--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই ঘটনাৰ সৈতে এটা বৃহৎ গৰু চুৰি চক্ৰ জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে ধৃত দুয়োকে জেৰা অব্যাহত ৰাখিছে।

ডিজিটেল ডেস্ক: ধিঙৰ ডুমডুমীয়াত চাঞ্চল্য। চুৰি গৰু বিক্ৰী কৰিবলৈ আহি ৰাইজৰ হাতত আটক দুই কুখ্যাত গৰু চোৰ। ধৃত চোৰ দুটাক চমজাই দিয়ে ডুমডুমীয়া আৰক্ষীক। পবিত্ৰ কোৰবানী ঈদ উপলক্ষে মৈৰাবাৰীৰ বাহাৰুল ইছলামে এটা গৰু ক্ৰয় কৰিছিল বজাৰৰ পৰা।

কিন্তু নিশাৰ ভিতৰতে চোৰে গৰুটো চুৰি কৰি লৈ যায়। ঘটনাৰ পিছতে ভুক্তভোগীয়ে আৰক্ষীক অৱগত কৰিছিল যদিও আৰক্ষীয়ে কোনো সন্ধান উলিয়াব পৰা নাছিল।


অৱশেষত ডুমডুমীয়া বজাৰত চুৰি গৰুটো বিক্ৰী কৰিবলৈ আনোতেই ৰাইজে হাটে-লোটে আটক কৰে দুই কুখ্যাত চোৰক। ধৃত চোৰ দুটাৰ নাম হামিদ আলী আৰু ছাদ্দাম হুছেইন ।


পিছত উত্তেজিত ৰাইজে চোৰ দুটাক ডুমডুমীয়া উপ আৰক্ষী চকীক চমজাই দিয়ে। লগতে চুৰি হোৱা গৰুটোও উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে, এই ঘটনাৰ সৈতে এটা বৃহৎ গৰু চুৰি চক্ৰ জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে ধৃত দুয়োকে জেৰা অব্যাহত ৰাখিছে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান