--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সময়বালিত হেৰাই যায় দুদিনীয়া মানৱ জীৱন! কৰ্মৰ মাজেৰে ৰৈ যায় মানুহৰ নাম। মহৎ দানৰে মৰিও অমৰ হৈ ৰ’ল এগৰাকী ১৪ বছৰীয়া কিশোৰ। ৬ গৰাকীকৈ লোকক দি গ'ল নতুন জীৱন।গুজৰাটৰ ছুৰাটৰ এগৰাকী ১৪ বছৰীয়া কিশোৰ। নাম ধাৰ্মিক কাকড়িয়া। ২৭ অক্টোবৰত হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিল ধাৰ্মিকৰ। চিকিৎসাৰ বাবে পিতৃ-মাতৃয়ে ততাতৈয়াকৈ কিশোৰজনক ছুৰাটৰ ‘কিৰণ হাস্পতাল’লৈ লৈ যায়।

চিকিৎসকে ধাৰ্মিকৰ স্বাস্থ্যপৰীক্ষা কৰি মস্তিষ্কৰ ক্ৰিয়া বন্ধ হোৱা বুলি কৈ ‘ব্ৰেইন ডেড’ ঘোষণা কৰে। ধাৰ্মিকৰ ব্ৰেইন ডেড হোৱাৰ খবৰ পাই ‘ডোনেট লাইফ’ নামৰ সংস্থাটো হাস্পতালত উপস্থিত হয়। ‘ডোনেট লাইফ’ৰ সদস্যসকলে ধাৰ্মিকৰ পিতৃ-মাতৃক অংগদানৰ মহত্বৰ কথা বুজায় আৰু ধাৰ্মিকৰ অংগদান কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। পুত্ৰৰ অংগই আন চাৰিজনৰ জীৱনলৈ সুখ আনক বুলি হিয়া ডাঠ কৰি ধাৰ্মিকৰ অংগদান কৰিবলৈ প্ৰস্তুত হয় পিতৃ-মাতৃ। দান কৰা হ’ল ধাৰ্মিকৰ চকু, হাঁওফাওঁ, যকৃৎ, হৃদযন্ত্ৰ আৰু দুহাত। ধাৰ্মীকৰ অংগৰে নতুন জীৱন পালে ৬ গৰাকী লোকে।

ধাৰ্মিকৰ দান কৰা অংগসমূহ বিভিন্ন চহৰলৈ পঠিয়াবলগা হোৱাত তিনিটাকৈ ‘গ্ৰীন ক’ৰিডৰ’ৰ ব্যৱস্থা কৰা হৈছিল। ধাৰ্মিকৰ দুয়োখন হাত পুণেৰ এগৰাকী ৩২ বছৰীয়া লোকক দান কৰা হয়। তেওঁৰ হৃদযন্ত্ৰ জুনাগড়ৰ এগৰাকী ১৫ বছৰীয়া কিশোৰৰ দেহত সংৰোপণ কৰা হয়। অন্ধ্ৰ প্ৰদেশৰ ৪৪ বছৰীয়া এগৰাকী ব্যক্তিক দান কৰা হয় ধাৰ্মিকৰ হাঁওফাওঁ। পাটনাৰ নিবাসী এগৰাকী ব্যক্তিক দিয়া হয় যকৃৎ। ধাৰ্মিকৰ চকু কিৰণ হাস্পতালৰে প্ৰয়োজনীয় লোকক দান কৰা হয়।

উল্লেখ্য যে, পাঁচ বছৰ ধৰি বৃক্কৰ ৰোগত ভুগি আছিল ধাৰ্মিক কাকড়িয়া। ধাৰ্মিকৰ পিতৃ অজয় কাকড়িয়া এটা হীৰা কোম্পানীত কৰ্মৰত। ধাৰ্মিকৰ স্বাস্থ্য ক্ৰমান্বয়ে গুৰুতৰ হৈ আহিছিল আৰু বিগত এবছৰ ধৰি তেওঁক সপ্তাহত তিনিবাৰকৈ ডায়েলাইছিছ কৰাবলগীয়া হৈছিল। অজয় কাকড়িয়াই আনকি নিজেই পুত্ৰক বৃক্কদান কৰিবলৈ প্ৰস্তুত আছিল। কিন্তু ২৭ অক্টোবৰত হঠাৎ ধাৰ্মিকৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ