--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘বুৰা কাম কা বুৰা নতিজা- কংগ্ৰেছৰ নিচিনা এটা দলৰ আজি এই অৱস্থা! মোৰ আজি সঁচাকৈ অন্তৰৰ পৰা দুখ লাগিছে’- এই মন্তব্য ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ৷ ১৭০ বছৰীয়া দলৰ আজিৰ অৱস্থাটোৰ বাবে সচাকৈ চিন্তনীয় বুলি উপলুঙা কৰে ডিব্ৰুগড়ৰ বিধায়কগৰাকীয়ে৷ উপ-নিৰ্বাচনত ক্লীন ছুইপ বিজেপি মিত্ৰজোঁটৰ৷ ভৱানীপুৰ, থাওৰা, মৰিয়নিত বিজেপিয়ে লাভ কৰে বৃহৎ জয়৷ তামুলপুৰ, গোসাইগাঁৱত ইউপিপিএলে সাব্যস্ত্ৰ কৰে বিজয়ৰ মুকুট৷ শূণ্যতেই থমকি ৰ'ল কংগ্ৰেছ৷ সন্মানৰ যুঁজত বেয়াকৈ মুখথেকেচা খালে অসম প্ৰদেশ কংগ্ৰেছে৷ ইপিনে মৰিয়নিত বিজয়ী হৈ বিজেপিৰ ৰূপজ্যোতি কুৰ্মীয়েও হাঁহিৰে উপলুঙা কৰে কংগ্ৰছক৷ কংগ্ৰেছৰ এই শোচনীয় অৱস্থাৰ বাবে কংগ্ৰেছ খুদ দায়ী বুলিও অবিহিত কৰে তেওঁ৷

ইপিনে ঘোষিত ফলাফলক লৈ উৎফুল্লিত হৈ পৰিছে বিজেপি মিত্ৰজোঁট৷ ৫ সমষ্টিৰ ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন বিজেপি নেতৃত্বৰ৷ বিজেপিক প্ৰত্যাহ্বান জনাব নোৱাৰিলে কংগ্ৰেছে৷ বিজেপিয়ে ৫ গ’ল দিলে বুলিও মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ৷ ‘মুখ্যমন্ত্ৰীৰ নেতৃত্বত প্ৰাণ পাই উঠিছে অসমে’- বুলিও তেওঁ সদৰী কৰে৷ থাওৰা, মৰিয়নি, ভৱানীপুৰ, তামুলপুৰ, গোসাইগাঁৱৰ ৰাইজলৈ প্ৰণাম জনায় সভাপতিগৰাকীয়ে৷ লগতে উপ-নিৰ্বাচনত আগেয়ে এনে ফলাফল দেখা নাই, প্ৰতিজন প্ৰাৰ্থীৰে ব্যৱধান ২৫ হাজাৰৰো অধিক বুলিও মন্তব্য কৰে তেওঁ৷

সংবাদমেল সম্বোধন কৰি দলৰ প্ৰতিজন কাৰ্য-কৰ্তালৈ ধন্যবাদ জনায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ কয়, ৫ সমষ্টিৰ পাঁচটাতে চমকপ্ৰদ সাফল্য লাভ বিজেপি মিত্ৰজোঁটৰ৷ সুশান্ত বৰগোহাঞিৰ পূৰ্বৰ ব্যৱধান আছিল ৩ হাজাৰ৷ এইবাৰ এই ব্যৱধান ৩০ হাজাৰ বুলি ব্যক্ত কৰে তেওঁ৷ মৰিয়নিত ব্যৱধান ৪০ হাজাৰ, ভৱানীপুৰতো ২৫৬৪১টা ভোটৰ ব্যৱধানত বিজয়ী হৈছে ফণীধৰ তালুকদাৰৰ৷ অতুল বৰা, প্ৰমোদ বড়োৰো আছে অৱদান যথেষ্ট বুলিও অভিহিত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ দেশৰ শ্ৰেষ্ঠ ৫ ৰাজ্যৰ তালিকাত অসমক অন্তৰ্ভুক্ত কৰাই লক্ষ্য হ'ব বিজেপিৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখিলে ভাৰতে পৰিণাম ভুগিব লাগিব! আমেৰিকাৰ সকীয়নি
ছালৰ যতন লওক দৈনিক, এই সমূহ অভ্যাসে আপোনাৰ ছাল সুস্থ আৰু উজ্জ্বল কৰি ৰাখিব
ৰমেন দাই পুৱা পিন্ধা কাপোযোৰ গধূলি নিপিন্ধে,মই নাভাবোঁ ৰমেন দা ঘূৰি আহিব: দ্বীপেন বৰুৱা
জে পি দাসলৈ জীৱনজোৰা সংগীত কর্ম বঁটা
নিজৰ মিছাইলৰ পৰাই ধ্বংস হোৱাৰ পৰা কোনোমতে বাচিল পাকিস্তান! পাৰমাণৱিক কেন্দ্ৰৰ ওচৰতে পৰিল শ্বাহীন-৩
কাটিগড়াত গুদাম ঘৰৰ পৰা পৰকীয়া প্ৰেমিক যুগলক আটক
প্রবীণ অভিনেতা-প্রযোজক ধীৰাজ কুমাৰৰ মৃত্যু
ভাৰতীয় মহিলা দলে ইংলেণ্ডৰ ভূমিত ৰচিলে ইতিহাস ; প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত জয়ী ভাৰতীয় মহিলা দল
য়েমেনত কেৰালাৰ নাৰ্ছ নিমিষাৰ মৃত্যুদণ্ড স্থগিত
শ্ৰীভূমিত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ; গৃহস্থৰ হাত ভৰি বান্ধি তাণ্ডব ডকাইত দলৰ
এজোপা ঘিলা গছৰ বয়স ৬০০ বছৰ ; গোলাঘাটৰ মাজাৰত অসমৰ আটাইতকৈ পুৰণি গছ
বন্ধ হৈ যাব পাৰে  আপোনাৰ আধাৰ কাৰ্ড ! আধাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা জাৰী UIDAIৰ
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?