--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিহাসৰ প্ৰথমখন এদিনীয়া খেল ১৯৭১ চনত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল ৷ তাৰ বহু দশক আগতে ১৯৩২ চনত ভাৰতীয় দলে টেষ্টত অভিষেক ঘটায়। ভাৰতীয় দলে প্ৰতিনিধিত্ব কৰাৰ সময়ত শচীন তোণ্ডুলকাৰ, বিৰাট কোহলী, সুনীল গাভাস্কাৰৰ দৰে কিংবদন্তিসকলে নিজৰ কেৰিয়াৰত বহু শতক অৰ্জন কৰিছে। 

১৯৩৩ চনত ইংলেণ্ডৰ দলটো ভাৰতলৈ আহিছিল । তিনিখন টেষ্ট শৃংখলাৰ প্ৰথমখন খেল মুম্বাইত অনুষ্ঠিত হয়। চি কে নায়ুডুৱে ভাৰতীয় দলৰ অধিনায়কত্ব কৰিছিল, দুৰ্ভাগ্যজনকভাৱে ভাৰতৰ প্ৰথম ইনিংছ মাত্ৰ ২১৯ ৰানলৈ হ্ৰাস পাইছিল। ইয়াৰ উত্তৰত ইংলেণ্ডে প্ৰথম ইনিংছত ৪৩৮ ৰান সংগ্ৰহ কৰি ২১৯ ৰানত বিপুল অগ্ৰগতি লাভ কৰে। এই প্ৰথম ইনিংছত মহম্মদ নিছাৰে ভাৰতৰ হৈ মুঠ ৫টা উইকেট দখল কৰে।

লালা অমৰনাথঃ ভাৰতৰ প্ৰথম শতকবীৰ

প্ৰথম ইনিংছত ইংলেণ্ডে ২১৯ ৰানত আগবাঢ়ি আছিল। ভাৰতীয় দলটোৱে যেতিয়া পুনৰ বেটিং কৰিবলৈ আহিছিল, তেতিয়া চৈয়দ ৱাজিৰ আলী আৰু জনাৰ্দন নাভালেৰ অ’পেনিং যুটিটোৱে ২১ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি যায়। লালা অমৰনাথে তিনি নম্বৰ স্থানত বেটিং কৰিবলৈ আহিছিল আৰু অধিনায়ক চি কে নায়ডুৰ সৈতে দ্বিতীয় ইনিংছত ১৮৬ ৰানৰ বিশাল আৰু উজ্জ্বল অংশীদাৰিত্ব গঢ়ি তুলিছিল। নাইডুৱে ৬৭ ৰান সংগ্ৰহ কৰি আউট হৈছিল যদিও লালা অমৰনাথে দীৰ্ঘসময় ধৰি ক্ৰীজত থাকি ১১৮ ৰানৰ ইনিংছ খেলিবলৈ সক্ষম হয় ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ