--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমত অচিৰেই আন এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্রিকেট ষ্টেডিয়াম হ'ব। এই অত্যাধুনিক ক্রিকেট ষ্টেডিয়ামখন নির্মাণ কৰি থকা হৈছে আমিনগাঁৱত আৰু ইয়াৰ যোগেদি আমিনগাঁৱে অচিৰেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মানচিত্রত স্থান লাভ কৰিব। 

এই ষ্টেডিয়ামখনত অহা বছৰ এখন আন্তঃৰাষ্ট্ৰীয় মেচ আয়োজন কৰাৰ লক্ষ্য লোৱা হৈছে বুলি বি চি চি আইৰ সচিব দেৱজিৎ লন শইকীয়াই প্রকাশ কৰে। বুধবাৰে ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বিষয়ে বুজ লোৱাৰ সময়ত শইকীয়াই কয় যে ইয়াত নিয়মীয়াকৈ আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত কৰাৰ বাবে চেষ্টা কৰা হ'ব। তেওঁ কয় যে চলিত বছৰত ষ্ষ্টেডিয়ামখনত  আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত কৰাৰ কথা ভবা হৈছিল, কিন্তু চলিত বছৰৰ ডিচেম্বৰতহে নিৰ্মাণকাৰ্য সম্পূর্ণ হ'ব। 

অহা বছৰ অর্থাৎ ২০২৬ চনৰ আগভাগত আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় ক্রিকেট অনুষ্ঠিত কৰোৱাৰ বাবে চেষ্টা কৰা হ'ব আৰু ইয়াৰ বাবে ট্যুৰজ এণ্ড ফিক্সাৰ্ছ কমিটী'ক প্রস্তাব দিয়া হ'ব। শইকীয়াই কয় যে আমিনগাঁৱত নিৰ্মাণ কৰি থকা ষ্টেডিয়ামখনত টেষ্টকে ধৰি আন আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰাৰ বাবে চেষ্টা কৰা হ'ব। শইকীয়াই কয়, "মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি আমি আমিনগাঁৱত এখন অত্যাধুনিক ষ্টেডিয়াম নির্মাণ কৰি আছোঁ। অসম চৰকাৰৰ পি ডব্লিউ ডিৰ তত্ত্বাৱধানত এই ষ্টেডিয়ামখন নিৰ্মাণ কৰি থকা হৈছে। ছমাহৰ আগতে ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা হৈছিল। আমিনগাঁৱৰ এই ষ্টেডিয়ামত আমি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচৰ আয়োজন কৰিম।' তেওঁ কয় যে অত্যাধুনিক ষ্টেডিয়ামখনত ২২-২৩ হাজাৰ দৰ্চাশকে খেল চাব পাৰিব। 

ইয়াত থাকিব আন্তঃৰাষ্ট্ৰীয় মানৰ মিডিয়া আৰু ব্রডকাষ্টিঙৰ সুবিধা তথা মিডিয়া বক্স, খেলুৱৈৰ হোষ্টেল, আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় আৰু অত্যাধুনিক পেভিলিয়ন। ইয়াত ভৱিষ্যতে মিউজিকেল কনচাৰ্টৰ আয়োজন কৰিব পৰাৰ সুবিধা থাকিব বুলি তেওঁ জনায়। পথ নির্মাণ কৰিব। আমিনগাঁৱৰ ষ্টেডিয়ামত আঠখন উইকেট থাকিব বুলিও তেওঁ প্রকাশ কৰে। উল্লেখযোগ্য যে গুৱাহাটীত নেহৰু ষ্টেডিয়াম আৰু বৰ্ষাপাৰা ষ্টেডিয়ামৰ পাছত আমিনগাঁও ষ্টেডিয়াম অসমৰ তৃতীয়খন আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম হ'ব।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ