--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :  ■ ১৯৫৪ : কুম্ভমেলাত ঠেলা-হেঁচাত পদপিষ্ট হৈ মৃত্যু হোৱা আটাইতকৈ ভয়ংকৰ ঘটনাটো ঘটিছিল ১৯৫৪ চনত। সেইবাৰ এই ঘটনাত প্রায় ৮০০ লোকে প্রাণ হেৰুৱাইছিল। ১৯৫৪ চনৰ তিনি ফেব্ৰুৱাৰীত কুম্ভমেলা উপলক্ষে এলাহাবাদত (এতিয়াৰ প্রয়াগৰাজ) মৌনী অমাৱস্যা উপলক্ষে স্নান কৰাৰ বাবে বৃহৎসংখ্যক ভক্তৰ ভিৰ হৈছিল। সেইবাৰ ঠেলা-হেঁচাত পদপিষ্ট হৈ বা গংগাত বুৰ গৈ প্রায় ৮০০ লোকৰ মৃত্যু হৈছিল।

১৯৮৬: ১৯৮৬ চনত হৰিদ্বাৰত অনুষ্ঠিত হোৱা কুম্ভমেলাত তেতিয়াৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী বীৰ বাহাদুৰ সিঙে আন কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেইবাগৰাকী সাংসদসহ তাত উপস্থিত হয়। সেই সময়ত ভক্তসকলক নদীৰ পাৰলৈ যোৱাত বাধা আৰোপ কৰা হৈছিল। ইয়াৰ ফলত এটা সময়ত অত্যধিক ভিৰৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ যায় আৰু ঠেলা-হেঁচাৰ সৃষ্টি হয়। এই ঘটনাত প্রায় ২০০জন লোকৰ মৃত্যু হয়।

২০০৩: মহাৰাষ্ট্ৰৰ নাছিকত ২০০৩ চনত হোৱা কুম্ভমেলাত গোদাৱৰী নদীত পৱিত্ৰ স্নানৰ বাবে বৃহৎসংখ্যক ভক্তৰ সমাগম হৈছিল। সেই সময়তে তাত হোৱা ঠেলা-হেঁচাত পদপিষ্ট হৈ কমেও ৩৯জন লোকে প্রাণ হেৰুৱায়।

২০১৩: ২০১৩ চনৰ ১০ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ এলাহাবাদ ৰে'ল ষ্টেছনত কুম্ভমেলা উপলক্ষে হোৱা ভিৰৰ ফলত এখন ফুটব্রীজ ভাগি পৰাত কমেও ৪২জন লোকৰ মৃত্যু হয় আৰু আন ৪৫জন লোক আহত হয়।

২০২৫: ২০২৫ চনৰ ২৮ জানুৱাৰীৰ শেহ নিশা প্রায় ২ বজাত প্রয়াগৰাজত কুম্ভমেলাত হোৱা ঠেলা-হেঁচাত কমেও ৩০জন লোক নিহত হয়। 

(উৎসঃ দৈনিক জনমভূমি)

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ