--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়া ভ্ৰমণত আছে ভাৰতীয় দলৰ প্ৰবীণ খেলুৱৈ বিৰাট কোহলী। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন টেষ্ট মেচ খেলিলে কোহলীয়ে ৷ শেহতীয়াকৈ কোহলীৰ এটা গুৰুত্বপূৰ্ণ খবৰ পোহৰলৈ আহিছে। কোহলীয়ে ভাৰত এৰি যোৱাৰ পৰিকল্পনা কৰিছে।এক প্ৰতিবেদন অনুসৰি বিৰাট অতি সোনকালে পৰিয়ালৰ সৈতে লণ্ডনলৈ স্থানান্তৰিত হ’ব আৰু এই কথা নিশ্চিত কৰিছে তেওঁৰ শৈশৱৰ প্ৰশিক্ষক ৰাজকুমাৰ শৰ্মাই।

কোহলী আৰু অনুষ্কাক লণ্ডনলৈ স্থানান্তৰিত হোৱাৰ আলোচনা দীৰ্ঘদিন ধৰি চলি আহিছে। কিন্তু এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই। কিন্তু প্ৰথমবাৰৰ বাবে কোনোবাই এই সন্দৰ্ভত সদৰী কৰিছে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত প্ৰশিক্ষক ৰাজকুমাৰ শৰ্মাই কয় যে বিৰাটে সন্তান আৰু পত্নী অনুষ্কাৰ সৈতে লণ্ডনলৈ স্থানান্তৰিত হোৱাৰ পৰিকল্পনা কৰিছে।

ক'ত হ’ব কোহলীৰ নতুন ঘৰ -

বিৰাট কোহলীৰ এখন ঘৰ দিল্লীত আছে। মুম্বাইতো তেওঁৰ ঘৰ আছে। তেওঁ মুম্বাইত এপাৰ্টমেণ্ট এটা কিনিছিল। ইয়াৰ সমান্তৰালকৈ আলিবাউগত এটা বাংলোও ক্ৰয় কৰে । বন্ধৰ দিনত এই ঘৰটোত থাকিবলৈ তেওঁ ক্ৰয় কৰিছিল। কিন্তু এতিয়া ভাৰত এৰি যোৱাৰ পৰিকল্পনা কৰিছে বিৰাটে। লণ্ডনত হ’ব বিৰাট কোহলীৰ নতুন ঘৰ। কিন্তু বিৰাটে এই সন্দৰ্ভত এতিয়াও কোনো তথ্য প্ৰকাশ কৰা নাই।

কোহলীৰ কোনটো ঘৰৰ কিমান দাম?

ব্যয়বহুল জীৱনশৈলীৰ বাবে বিৰাট বহু বাতৰিৰ শিৰোনামত প্ৰায়েই থাকে। কোহলীৰ মালিকানাধীন সকলো ঘৰ ব্যয়বহুল। সংবাদ মাধ্যমৰ অনুসৰি কোহলীৰ আটাইতকৈ দামী বাংলোটো গুৰুগ্ৰামত। কোহলী এই ঘৰটো DLF Phase-1 ত আছে, যাৰ আনুমানিক মূল্য ৮০ কোটি টকা। আনহাতে মুম্বাইৰ এপাৰ্টমেণ্টটোৰ দাম প্ৰায় ৩৪ কোটি টকা। আলিবাগ বাংলোৰ দাম প্ৰায় ১৯ কোটি টকা। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
NHPCয়ে সোৱণশিৰিত, নীপকোৱে ৰঙানদীত এৰিলে পানী
কেৱল সোৱাদতেই নহয়, বহু উপকাৰী গুণেৰেও অতুলনীয় খৰিচা
বৰপেটাৰোডত যান-বাহনৰ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত কলেজীয়া ছাত্ৰৰ তীব্ৰ প্ৰতিবাদ
বিশ্বত পুনৰ শক্তি সংকটৰ আশংকা; ইৰানী সেনাই বন্ধ কৰিলে হৰমুজ প্রণালী
ৰাজ্যত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা ১৫,৪৩,৩৫০জন
‘ডিজিটেল স্ক্ৰীনৰ পৰা আঁতৰি মামাৰ ঘৰলৈ যোৱা...’ গৰমৰ বন্ধত ভাগিনসকললৈ মুখ্যমন্ত্ৰীৰ মুকলি চিঠি
গুৱাহাটী ৰে’লৱে ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; চেন্নাইলৈ যোৱাৰ চেষ্টা ব্যৰ্থ কৰিলে RPFএ
চামগুৰিত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ডুৰাণ্ড কাপৰ ট্ৰফী; ১৬-১৭ জুলাইত গুৱাহাটীত হ’ব প্রদর্শন
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
Advertisement