--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই সন্দৰ্ভত মাদকদ্ৰব্য নিয়ন্ত্ৰণ আইনৰ (NDPS Act) অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। ধৃত চালকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত এই আন্তঃৰাজ্যিক সৰবৰাহ চক্ৰটোৰ সৈতে জড়িত আন সতীৰ্থসকলক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

ডিজিটেল ডেস্ক: কাছাৰ জিলাৰ বৰখলাত আৰক্ষীৰ এক সফল অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ ছিৰাপ জব্দ কৰা হৈছে। বৃহস্পতিবাৰে গভীৰ নিশা বৰখলাৰ বালাছড়া ট’লগেটত কাছাৰ আৰক্ষী আৰু বৰখলা আৰক্ষীৰ এটা যৌথ দলে গোপন সূত্ৰৰ পম খেদি এই অভিযান চলাইছিল। অভিযানকালত দলটোৱে ১৪৪ কাৰ্টন অবৈধ কফ ছিৰাপ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।


আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জব্দ কৰা এই কফ ছিৰাপখিনিৰ ক’লা বজাৰৰ আনুমানিক মূল্য প্ৰায় ১.৫ কোটিৰ পৰা ২ কোটি টকা হ’ব। অভিযানৰ সময়ত AS-01 PC-8530 নম্বৰৰ এখন লৰি আটক কৰা হয় আৰু তন্ন তন্নকৈ তালাচী চলোৱাৰ পিছত বাহনখনৰ ভিতৰৰ পৰা এই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীখিনি উদ্ধাৰ হয়।


১৪৪টা কাৰ্টনত প্ৰায় ২১,৬০০ টা কফ ছিৰাপৰ বটল আছিল। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰাই লৰিখনৰ চালকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ জিম্মাৰ পৰা দুটা মোবাইল ফোনো জব্দ কৰিছে। বৰ্তমান চালকজনক আৰক্ষীৰ জিম্মাত ৰাখি তীব্ৰ সোধা-পোছা চলাই থকা হৈছে। প্ৰাথমিক তদন্তৰ ভিত্তিত আৰক্ষীৰ অনুমান, এই কফ ছিৰাপসমূহ অবৈধভাৱে বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰা হৈছিল।


এই সন্দৰ্ভত মাদকদ্ৰব্য নিয়ন্ত্ৰণ আইনৰ (NDPS Act) অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। ধৃত চালকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত এই আন্তঃৰাজ্যিক সৰবৰাহ চক্ৰটোৰ সৈতে জড়িত আন সতীৰ্থসকলক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।


শেহতীয়াকৈ দক্ষিণ অসমত নিষিদ্ধ কফ ছিৰাপৰ অবৈধ ব্যৱসায় উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে স্পষ্ট কৰি দিছে যে ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলোৱা এই কঠোৰ অভিযান অনাগত দিনত আৰু অধিক তীব্ৰতৰ কৰা হ’ব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement