--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যান-বাহনৰ নিয়ম ভংগ কৰাসকলৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ প্ৰশাসনৰ৷ এতিয়াৰ পৰা যান-বাহনৰ নিয়ম ভংগ কৰাসকলে চালান পৰিহাৰ কৰাটো কঠিন হ’বলৈ গৈ আছে। যান-বাহনৰ মালিক আৰু চালকৰ সঠিক তথ্য লিপিবদ্ধ কৰা আৰু যান-বাহন নিয়ম উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লক্ষ্যৰে, পথ পৰিবহণ মন্ত্ৰালয়ে বাহন পঞ্জীয়ন প্ৰমাণপত্ৰ আৰু ড্ৰাইভিং লাইচেন্স আধাৰৰ সৈতে সংযোগ কৰাৰ পৰিকল্পনা কৰিছে৷

মটৰ গাড়ী আইনৰ প্ৰস্তাৱিত সংশোধনীৰ অংশ হিচাপে মন্ত্ৰালয়ে এই পৰিৱৰ্তন কৰাৰ কথা চিন্তা কৰিছে। যিহেতু বহু যান-বাহনৰ মালিকে যান-বাহনৰ নিয়ম উলংঘা কৰাৰ পিছত মোবাইল নম্বৰ বা ঠিকনা সলনি কৰি জৰিমনা বিহাত অসুবিধাৰ সৃষ্টি কৰে। এতিয়া নতুন নিয়ম বলবৎ হোৱাৰ পিছত বাহন পঞ্জীয়ন প্ৰমাণপত্ৰ আৰু ড্ৰাইভিং লাইচেন্স আধাৰৰ সৈতে সংযোগ কৰাটো বাধ্যতামূলক হ’ব, যাৰ ফলত চালান আৰু জৰিমনা প্ৰক্ৰিয়াত পূৰ্বৰ বাধা নিৰ্মূল হ’ব।

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি ১২ হাজাৰ কোটিৰো অধিক মূল্যৰ ই-চালান এতিয়ালৈকে অপৰিশোধিত হৈ আছে। বৰ্তমানৰ তথ্যকোষত যান-বাহনৰ মালিকৰ সঠিক ঠিকনা আৰু মোবাইল নম্বৰ আপডেট নকৰাৰ বাবে পৰিবহণ বিভাগে এই ধন সংগ্ৰহ কৰাত অসুবিধাৰ সন্মুখীন হৈছে। এই সমস্যা সমাধানৰ বাবে এতিয়া চৰকাৰে বাহন আৰু অনুজ্ঞাপত্ৰধাৰীৰ তথ্য আধাৰৰ সৈতে সংযোগ কৰাৰ পৰিকল্পনা কৰিছে।

পৰিবহণ বিভাগৰ তথ্যকোষত দশক দশক পুৰণি ড্ৰাইভিং লাইচেন্স আৰু বাহনৰ পঞ্জীয়ন আছে, যাৰ বহুতৰে মোবাইল নম্বৰ, আধাৰ লিংক বা ঠিকনা উপলব্ধ নহয়। এনে পৰিস্থিতিত যান-বাহনৰ মালিকে শীঘ্ৰে তথ্য উপলব্ধ কৰিব লাগিব।

যদি কোনো বাহনৰ মালিকৰ পূৰ্বৰ চালান অপৰিশোধিত হৈ থাকে, তেন্তে আধাৰ লিংক কৰাৰ পিছত এজেন্সীসমূহে সেই ব্যক্তিজনৰসৈতে যোগাযোগ সহজ হৈ পৰিব। সেয়ে যদিহে নিৰ্দিষ্ট সময়ৰ ভিতৰত জৰিমনা আদায় নিদিয়ে তেন্তে সংশ্লিষ্ট ব্যক্তিৰ আৰ চি বা ডি এল বাতিল কৰিব পাৰে।

চৰকাৰৰ এই পদক্ষেপে যান-বাহন নিয়ম কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিব আৰু  অপৰিশোধিত থকা ই-চালান হ্ৰাস হ’ব। বাহনৰ মালিকসকলক কোনো ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবলৈ তেওঁলোকৰ আৰ চি আৰু ডি এল সম্পৰ্কীয় তথ্যসমূহ অতি শীঘ্ৰে আপডেট কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
NHPCয়ে সোৱণশিৰিত, নীপকোৱে ৰঙানদীত এৰিলে পানী
কেৱল সোৱাদতেই নহয়, বহু উপকাৰী গুণেৰেও অতুলনীয় খৰিচা
বৰপেটাৰোডত যান-বাহনৰ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত কলেজীয়া ছাত্ৰৰ তীব্ৰ প্ৰতিবাদ
বিশ্বত পুনৰ শক্তি সংকটৰ আশংকা; ইৰানী সেনাই বন্ধ কৰিলে হৰমুজ প্রণালী
ৰাজ্যত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা ১৫,৪৩,৩৫০জন
‘ডিজিটেল স্ক্ৰীনৰ পৰা আঁতৰি মামাৰ ঘৰলৈ যোৱা...’ গৰমৰ বন্ধত ভাগিনসকললৈ মুখ্যমন্ত্ৰীৰ মুকলি চিঠি
গুৱাহাটী ৰে’লৱে ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; চেন্নাইলৈ যোৱাৰ চেষ্টা ব্যৰ্থ কৰিলে RPFএ
চামগুৰিত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ডুৰাণ্ড কাপৰ ট্ৰফী; ১৬-১৭ জুলাইত গুৱাহাটীত হ’ব প্রদর্শন
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
Advertisement