--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • জেঠৰ প্ৰখৰ ৰ’দৰ আগজাননী দি ধৰণীৰ বুকুত ফুলি উঠিছে থোপা-থোপে এজাৰ। নীলা আকাশৰ তলত বেঙুনীয়া ফুলৰ এই মেলাই যেন বসন্তক বিদায় দিয়াৰ বাবে এক ৰাজকীয় আয়োজনহে কৰিছে।

ডিজিটেল ডেস্ক: ঋতুচক্ৰৰ আৱৰ্তনত আকৌ এবাৰ বিদায়ৰ ঘণ্টা বাজিছে ঋতুৰাজ বসন্তৰ। ঢোল-পেঁপাৰ গুমগুমনিৰে জনজীৱন মুখৰিত কৰি তোলা ব’হাগ মাহটোৱে বিদায় মাগিছে। কিন্তু এই বিদায় যেন সম্পূৰ্ণ কৰুণ নহয়; কাৰণ যাওঁ যাওঁকৈ যোৱা ব’হাগৰ খোজত প্ৰকৃতিৰ বুকুত এতিয়া এজাৰৰ পাপৰিয়ে দিছে এক অপৰূপ বিদায়ৰ আল্পনা।


গছৰ ডালত কুলি-কেতেকীৰ বিননি এতিয়াও শেষ হোৱা নাই যদিও, জেঠৰ প্ৰখৰ ৰ’দৰ আগজাননী দি ধৰণীৰ বুকুত ফুলি উঠিছে থোপা-থোপে এজাৰ। নীলা আকাশৰ তলত বেঙুনীয়া ফুলৰ এই মেলাই যেন বসন্তক বিদায় দিয়াৰ বাবে এক ৰাজকীয় আয়োজনহে কৰিছে। মৰিগাঁও আৰু নগাঁৱৰ গ্রাম্য পথৰ কাষত শাৰী শাৰীকৈ ফুলি থকা এই এজাৰ ফুলবোৰে বাটৰুৱাৰ ভাগৰুৱা মনক এক অনাবিল প্ৰশান্তি প্ৰদান কৰিছে। বসন্তৰ পৰা গ্ৰীষ্মলৈ অনাবিল এই যাত্ৰা।


ব’হাগ বিহুৰ আমেজ এতিয়াও মানুহৰ মনৰ পৰা আঁতৰি যোৱা নাই। গাঁৱৰ নামঘৰৰ চোতালৰ পৰা চহৰৰ বিহু মঞ্চসমূহলৈকে যি উলাহ আছিল, তাক এতিয়া সাৱটি ধৰিছে প্ৰকৃতিৰ এই মৌন পৰিৱৰ্তনে। এফালে বিহুৰ বিসৰ্জনৰ দুখ, আনফালে এজাৰৰ মনোমোহা ৰূপ— এই দুয়োৰে মাজত এক সুন্দৰ সমিলমিল দেখা গৈছে। গ্ৰাম্য সমাজৰ বাবে এজাৰ কেৱল এটা ফুল নহয়, ই হ’ল ধলফাট দিয়া আকাশৰ পৰা নামি অহা এক স্বৰ্গীয় আভা, যিয়ে সোঁৱৰাই দিয়ে যে পৰিৱৰ্তনেই জীৱনৰ মূল মন্ত্ৰ।


আশাৰ প্ৰতীক এজাৰ। বিহু গৈছে, কিন্তু এজাৰৰ এই বেঙুনীয়া ৰঙে আমাক আগন্তুক দিনবোৰৰ বাবে নতুন আশা দিছে। প্ৰখৰ ৰ’দক নেওচি যিদৰে এই ফুলপাহ সজীৱ হৈ থাকে, তেনেদৰে অসমীয়া সমাজখনো জীৱনৰ যিকোনো কঠিন সময়ত নিজৰ সংস্কৃতি আৰু পৰম্পৰাক সাৱটি আগুৱাই যাব বুলি বিশ্বাস কৰা হয়। ব’হাগী বিদায়ৰ এই ক্ষণত এজাৰৰ পাপৰিবোৰে যেন ধৰণীৰ বুকুত লিখি গৈছে এক নতুন ঋতুৰ জয়গান।


ব’হাগ যাবগৈ, পিছে থৈ যাব এজাৰৰ এই অপূৰ্ব স্মৃতিৰ আল্পনা। যিয়ে আমাৰ চৌপাশক কৰি তুলিব জিলিকি থকা এক বেঙুনীয়া কবিতা।


সংবাদদাতা: মিতালী দেৱী, মৰিগাঁও





FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান