--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয়তাৰ বাবে মানুহে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু ইউটিউব আদিত বহু মিছা দাবী কৰে। বহু সময়ত নিৰ্মাতাসকলে নিজৰ ভিডিঅ’ত এনে বিভ্ৰান্তিকৰ থাম্বনেইল লগাই দিয়ে, যিয়ে নিমিষতে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে। 

আজিকালি তেনে এটা থাম্বনেইলৰ চৰ্চা চলি আছে। কেন্দ্রীয় চৰকাৰে ব্যৱহাৰকাৰীক বিনামূলীয়াকৈ মোবাইল ৰিচাৰ্জ দিছে বুলি দাবী কৰা হৈছে৷ এই দাবীৰ আঁৰত কি সত্য আৰু চৰকাৰে সঁচাকৈয়ে বিনামূলীয়াকৈ মোবাইল ৰিচাৰ্জ দিছে নেকি জানো আহক।

আচলতে এটা ইউটিউব ভিডিঅ’ৰ থাম্বনেইলত দাবী কৰা হৈছে যে ভাৰত চৰকাৰে বিনামূলীয়াকৈ মোবাইল ৰিচাৰ্জ আগবঢ়াইছে। ইয়াৰ বাবে কৃষকক বিনামূলীয়াকৈ ৪ হাজাৰ টকা আৰু শ্ৰমিকক বিনামূলীয়াকৈ দিয়া হ’ব ৫১ হাজাৰ টকা। ৫০ কোটি লোকৰ তালিকা প্ৰস্তুত কৰা হৈছে বুলিও দাবী কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে সকলো ভাৰতীয় ব্যৱহাৰকাৰীক বিনামূলীয়াকৈ মোবাইল ৰিচাৰ্জ দিয়াৰ দাবীক মিছা বুলি আখ্যা দিছে পিআইবিৰ ফেক্ট চেক ইউনিটে। এটা ইউটিউব চেনেলৰ ভিডিঅ’ থাম্বনেইলত কৰা এই দাবী ভুৱা বুলি পিআইবিয়ে জনায় যে ‘সজাগ হওক, এনে প্ৰলোভনমূলক দাবীৰ বলি নহব।’

সতৰ্কতাৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাটো জৰুৰী

বিভ্ৰান্তিকৰ দাবীৰে ভৰি পৰিছে ছ’চিয়েল মিডিয়া। এনে পৰিস্থিতিত ইয়াক ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হোৱাটো জৰুৰী। আজিকালি চাইবাৰ অপৰাধীসকলেও ছ’চিয়েল মিডিয়াত প্ৰলোভনমূলক দাবী কৰি মানুহক ফান্দত পেলাবলৈ চেষ্টা কৰিছে। বিনামূলীয়া অফাৰ বা চৰকাৰী আঁচনিৰে প্ৰলোভিত কৰি ছ’চিয়েল মিডিয়াত মানুহক ফান্দত পেলায়। এবাৰ মানুহৰ আস্থা লাভ কৰিলেই কম সময়ৰ ভিতৰতে বেংক একাউণ্ট খালী কৰি পেলাব পাৰে এই দুষ্ট চক্ৰই। সমগ্ৰ দেশতে এনে বহু ঘটনা সংঘটিত হৈছে। এই কথা মনত ৰাখি চৰকাৰেও অহৰহ এনে কেলেংকাৰিৰ বিষয়ে মানুহক সজাগ কৰি ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
NHPCয়ে সোৱণশিৰিত, নীপকোৱে ৰঙানদীত এৰিলে পানী
কেৱল সোৱাদতেই নহয়, বহু উপকাৰী গুণেৰেও অতুলনীয় খৰিচা
বৰপেটাৰোডত যান-বাহনৰ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত কলেজীয়া ছাত্ৰৰ তীব্ৰ প্ৰতিবাদ
বিশ্বত পুনৰ শক্তি সংকটৰ আশংকা; ইৰানী সেনাই বন্ধ কৰিলে হৰমুজ প্রণালী
ৰাজ্যত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা ১৫,৪৩,৩৫০জন
‘ডিজিটেল স্ক্ৰীনৰ পৰা আঁতৰি মামাৰ ঘৰলৈ যোৱা...’ গৰমৰ বন্ধত ভাগিনসকললৈ মুখ্যমন্ত্ৰীৰ মুকলি চিঠি
গুৱাহাটী ৰে’লৱে ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; চেন্নাইলৈ যোৱাৰ চেষ্টা ব্যৰ্থ কৰিলে RPFএ
চামগুৰিত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ডুৰাণ্ড কাপৰ ট্ৰফী; ১৬-১৭ জুলাইত গুৱাহাটীত হ’ব প্রদর্শন
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
Advertisement