--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়া ভ্ৰমণত আছে ভাৰতীয় দলৰ প্ৰবীণ খেলুৱৈ বিৰাট কোহলী। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন টেষ্ট মেচ খেলিলে কোহলীয়ে ৷ শেহতীয়াকৈ কোহলীৰ এটা গুৰুত্বপূৰ্ণ খবৰ পোহৰলৈ আহিছে। কোহলীয়ে ভাৰত এৰি যোৱাৰ পৰিকল্পনা কৰিছে।এক প্ৰতিবেদন অনুসৰি বিৰাট অতি সোনকালে পৰিয়ালৰ সৈতে লণ্ডনলৈ স্থানান্তৰিত হ’ব আৰু এই কথা নিশ্চিত কৰিছে তেওঁৰ শৈশৱৰ প্ৰশিক্ষক ৰাজকুমাৰ শৰ্মাই।

কোহলী আৰু অনুষ্কাক লণ্ডনলৈ স্থানান্তৰিত হোৱাৰ আলোচনা দীৰ্ঘদিন ধৰি চলি আহিছে। কিন্তু এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই। কিন্তু প্ৰথমবাৰৰ বাবে কোনোবাই এই সন্দৰ্ভত সদৰী কৰিছে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত প্ৰশিক্ষক ৰাজকুমাৰ শৰ্মাই কয় যে বিৰাটে সন্তান আৰু পত্নী অনুষ্কাৰ সৈতে লণ্ডনলৈ স্থানান্তৰিত হোৱাৰ পৰিকল্পনা কৰিছে।

ক'ত হ’ব কোহলীৰ নতুন ঘৰ -

বিৰাট কোহলীৰ এখন ঘৰ দিল্লীত আছে। মুম্বাইতো তেওঁৰ ঘৰ আছে। তেওঁ মুম্বাইত এপাৰ্টমেণ্ট এটা কিনিছিল। ইয়াৰ সমান্তৰালকৈ আলিবাউগত এটা বাংলোও ক্ৰয় কৰে । বন্ধৰ দিনত এই ঘৰটোত থাকিবলৈ তেওঁ ক্ৰয় কৰিছিল। কিন্তু এতিয়া ভাৰত এৰি যোৱাৰ পৰিকল্পনা কৰিছে বিৰাটে। লণ্ডনত হ’ব বিৰাট কোহলীৰ নতুন ঘৰ। কিন্তু বিৰাটে এই সন্দৰ্ভত এতিয়াও কোনো তথ্য প্ৰকাশ কৰা নাই।

কোহলীৰ কোনটো ঘৰৰ কিমান দাম?

ব্যয়বহুল জীৱনশৈলীৰ বাবে বিৰাট বহু বাতৰিৰ শিৰোনামত প্ৰায়েই থাকে। কোহলীৰ মালিকানাধীন সকলো ঘৰ ব্যয়বহুল। সংবাদ মাধ্যমৰ অনুসৰি কোহলীৰ আটাইতকৈ দামী বাংলোটো গুৰুগ্ৰামত। কোহলী এই ঘৰটো DLF Phase-1 ত আছে, যাৰ আনুমানিক মূল্য ৮০ কোটি টকা। আনহাতে মুম্বাইৰ এপাৰ্টমেণ্টটোৰ দাম প্ৰায় ৩৪ কোটি টকা। আলিবাগ বাংলোৰ দাম প্ৰায় ১৯ কোটি টকা। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post