--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জানিব পৰা মতে, মৃত লোকজনৰ নাম হাবিবুৰ ৰহমান। তেওঁ নিজ পুত্ৰৰ সৈতে কেৰালাৰ পৰা ৰে’লযোগে জুৰীয়াৰ ঘৰখনলৈ আহি আছিল।

ডিজিটেল ডেস্ক: পুনৰ বহিঃৰাজ্যত কৰ্মৰত অসমৰ এগৰাকী লোকৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঈদ উপলক্ষে কেৰালাৰ পৰা নিজ ঘৰলৈ উভতি অহাৰ পথতে চলন্ত ৰে’লৰ পৰা পৰি থিতাতে প্ৰাণ হেৰুৱায় লোকজনে।


জানিব পৰা মতে, মৃত লোকজনৰ নাম হাবিবুৰ ৰহমান। তেওঁ নিজ পুত্ৰৰ সৈতে কেৰালাৰ পৰা ৰে’লযোগে জুৰীয়াৰ ঘৰখনলৈ আহি আছিল। কিন্তু যাত্ৰাপথতে পশ্চিমবংগৰ নিউ জলপাইগুৰি (NJP) ৰে’লৱে ষ্টেচনৰ সমীপত এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়। তেওঁ ৰে’লৰ পৰা পৰি যায় আৰু কৰুণ মৃত্যুক সাবটি লয়।


এই মৃত্যুক স্বাভাৱিক দুৰ্ঘটনা বুলি মানি ল’বলৈ অস্বীকাৰ কৰিছে মৃত লোকজনৰ পৰিয়ালে। তেওঁলোকৰ গুৰুতৰ অভিযোগ যে ৰে’লৰ ভিতৰত থকা কোনো দুষ্ট চক্ৰই পৰিকল্পিতভাৱে হাবিবুৰক চলন্ত ৰে’লৰ পৰা তললৈ ঠেলি পেলাই দিছে। সমগ্ৰ ঘটনাটো লৈ বৰ্তমান পৰিয়ালৰ লোকে হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে।


ঈদৰ প্ৰাকমুহূৰ্তত ঘৰৰ মানুহগৰাকী সুস্থ শৰীৰে ঘৰলৈ অহাৰ পৰিৱৰ্তে তেওঁৰ মৃত্যুৰ খবৰ অহাত সমগ্ৰ জুৰীয়া অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। উৎসৱৰ আনন্দ পলকতে ম্লান পৰি বিষাদৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত।


ইতিমধ্যে নিউ জলপাইগুৰি ৰেলৱে আৰক্ষীয়ে (GRP) ৰে’লপথৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ইয়াৰ লগতে ঘটনাটো কোনো দুৰ্ঘটনা নে ইয়াৰ আঁৰত কোনো অপৰাধজনিত কাৰণ জড়িত হৈ আছে, সেই সন্দৰ্ভত আৰক্ষীয়ে এক তদন্ত আৰম্ভ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান