--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পাগলাম অঞ্চলত ডিব্রু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা যোৱা বন ঘৰচীয়া ঘোঁৰাৰ অপ্রত্যাশিত উপস্থিতিয়ে বন্যপ্রাণী কর্মী, পর্যটক আৰু প্রকৃতিপ্রেমীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে।

ডিজিটেল ডেস্ক : ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অন্যতম আকর্ষণ বন ঘৰচীয়া ঘোঁৰাৰ (Feral Horse) বাবে উদ্যানখন ক্রমাৎ এলাগী হৈ পৰিছে নেকি? উদ্যানখন এই ঘোঁৰাৰ বাবে বাসস্থানৰ উপযোগী হৈ থকা নাই নেকি? এনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। কাৰণ উদ্যানখনৰ পৰা বহু ঘোঁৰা ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ল'ৱাৰ দিবাং ভেলী জিলাৰ পাগলাম নামৰ ঠাইলৈ যোৱাৰ তথ্য পোহৰলৈ আহিছে।


পাগলাম অঞ্চলত ডিব্রু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা যোৱা বন ঘৰচীয়া ঘোঁৰাৰ অপ্রত্যাশিত উপস্থিতিয়ে বন্যপ্রাণী কর্মী, পর্যটক আৰু প্রকৃতিপ্রেমীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। পাগলামৰ স্থানীয় বাসিন্দাসকলৰ মতে, যোৱা কেইবামাহ ধৰি পাগলামৰ পৰিত্যক্ত ভূমি আৰু নদী কাষৰীয়া ঘাঁহনি অঞ্চলত কেইবাটাও দলত বিভক্ত বন ঘৰচীয়া ঘোঁৰাৰ এটা পাল দেখা পাই আহিছে। অঞ্চলটোৰ স্থানীয় বাসিন্দাসকলক ঘোঁৰাবোৰক অসুবিধা নিদিবলৈ তাৰ প্ৰকৃতিপ্রেমীসকলে আহ্বান জনাইছে। 


এই ঘোঁৰাৰ উপস্থিতিয়ে অঞ্চলটোক এক ইক' টুৰিজমৰ স্থলী হিচাপে গঢ়ি তোলাৰ লগতে তেওঁলোকৰ বাবে নতুন জীৱিকাৰ সুযোগো অনাৰ সম্ভাৱনা দেখা গৈছে। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত থকা এই বন ঘৰচীয়া ঘোঁৰাবোৰ বন্যপ্ৰাণীৰ আইনৰ আওতাত নপৰে। যাৰ বাবে আজিলৈকে এই ঘোঁৰাৰ সঠিক জৰীপ হোৱা নাই। বন বিভাগে এনেবোৰ কাৰণতে ঘোঁৰাবোৰক লৈ ইমান চিন্তিত নহয়। উল্লেখযোগ্য যে ২০২৪ চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে নিজাববীয়া গোচৰ লৈ ৰাষ্ট্ৰীয় উদ্যানৰ বন ঘৰচীয়া ঘোঁৰাৰ সংৰক্ষণৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছিল। সেউজ ন্যায়াধিকৰণে উল্লেখ কৰিছিল যে এই ঘোঁৰাই ৰাষ্ট্ৰীয় উদ্যানখনত পৰিৱেশ তন্ত্ৰটোক জীয়াই ৰাখিছে। লগতে বনভূমিত বিচৰণ কৰা সুন্দৰ দৃশ্যৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ পৰ্যটক আহে। ৰাষ্ট্ৰীয় উদ্যানখনত বন ঘৰচীয়া ঘোঁৰাৰ সংখ্যা হ্রাস পোৱাত উদ্বেগ প্রকাশ কৰি সেউজ ন্যায়াধিকৰণে উল্লেখ কৰিছিল যে যিহেতু ৰাষ্ট্ৰীয় উদ্যানখনত থকা ঘোঁৰাৰ নিয়মীয়া জৰীপ নহয়, যাৰ বাবে উদ্যানখনত থকা ঘোঁৰাবোৰৰ সঠিক সংখ্যা পোৱা নাযায়। অৱশ্যে এই জাননীৰ পাছতো ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা লোৱা পৰিলক্ষিত নহ'ল। ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰতিবছৰে হোৱা বানপানীৰ বাবে চাপৰিসমূহৰ ভৌগোলিক আকাৰ, আকৃতি সঘনাই সলনি হৈ থাকে। যাৰ বাবে ঘোঁৰাৰ বসতিস্থলো সলনি হয়। বিভিন্ন প্রকৃতিগত কাৰণত ঘাঁহনিৰ অভাৱো হয়। খাদ্যৰ সন্ধানত ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ঘোঁৰা ওলাই যোৱাৰ তথ্য পূর্বেও পোৱা গৈছে। বানপানীৰ সময়ত বহু ঘোঁৰা উটি যোৱাৰো নজিৰ আছে। তেনে কেতবোৰ কাৰণত চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পাগলামলৈ ঘোঁৰা গৈছে। 


জানিব পৰা মতে, সেই অঞ্চলত বিশাল তৃণভূমি আছে। প্রকৃতি সংৰক্ষণবিদ মৃদুপৱন ফুকনে জানিবলৈ দিয়া মতে, পাগলামলৈ আগতেও ডিব্ৰু-ছৈখোৱাৰ পৰা ঘোঁৰা গৈছিল। তাৰ পৰা আকৌ ঘূৰিও আহিছিল। এতিয়া হয়তো তাতে কিছুমান ঘোঁৰা থাকিবলৈ লৈছে। তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এই ঘোঁৰা চুৰি হোৱাৰ বিষয়েও অভিযোগ পায়। কিন্তু কি কাৰণত চুৰি হৈছে সেয়া জানিব পৰা হোৱা নাই। উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান