--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিহাসৰ প্ৰথমখন এদিনীয়া খেল ১৯৭১ চনত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল ৷ তাৰ বহু দশক আগতে ১৯৩২ চনত ভাৰতীয় দলে টেষ্টত অভিষেক ঘটায়। ভাৰতীয় দলে প্ৰতিনিধিত্ব কৰাৰ সময়ত শচীন তোণ্ডুলকাৰ, বিৰাট কোহলী, সুনীল গাভাস্কাৰৰ দৰে কিংবদন্তিসকলে নিজৰ কেৰিয়াৰত বহু শতক অৰ্জন কৰিছে। 

১৯৩৩ চনত ইংলেণ্ডৰ দলটো ভাৰতলৈ আহিছিল । তিনিখন টেষ্ট শৃংখলাৰ প্ৰথমখন খেল মুম্বাইত অনুষ্ঠিত হয়। চি কে নায়ুডুৱে ভাৰতীয় দলৰ অধিনায়কত্ব কৰিছিল, দুৰ্ভাগ্যজনকভাৱে ভাৰতৰ প্ৰথম ইনিংছ মাত্ৰ ২১৯ ৰানলৈ হ্ৰাস পাইছিল। ইয়াৰ উত্তৰত ইংলেণ্ডে প্ৰথম ইনিংছত ৪৩৮ ৰান সংগ্ৰহ কৰি ২১৯ ৰানত বিপুল অগ্ৰগতি লাভ কৰে। এই প্ৰথম ইনিংছত মহম্মদ নিছাৰে ভাৰতৰ হৈ মুঠ ৫টা উইকেট দখল কৰে।

লালা অমৰনাথঃ ভাৰতৰ প্ৰথম শতকবীৰ

প্ৰথম ইনিংছত ইংলেণ্ডে ২১৯ ৰানত আগবাঢ়ি আছিল। ভাৰতীয় দলটোৱে যেতিয়া পুনৰ বেটিং কৰিবলৈ আহিছিল, তেতিয়া চৈয়দ ৱাজিৰ আলী আৰু জনাৰ্দন নাভালেৰ অ’পেনিং যুটিটোৱে ২১ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি যায়। লালা অমৰনাথে তিনি নম্বৰ স্থানত বেটিং কৰিবলৈ আহিছিল আৰু অধিনায়ক চি কে নায়ডুৰ সৈতে দ্বিতীয় ইনিংছত ১৮৬ ৰানৰ বিশাল আৰু উজ্জ্বল অংশীদাৰিত্ব গঢ়ি তুলিছিল। নাইডুৱে ৬৭ ৰান সংগ্ৰহ কৰি আউট হৈছিল যদিও লালা অমৰনাথে দীৰ্ঘসময় ধৰি ক্ৰীজত থাকি ১১৮ ৰানৰ ইনিংছ খেলিবলৈ সক্ষম হয় ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post