--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :  ■ ১৯৫৪ : কুম্ভমেলাত ঠেলা-হেঁচাত পদপিষ্ট হৈ মৃত্যু হোৱা আটাইতকৈ ভয়ংকৰ ঘটনাটো ঘটিছিল ১৯৫৪ চনত। সেইবাৰ এই ঘটনাত প্রায় ৮০০ লোকে প্রাণ হেৰুৱাইছিল। ১৯৫৪ চনৰ তিনি ফেব্ৰুৱাৰীত কুম্ভমেলা উপলক্ষে এলাহাবাদত (এতিয়াৰ প্রয়াগৰাজ) মৌনী অমাৱস্যা উপলক্ষে স্নান কৰাৰ বাবে বৃহৎসংখ্যক ভক্তৰ ভিৰ হৈছিল। সেইবাৰ ঠেলা-হেঁচাত পদপিষ্ট হৈ বা গংগাত বুৰ গৈ প্রায় ৮০০ লোকৰ মৃত্যু হৈছিল।

১৯৮৬: ১৯৮৬ চনত হৰিদ্বাৰত অনুষ্ঠিত হোৱা কুম্ভমেলাত তেতিয়াৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী বীৰ বাহাদুৰ সিঙে আন কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেইবাগৰাকী সাংসদসহ তাত উপস্থিত হয়। সেই সময়ত ভক্তসকলক নদীৰ পাৰলৈ যোৱাত বাধা আৰোপ কৰা হৈছিল। ইয়াৰ ফলত এটা সময়ত অত্যধিক ভিৰৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ যায় আৰু ঠেলা-হেঁচাৰ সৃষ্টি হয়। এই ঘটনাত প্রায় ২০০জন লোকৰ মৃত্যু হয়।

২০০৩: মহাৰাষ্ট্ৰৰ নাছিকত ২০০৩ চনত হোৱা কুম্ভমেলাত গোদাৱৰী নদীত পৱিত্ৰ স্নানৰ বাবে বৃহৎসংখ্যক ভক্তৰ সমাগম হৈছিল। সেই সময়তে তাত হোৱা ঠেলা-হেঁচাত পদপিষ্ট হৈ কমেও ৩৯জন লোকে প্রাণ হেৰুৱায়।

২০১৩: ২০১৩ চনৰ ১০ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ এলাহাবাদ ৰে'ল ষ্টেছনত কুম্ভমেলা উপলক্ষে হোৱা ভিৰৰ ফলত এখন ফুটব্রীজ ভাগি পৰাত কমেও ৪২জন লোকৰ মৃত্যু হয় আৰু আন ৪৫জন লোক আহত হয়।

২০২৫: ২০২৫ চনৰ ২৮ জানুৱাৰীৰ শেহ নিশা প্রায় ২ বজাত প্রয়াগৰাজত কুম্ভমেলাত হোৱা ঠেলা-হেঁচাত কমেও ৩০জন লোক নিহত হয়। 

(উৎসঃ দৈনিক জনমভূমি)

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান