--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি প্রয়াগৰাজৰ ত্রিবেণী সংগমত পবিত্র স্নান কৰে। সেই সময়ত তেওঁ ৰঙা বস্ত্ৰ পৰিধান কৰি আছিল। হাত আৰু ডিঙিত ৰুদ্রাক্ষ মালা পৰিধান কৰি আছিল। প্রধানমন্ত্রীয়ে স্নান কৰাৰ সময়ত ১০৮ বাৰ মন্ত্ৰ উচ্চাৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে দান-দক্ষিণাও কৰে। ত্রিবেণী সংগমত বুৰ মাৰি স্নান কৰাৰ পাছত তেওঁ সূৰ্যক অৰ্ঘ দিয়ে। প্রায় পাঁচ মিনিট সময় তেওঁ সূৰ্যক পূজা কৰে। ইয়াৰ পাছত সংগম ন'জত গংগাক পূজা কৰে। তেওঁ 'মা গংগা'ক গাখীৰ আৰু চাদৰ অৰ্পণ কৰে। 

ত্রিবেণী সংগমত স্নান কৰাৰ পাছত প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমত কয়, 'মহাকুম্ভত আজি পৱিত্ৰ সংগমত বুৰ মাৰি মই কোটি কোটি লোকৰ দৰে ধন্য হ'লোঁ। মা গংগাই সকলোকে অসীম শান্তি, সমৃদ্ধি, সৌহার্দ্য তথা সুস্বাস্থ্যৰ গৰাকী কৰক।' প্রধানমন্ত্রীয়ে গংগাত স্নান আৰু পূজা কৰাৰ পাছত নাৱেৰে অৰেল ঘাটত উপস্থিত হয় আৰু তাৰ পৰা তেওঁ দিল্লীলৈ ৰাওনা হয়। মহাকুম্ভত স্নান কৰিবলৈ অহা ভক্তই যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে নিজৰ কাৰ্যসূচী সীমিত ৰাখে। প্রয়াগৰাজত তেওঁ প্রায় দুঘণ্টা সময় থাকে। তেওঁক কেৱল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেহে দেখা কৰে। পুৱা ১০-৩০ বজাত প্রধানমন্ত্রী দিল্লীৰ পৰা বমৰৌলি বিমান বন্দৰত উপস্থিত হয়। 

বিমান বন্দৰত যোগী আদিত্যনাথে তেওঁক আদৰণি জনায়। বিমান বন্দৰৰ পৰা মোদী হেলিকপ্টাৰেৰে ডি পি এছৰ হেলিপেডত উপস্থিত হয়। তাৰ পৰা অৰেলৰ ভি আই পি ঘাটত উপস্থিত হয়। তাত পাৰ নাৱত উঠি মুখ্যমন্ত্ৰী আদিত্যনাথৰ সৈতে ভি আই পি ঘাটত উপস্থিত হয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীৰ স্নানৰ প্ৰতি লক্ষ্য ৰাখি মহা কুম্ভমেলাত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হয়। প্ৰধানমন্ত্ৰীয়ে ১১বাৰ বুৰ মাৰে আৰু প্ৰতি বাৰতে এটাকৈ সংকল্পও লয়

(দৈনিক জনমভূমিৰ প্ৰতিবেদন)

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ