--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সময়বালিত হেৰাই যায় দুদিনীয়া মানৱ জীৱন! কৰ্মৰ মাজেৰে ৰৈ যায় মানুহৰ নাম। মহৎ দানৰে মৰিও অমৰ হৈ ৰ’ল এগৰাকী ১৪ বছৰীয়া কিশোৰ। ৬ গৰাকীকৈ লোকক দি গ'ল নতুন জীৱন।গুজৰাটৰ ছুৰাটৰ এগৰাকী ১৪ বছৰীয়া কিশোৰ। নাম ধাৰ্মিক কাকড়িয়া। ২৭ অক্টোবৰত হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিল ধাৰ্মিকৰ। চিকিৎসাৰ বাবে পিতৃ-মাতৃয়ে ততাতৈয়াকৈ কিশোৰজনক ছুৰাটৰ ‘কিৰণ হাস্পতাল’লৈ লৈ যায়।

চিকিৎসকে ধাৰ্মিকৰ স্বাস্থ্যপৰীক্ষা কৰি মস্তিষ্কৰ ক্ৰিয়া বন্ধ হোৱা বুলি কৈ ‘ব্ৰেইন ডেড’ ঘোষণা কৰে। ধাৰ্মিকৰ ব্ৰেইন ডেড হোৱাৰ খবৰ পাই ‘ডোনেট লাইফ’ নামৰ সংস্থাটো হাস্পতালত উপস্থিত হয়। ‘ডোনেট লাইফ’ৰ সদস্যসকলে ধাৰ্মিকৰ পিতৃ-মাতৃক অংগদানৰ মহত্বৰ কথা বুজায় আৰু ধাৰ্মিকৰ অংগদান কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। পুত্ৰৰ অংগই আন চাৰিজনৰ জীৱনলৈ সুখ আনক বুলি হিয়া ডাঠ কৰি ধাৰ্মিকৰ অংগদান কৰিবলৈ প্ৰস্তুত হয় পিতৃ-মাতৃ। দান কৰা হ’ল ধাৰ্মিকৰ চকু, হাঁওফাওঁ, যকৃৎ, হৃদযন্ত্ৰ আৰু দুহাত। ধাৰ্মীকৰ অংগৰে নতুন জীৱন পালে ৬ গৰাকী লোকে।

ধাৰ্মিকৰ দান কৰা অংগসমূহ বিভিন্ন চহৰলৈ পঠিয়াবলগা হোৱাত তিনিটাকৈ ‘গ্ৰীন ক’ৰিডৰ’ৰ ব্যৱস্থা কৰা হৈছিল। ধাৰ্মিকৰ দুয়োখন হাত পুণেৰ এগৰাকী ৩২ বছৰীয়া লোকক দান কৰা হয়। তেওঁৰ হৃদযন্ত্ৰ জুনাগড়ৰ এগৰাকী ১৫ বছৰীয়া কিশোৰৰ দেহত সংৰোপণ কৰা হয়। অন্ধ্ৰ প্ৰদেশৰ ৪৪ বছৰীয়া এগৰাকী ব্যক্তিক দান কৰা হয় ধাৰ্মিকৰ হাঁওফাওঁ। পাটনাৰ নিবাসী এগৰাকী ব্যক্তিক দিয়া হয় যকৃৎ। ধাৰ্মিকৰ চকু কিৰণ হাস্পতালৰে প্ৰয়োজনীয় লোকক দান কৰা হয়।

উল্লেখ্য যে, পাঁচ বছৰ ধৰি বৃক্কৰ ৰোগত ভুগি আছিল ধাৰ্মিক কাকড়িয়া। ধাৰ্মিকৰ পিতৃ অজয় কাকড়িয়া এটা হীৰা কোম্পানীত কৰ্মৰত। ধাৰ্মিকৰ স্বাস্থ্য ক্ৰমান্বয়ে গুৰুতৰ হৈ আহিছিল আৰু বিগত এবছৰ ধৰি তেওঁক সপ্তাহত তিনিবাৰকৈ ডায়েলাইছিছ কৰাবলগীয়া হৈছিল। অজয় কাকড়িয়াই আনকি নিজেই পুত্ৰক বৃক্কদান কৰিবলৈ প্ৰস্তুত আছিল। কিন্তু ২৭ অক্টোবৰত হঠাৎ ধাৰ্মিকৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখিলে ভাৰতে পৰিণাম ভুগিব লাগিব! আমেৰিকাৰ সকীয়নি
ছালৰ যতন লওক দৈনিক, এই সমূহ অভ্যাসে আপোনাৰ ছাল সুস্থ আৰু উজ্জ্বল কৰি ৰাখিব
ৰমেন দাই পুৱা পিন্ধা কাপোযোৰ গধূলি নিপিন্ধে,মই নাভাবোঁ ৰমেন দা ঘূৰি আহিব: দ্বীপেন বৰুৱা
জে পি দাসলৈ জীৱনজোৰা সংগীত কর্ম বঁটা
নিজৰ মিছাইলৰ পৰাই ধ্বংস হোৱাৰ পৰা কোনোমতে বাচিল পাকিস্তান! পাৰমাণৱিক কেন্দ্ৰৰ ওচৰতে পৰিল শ্বাহীন-৩
কাটিগড়াত গুদাম ঘৰৰ পৰা পৰকীয়া প্ৰেমিক যুগলক আটক
ভাৰতীয় মহিলা দলে ইংলেণ্ডৰ ভূমিত ৰচিলে ইতিহাস ; প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত জয়ী ভাৰতীয় মহিলা দল
য়েমেনত কেৰালাৰ নাৰ্ছ নিমিষাৰ মৃত্যুদণ্ড স্থগিত
শ্ৰীভূমিত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ; গৃহস্থৰ হাত ভৰি বান্ধি তাণ্ডব ডকাইত দলৰ
এজোপা ঘিলা গছৰ বয়স ৬০০ বছৰ ; গোলাঘাটৰ মাজাৰত অসমৰ আটাইতকৈ পুৰণি গছ
বন্ধ হৈ যাব পাৰে  আপোনাৰ আধাৰ কাৰ্ড ! আধাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা জাৰী UIDAIৰ
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত অনুমোদন