেষ্ট বাতিল হোৱাৰ পূৰ্বে বিৰাট কোহলীৰ সৈতেও বহু সময় কথা পাতি থকা দেখা গৈছিল অশ্বিনক।

R Ashwin: India's premier match-winner | Cricbuzz.com

অৱসৰৰ কথা ঘোষণা কৰি অশ্বিনে কয়, ‘‘আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ভাৰতীয় ক্ৰিকেট খেলুৱৈ হিচাপে এইটো মোৰ শেষ দিন। মই অনুভৱ কৰোঁ যে মোৰ মাজত এতিয়াও এজন ক্ৰিকেটাৰৰ লেখ-জোখ বাকী আছে, কিন্তু মোৰ দক্ষতা ক্লাব পৰ্যায়ৰ ক্ৰিকেটত দেখা পাহ আৰু মই ৰোহিত শৰ্মা আৰু আন সকলো সতীৰ্থৰ সৈতে এই দীঘলীয়া যাত্ৰা উপভোগ কৰিলোঁ।’’

Ravichandran Ashwin Announces Retirement From All Formats; Not To Play MCG  And SCG Test | Times Now

২০১০ চনত জিম্বাবুৱেৰ বিৰুদ্ধে টি-২০ মেচ খেলি থকাৰ সময়তে আৰ আশ্বিনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। তেওঁ এজন মহান বলাৰ হিচাপে এটা লিগেচি সৃষ্টি কৰিছে। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰি ২৮৭খন খেলত অংশগ্ৰহণ কৰিছিল। বলাৰ হিচাপে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৭৬৫টা উইকেট দখল কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অনিল কুম্বলেৰ পিছত সৰ্বাধিক উইকেট দখল কৰা ভাৰতীয় বলাৰ আছিল তেওঁ। কুম্বলে নিজৰ কেৰিয়াৰত তিনিওটা ফৰ্মেটতে ৯৫৬টা উইকেট দখল কৰিছিল।

অল ৰাউণ্ডাৰ হিচাপেও অশ্বিনে নিজৰ নাম উজলাইছিল। টেষ্ট ক্ৰিকেটত ৬ শতক আৰু ১৪টা অৰ্ধশতকসহ ৩,৫০৩ ৰান সংগ্ৰহ কৰিছে তেওঁ। বিশেষকৈ টেষ্টৰ কিংবদন্তি হিচাপে তেওঁ স্বীকৃতি লাভ কৰিব। অশ্বিনৰ এই ঐতিহাসিক কেৰিয়াৰ ১৪ বছৰ ধৰি চলিছিল, য’ত তেওঁ ৭৬৫টা উইকেট লোৱাৰ উপৰিও ৪৩৯৪ ৰান সংগ্ৰহ কৰিছিল। অষ্ট্ৰেলিয়াত অশ্বিনৰ কেৰিয়াৰৰ অন্তিমখন মেচত এডিলেইড পিংক বল টেষ্টত ২৯ ৰান সংগ্ৰহ কৰি বলিংত এটা উইকেট দখল কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ