--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জানিব পৰা মতে, মৃত লোকজনৰ নাম হাবিবুৰ ৰহমান। তেওঁ নিজ পুত্ৰৰ সৈতে কেৰালাৰ পৰা ৰে’লযোগে জুৰীয়াৰ ঘৰখনলৈ আহি আছিল।

ডিজিটেল ডেস্ক: পুনৰ বহিঃৰাজ্যত কৰ্মৰত অসমৰ এগৰাকী লোকৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঈদ উপলক্ষে কেৰালাৰ পৰা নিজ ঘৰলৈ উভতি অহাৰ পথতে চলন্ত ৰে’লৰ পৰা পৰি থিতাতে প্ৰাণ হেৰুৱায় লোকজনে।


জানিব পৰা মতে, মৃত লোকজনৰ নাম হাবিবুৰ ৰহমান। তেওঁ নিজ পুত্ৰৰ সৈতে কেৰালাৰ পৰা ৰে’লযোগে জুৰীয়াৰ ঘৰখনলৈ আহি আছিল। কিন্তু যাত্ৰাপথতে পশ্চিমবংগৰ নিউ জলপাইগুৰি (NJP) ৰে’লৱে ষ্টেচনৰ সমীপত এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়। তেওঁ ৰে’লৰ পৰা পৰি যায় আৰু কৰুণ মৃত্যুক সাবটি লয়।


এই মৃত্যুক স্বাভাৱিক দুৰ্ঘটনা বুলি মানি ল’বলৈ অস্বীকাৰ কৰিছে মৃত লোকজনৰ পৰিয়ালে। তেওঁলোকৰ গুৰুতৰ অভিযোগ যে ৰে’লৰ ভিতৰত থকা কোনো দুষ্ট চক্ৰই পৰিকল্পিতভাৱে হাবিবুৰক চলন্ত ৰে’লৰ পৰা তললৈ ঠেলি পেলাই দিছে। সমগ্ৰ ঘটনাটো লৈ বৰ্তমান পৰিয়ালৰ লোকে হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে।


ঈদৰ প্ৰাকমুহূৰ্তত ঘৰৰ মানুহগৰাকী সুস্থ শৰীৰে ঘৰলৈ অহাৰ পৰিৱৰ্তে তেওঁৰ মৃত্যুৰ খবৰ অহাত সমগ্ৰ জুৰীয়া অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। উৎসৱৰ আনন্দ পলকতে ম্লান পৰি বিষাদৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত।


ইতিমধ্যে নিউ জলপাইগুৰি ৰেলৱে আৰক্ষীয়ে (GRP) ৰে’লপথৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ইয়াৰ লগতে ঘটনাটো কোনো দুৰ্ঘটনা নে ইয়াৰ আঁৰত কোনো অপৰাধজনিত কাৰণ জড়িত হৈ আছে, সেই সন্দৰ্ভত আৰক্ষীয়ে এক তদন্ত আৰম্ভ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত