--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যান-বাহনৰ নিয়ম ভংগ কৰাসকলৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ প্ৰশাসনৰ৷ এতিয়াৰ পৰা যান-বাহনৰ নিয়ম ভংগ কৰাসকলে চালান পৰিহাৰ কৰাটো কঠিন হ’বলৈ গৈ আছে। যান-বাহনৰ মালিক আৰু চালকৰ সঠিক তথ্য লিপিবদ্ধ কৰা আৰু যান-বাহন নিয়ম উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লক্ষ্যৰে, পথ পৰিবহণ মন্ত্ৰালয়ে বাহন পঞ্জীয়ন প্ৰমাণপত্ৰ আৰু ড্ৰাইভিং লাইচেন্স আধাৰৰ সৈতে সংযোগ কৰাৰ পৰিকল্পনা কৰিছে৷

মটৰ গাড়ী আইনৰ প্ৰস্তাৱিত সংশোধনীৰ অংশ হিচাপে মন্ত্ৰালয়ে এই পৰিৱৰ্তন কৰাৰ কথা চিন্তা কৰিছে। যিহেতু বহু যান-বাহনৰ মালিকে যান-বাহনৰ নিয়ম উলংঘা কৰাৰ পিছত মোবাইল নম্বৰ বা ঠিকনা সলনি কৰি জৰিমনা বিহাত অসুবিধাৰ সৃষ্টি কৰে। এতিয়া নতুন নিয়ম বলবৎ হোৱাৰ পিছত বাহন পঞ্জীয়ন প্ৰমাণপত্ৰ আৰু ড্ৰাইভিং লাইচেন্স আধাৰৰ সৈতে সংযোগ কৰাটো বাধ্যতামূলক হ’ব, যাৰ ফলত চালান আৰু জৰিমনা প্ৰক্ৰিয়াত পূৰ্বৰ বাধা নিৰ্মূল হ’ব।

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি ১২ হাজাৰ কোটিৰো অধিক মূল্যৰ ই-চালান এতিয়ালৈকে অপৰিশোধিত হৈ আছে। বৰ্তমানৰ তথ্যকোষত যান-বাহনৰ মালিকৰ সঠিক ঠিকনা আৰু মোবাইল নম্বৰ আপডেট নকৰাৰ বাবে পৰিবহণ বিভাগে এই ধন সংগ্ৰহ কৰাত অসুবিধাৰ সন্মুখীন হৈছে। এই সমস্যা সমাধানৰ বাবে এতিয়া চৰকাৰে বাহন আৰু অনুজ্ঞাপত্ৰধাৰীৰ তথ্য আধাৰৰ সৈতে সংযোগ কৰাৰ পৰিকল্পনা কৰিছে।

পৰিবহণ বিভাগৰ তথ্যকোষত দশক দশক পুৰণি ড্ৰাইভিং লাইচেন্স আৰু বাহনৰ পঞ্জীয়ন আছে, যাৰ বহুতৰে মোবাইল নম্বৰ, আধাৰ লিংক বা ঠিকনা উপলব্ধ নহয়। এনে পৰিস্থিতিত যান-বাহনৰ মালিকে শীঘ্ৰে তথ্য উপলব্ধ কৰিব লাগিব।

যদি কোনো বাহনৰ মালিকৰ পূৰ্বৰ চালান অপৰিশোধিত হৈ থাকে, তেন্তে আধাৰ লিংক কৰাৰ পিছত এজেন্সীসমূহে সেই ব্যক্তিজনৰসৈতে যোগাযোগ সহজ হৈ পৰিব। সেয়ে যদিহে নিৰ্দিষ্ট সময়ৰ ভিতৰত জৰিমনা আদায় নিদিয়ে তেন্তে সংশ্লিষ্ট ব্যক্তিৰ আৰ চি বা ডি এল বাতিল কৰিব পাৰে।

চৰকাৰৰ এই পদক্ষেপে যান-বাহন নিয়ম কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিব আৰু  অপৰিশোধিত থকা ই-চালান হ্ৰাস হ’ব। বাহনৰ মালিকসকলক কোনো ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবলৈ তেওঁলোকৰ আৰ চি আৰু ডি এল সম্পৰ্কীয় তথ্যসমূহ অতি শীঘ্ৰে আপডেট কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান