--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইতিমধ্যে ছাফ ১৯ বছৰ অনূর্ধ্ব ফুটবল চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত স্থান নিশ্চিত কৰা ভাৰতে আজি ইয়াৰ গ'ল্ডেন জুবিলী ষ্টেডিয়ামত নেপালৰ বিৰুদ্ধে খেলি গ্রুপ 'বি'ত শীর্ষস্থান দখল কৰাৰ চেষ্টা চলাব। ভাৰতৰ ৰাষ্ট্ৰীয় যুৱ ফুটবল দলৰ পুনৰ দায়িত্ব লোৱাৰ পাছত মুখ্য প্রশিক্ষক বিবিয়ানো ফাৰ্ণাণ্ডেজৰ দলটোৱে প্রথমখন মেচত শুকুৰবাৰে শ্রীলংকাক ৮-০ গ'লত পৰাস্ত কৰি সুন্দৰ আৰম্ভণি কৰে।

দেওবাৰে নেপালে শ্রীলংকাকো পৰাস্ত কৰে ৫-০ গ'লত। ফলত শ্রীলংকা প্রতিযোগিতাখনৰ পৰা বাহিৰ হয় আৰু ভাৰতে ছেমি ফাইনেলৰ অৰ্হতা অর্জন কৰিলে। 'নেপাল এটা শক্তিশালী আৰু প্রতিযোগিতামূলক দল। শ্রীলংকাৰ বিৰুদ্ধে তেওঁলোকে আৰু কেইবাটাও সুযোগ সৃষ্টি কৰিছিল। আমি তেওঁলোকৰ খেল বিশ্লেষণ কৰিছোঁ আৰু জানো যে তেওঁলোক সু-সংগঠিত। আমাৰ বাবে গুৰুত্বপূৰ্ণ হ'ল আমাৰ শ্ৰেষ্ঠখিনি দিয়া। এই পর্যায়ত প্রতিটো দলেই কঠিন। ফাৰ্ণাণ্ডেজে আজি মেচ সম্পর্কত এনেদৰে কয়।

উল্লেখযোগ্য যে ২০২২ চনত ২০ বছৰ অনূৰ্ধ্বৰ মেচত ভাৰতে নেপালক ৮-০ গ'লত পৰাজিত কৰিছিল। আনহাতে, ২০২৩ চনত ১৭ বছৰ অনূর্ধ্বত ভাৰতে মালদ্বীপক ৮-০ গ'লত পৰাস্ত কৰিছিল। এইসকল সৰু ল'ৰা আৰু তেওঁলোকৰ বিকাশৰ এটা অংশ হ'ল নম্রতা আৰু অনুশাসনৰ গুৰুত্ব জানিব পৰাটো। আচল পৰীক্ষাটো হ'ল শক্তিশালী দলৰ বিৰুদ্ধে একে তীব্রতা আৰু ক্ষুধা ৰখা। আমি সদায় প্রতিপক্ষক সন্মান কৰোঁ।' ফার্নাণ্ডেজে কয়। তেওঁ আৰু কয় যে ল'ৰাকেইটাই প্রশিক্ষণত ভাল সঁহাৰি দিছে। 'আমি কেইটামান কৌশলগত দিশ ফাইন টিউনিং কৰাৰ কাম কৰি আছোঁ আৰু ফিটনেছৰ ওপৰতো গুৰুত্ব দিছোঁ।'

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত