--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘বুৰা কাম কা বুৰা নতিজা- কংগ্ৰেছৰ নিচিনা এটা দলৰ আজি এই অৱস্থা! মোৰ আজি সঁচাকৈ অন্তৰৰ পৰা দুখ লাগিছে’- এই মন্তব্য ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ৷ ১৭০ বছৰীয়া দলৰ আজিৰ অৱস্থাটোৰ বাবে সচাকৈ চিন্তনীয় বুলি উপলুঙা কৰে ডিব্ৰুগড়ৰ বিধায়কগৰাকীয়ে৷ উপ-নিৰ্বাচনত ক্লীন ছুইপ বিজেপি মিত্ৰজোঁটৰ৷ ভৱানীপুৰ, থাওৰা, মৰিয়নিত বিজেপিয়ে লাভ কৰে বৃহৎ জয়৷ তামুলপুৰ, গোসাইগাঁৱত ইউপিপিএলে সাব্যস্ত্ৰ কৰে বিজয়ৰ মুকুট৷ শূণ্যতেই থমকি ৰ'ল কংগ্ৰেছ৷ সন্মানৰ যুঁজত বেয়াকৈ মুখথেকেচা খালে অসম প্ৰদেশ কংগ্ৰেছে৷ ইপিনে মৰিয়নিত বিজয়ী হৈ বিজেপিৰ ৰূপজ্যোতি কুৰ্মীয়েও হাঁহিৰে উপলুঙা কৰে কংগ্ৰছক৷ কংগ্ৰেছৰ এই শোচনীয় অৱস্থাৰ বাবে কংগ্ৰেছ খুদ দায়ী বুলিও অবিহিত কৰে তেওঁ৷

ইপিনে ঘোষিত ফলাফলক লৈ উৎফুল্লিত হৈ পৰিছে বিজেপি মিত্ৰজোঁট৷ ৫ সমষ্টিৰ ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন বিজেপি নেতৃত্বৰ৷ বিজেপিক প্ৰত্যাহ্বান জনাব নোৱাৰিলে কংগ্ৰেছে৷ বিজেপিয়ে ৫ গ’ল দিলে বুলিও মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ৷ ‘মুখ্যমন্ত্ৰীৰ নেতৃত্বত প্ৰাণ পাই উঠিছে অসমে’- বুলিও তেওঁ সদৰী কৰে৷ থাওৰা, মৰিয়নি, ভৱানীপুৰ, তামুলপুৰ, গোসাইগাঁৱৰ ৰাইজলৈ প্ৰণাম জনায় সভাপতিগৰাকীয়ে৷ লগতে উপ-নিৰ্বাচনত আগেয়ে এনে ফলাফল দেখা নাই, প্ৰতিজন প্ৰাৰ্থীৰে ব্যৱধান ২৫ হাজাৰৰো অধিক বুলিও মন্তব্য কৰে তেওঁ৷

সংবাদমেল সম্বোধন কৰি দলৰ প্ৰতিজন কাৰ্য-কৰ্তালৈ ধন্যবাদ জনায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ কয়, ৫ সমষ্টিৰ পাঁচটাতে চমকপ্ৰদ সাফল্য লাভ বিজেপি মিত্ৰজোঁটৰ৷ সুশান্ত বৰগোহাঞিৰ পূৰ্বৰ ব্যৱধান আছিল ৩ হাজাৰ৷ এইবাৰ এই ব্যৱধান ৩০ হাজাৰ বুলি ব্যক্ত কৰে তেওঁ৷ মৰিয়নিত ব্যৱধান ৪০ হাজাৰ, ভৱানীপুৰতো ২৫৬৪১টা ভোটৰ ব্যৱধানত বিজয়ী হৈছে ফণীধৰ তালুকদাৰৰ৷ অতুল বৰা, প্ৰমোদ বড়োৰো আছে অৱদান যথেষ্ট বুলিও অভিহিত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ দেশৰ শ্ৰেষ্ঠ ৫ ৰাজ্যৰ তালিকাত অসমক অন্তৰ্ভুক্ত কৰাই লক্ষ্য হ'ব বিজেপিৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ