--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৭ বছৰ যাৱজ্জীৱন কাৰাদণ্ড ভুগি উত্তৰ প্ৰদেশৰ গোৰখপুৰ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে পাকিস্তানী কয়দী মাছৰুফে। তেওঁক আৰক্ষীৰ জিম্মাত দিল্লীস্থিত পাকিস্তান দূতাবাসলৈ প্ৰেৰণ কৰা হৈছে। য’ৰ পৰা তেওঁক পঞ্জাৱৰ আটাৰী সীমান্তৰে পাকিস্তানলৈ প্ৰেৰণ কৰা হ’ব। চোৰাংচোৱাগিৰিৰ অভিযোগত ২০০৮ চনত বাহৰেইচৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল মাছৰুফক।

৫ ফেব্ৰুৱাৰী বুধবাৰে গোৰখপুৰৰ সংমণ্ডল কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় পাকিস্তানী কয়দী মাছৰুফ ওৰফে গুড্ডুক। তেওঁক আৰক্ষীৰ জিম্মাত দিল্লীলৈ লৈ যোৱা হৈছে। পাকিস্তানৰ বাসিন্দা মাছৰুফক দিল্লীত থকা পাকিস্তানৰ দূতাবাসক গতাই দিয়া হ’ব। ইয়াৰ পৰা আনুষ্ঠানিকতা সম্পূর্ণ কৰি পঞ্জাৱৰ আটাৰী সীমান্তৰে পাকিস্তানলৈ পঠিওৱা হ’ব তেওঁক৷

মাছৰুফৰ বিৰুদ্ধে ৰুজু হৈছিল দেশদ্ৰোহ আৰু জালিয়াতিৰ গোচৰ

২০০৮ চনত বাহৰেইচ আৰক্ষীয়ে চোৰাংচোৱাগিৰি, দেশদ্ৰোহ, জালিয়াতি আৰু ষড়যন্ত্ৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল মাছৰুফক। কাৰণ নিৰাপত্তা সংস্থাই সন্দেহ কৰিছিল যে তেওঁ ভাৰতৰ সন্ত্ৰাসবাদী সংগঠনৰ বাবে তথ্য সংগ্ৰহ কৰি আছে। তদন্তৰ অন্তত তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহ আৰু চোৰাংচোৱাগিৰিৰ গোচৰ ৰুজু কৰা হয়। ২০১৩ চনত আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।

ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশত মছৰুফৰ মুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছিল। জিলা কাৰাগাৰ আৰক্ষী আৰু নিৰাপত্তা সংস্থাৰ তত্বাৱধানত গোৰখপুৰৰ পৰা দিল্লীস্থিত পাকিস্তানী দূতাবাসলৈ প্ৰেৰণ কৰা হয়। তাৰ পৰা আইনী পদ্ধতি সম্পূর্ণ কৰি অহা ৭ ফেব্ৰুৱাৰীত তেওঁলোকক আটৰী সীমান্তলৈ লৈ যোৱা হ’ব৷ য'ত তেওঁৰ নথি-পত্ৰ পৰীক্ষা কৰা হ'ব। তাৰ পিছত পাকিস্তানী কৰ্তৃপক্ষক গতাই দিয়া হ’ব। ২০১৫ চনত মাছৰুৰক বাৰাণসী কেন্দ্ৰীয় কাৰাগাৰলৈ বদলি কৰা হৈছিল।

তেওঁ তাত থকা বন্দীসকলক উচটনি দি বিদ্ৰোহ আৰম্ভ কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ পিছত ২০১৯ চনত চৰকাৰৰ নিৰ্দেশত তেওঁক গোৰখপুৰ জেললৈ আনি উচ্চ নিৰাপত্তাৰক্ষীৰ বেৰেকত ৰখা হয়। ইয়াতেই তেওঁ আজীৱন কাৰাদণ্ডৰ শাস্তি সম্পূৰ্ণ কৰিলে। আইনী আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছত ভাৰত চৰকাৰে তেওঁক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লয়।

গোৰখপুৰ জেলৰ অধীক্ষক দিলীপ পাণ্ডেয়ে কয় যে পাকিস্তানী কয়দীজনে আজীৱন কাৰাদণ্ড সম্পূৰ্ণ কৰিছে। তেওঁক আৰক্ষীৰ জিম্মাত দিল্লীস্থিত পাকিস্তানী দূতাবাসলৈ প্ৰেৰণ কৰা হৈছে। এই সন্দৰ্ভত গোৰখপুৰ জিলা প্ৰশাসনে পাকিস্তানৰ দূতাবাসক অৱগত কৰিছে। বুধবাৰে পুৱা ৯.৩০ বজাত গোৰখপুৰ জেলৰ পৰা দিল্লীলৈ প্ৰেৰণ কৰে। য’ৰ পৰা তেওঁক ৭ ফেব্ৰুৱাৰীত আটাৰী সীমান্তত পাকিস্তানী বিষয়াৰ হাতত গতাই দিয়া হ’ব। ২০০৮ চনৰ পৰা ভাৰতীয় কাৰাগাৰত প্ৰায় ১৭ বছৰ কটাবলগীয়া হোৱাৰ পিছত এতিয়া মহম্মদ মাছৰুফে নিজৰ গৃহভূমি পাকিস্তানলৈ উভতি যাব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ