ডিজিটেল ডেস্ক: ঋতুচক্ৰৰ আৱৰ্তনত আকৌ এবাৰ বিদায়ৰ ঘণ্টা বাজিছে ঋতুৰাজ বসন্তৰ। ঢোল-পেঁপাৰ গুমগুমনিৰে জনজীৱন মুখৰিত কৰি তোলা ব’হাগ মাহটোৱে বিদায় মাগিছে। কিন্তু এই বিদায় যেন সম্পূৰ্ণ কৰুণ নহয়; কাৰণ যাওঁ যাওঁকৈ যোৱা ব’হাগৰ খোজত প্ৰকৃতিৰ বুকুত এতিয়া এজাৰৰ পাপৰিয়ে দিছে এক অপৰূপ বিদায়ৰ আল্পনা।
গছৰ ডালত কুলি-কেতেকীৰ বিননি এতিয়াও শেষ হোৱা নাই যদিও, জেঠৰ প্ৰখৰ ৰ’দৰ আগজাননী দি ধৰণীৰ বুকুত ফুলি উঠিছে থোপা-থোপে এজাৰ। নীলা আকাশৰ তলত বেঙুনীয়া ফুলৰ এই মেলাই যেন বসন্তক বিদায় দিয়াৰ বাবে এক ৰাজকীয় আয়োজনহে কৰিছে। মৰিগাঁও আৰু নগাঁৱৰ গ্রাম্য পথৰ কাষত শাৰী শাৰীকৈ ফুলি থকা এই এজাৰ ফুলবোৰে বাটৰুৱাৰ ভাগৰুৱা মনক এক অনাবিল প্ৰশান্তি প্ৰদান কৰিছে। বসন্তৰ পৰা গ্ৰীষ্মলৈ অনাবিল এই যাত্ৰা।
ব’হাগ বিহুৰ আমেজ এতিয়াও মানুহৰ মনৰ পৰা আঁতৰি যোৱা নাই। গাঁৱৰ নামঘৰৰ চোতালৰ পৰা চহৰৰ বিহু মঞ্চসমূহলৈকে যি উলাহ আছিল, তাক এতিয়া সাৱটি ধৰিছে প্ৰকৃতিৰ এই মৌন পৰিৱৰ্তনে। এফালে বিহুৰ বিসৰ্জনৰ দুখ, আনফালে এজাৰৰ মনোমোহা ৰূপ— এই দুয়োৰে মাজত এক সুন্দৰ সমিলমিল দেখা গৈছে। গ্ৰাম্য সমাজৰ বাবে এজাৰ কেৱল এটা ফুল নহয়, ই হ’ল ধলফাট দিয়া আকাশৰ পৰা নামি অহা এক স্বৰ্গীয় আভা, যিয়ে সোঁৱৰাই দিয়ে যে পৰিৱৰ্তনেই জীৱনৰ মূল মন্ত্ৰ।
আশাৰ প্ৰতীক এজাৰ। বিহু গৈছে, কিন্তু এজাৰৰ এই বেঙুনীয়া ৰঙে আমাক আগন্তুক দিনবোৰৰ বাবে নতুন আশা দিছে। প্ৰখৰ ৰ’দক নেওচি যিদৰে এই ফুলপাহ সজীৱ হৈ থাকে, তেনেদৰে অসমীয়া সমাজখনো জীৱনৰ যিকোনো কঠিন সময়ত নিজৰ সংস্কৃতি আৰু পৰম্পৰাক সাৱটি আগুৱাই যাব বুলি বিশ্বাস কৰা হয়। ব’হাগী বিদায়ৰ এই ক্ষণত এজাৰৰ পাপৰিবোৰে যেন ধৰণীৰ বুকুত লিখি গৈছে এক নতুন ঋতুৰ জয়গান।
ব’হাগ যাবগৈ, পিছে থৈ যাব এজাৰৰ এই অপূৰ্ব স্মৃতিৰ আল্পনা। যিয়ে আমাৰ চৌপাশক কৰি তুলিব জিলিকি থকা এক বেঙুনীয়া কবিতা।
সংবাদদাতা: মিতালী দেৱী, মৰিগাঁও